Chhath puja 2023: ষঠ পূজা উপলক্ষে যান বাহনৰ চলাচলত মহানগৰ আৰক্ষীৰ বিশেষ নির্দেশনা

মহানগৰীৰ বহুকেইটা পথেৰে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে আৰোপ কৰিছে নিষেধাজ্ঞা । নিষেধাজ্ঞা অনুসৰি ১৯ নৱেম্বৰৰ দিনৰ ১ বজাৰ পৰা ভক্তসকল ওভতি নহা পর্যন্ত আৰু ২০ নৱেম্বৰত ভক্তসকল ওভতি নহা পর্যন্ত যান-বাহন চলাচলৰ ক্ষেত্ৰত এই সাল-সলনি বাহাল থাকিব ।

Chhath puja 2023: ষঠ পূজা উপলক্ষে যান বাহনৰ চলাচলত মহানগৰ আৰক্ষীৰ বিশেষ নির্দেশনা
Chhath puja 2023: ষঠ পূজা উপলক্ষে যান বাহনৰ চলাচলত মহানগৰ আৰক্ষীৰ বিশেষ নির্দেশনা

গুৱাহাটী, ১৮ নৱেম্বৰ: ষঠ পূজা(Chhath puja 2023) উপলক্ষে অহা ১৯ নৱেম্বৰ আৰু ২০ নৱেম্বৰৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ যাতায়তৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে এক বিশেষ পথ নির্দেশনা জাৰি কৰিছে (Guwahati city police) । নিৰ্দেশনাটোত মহানগৰীৰ বহুকেইটা পথেৰে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত আৰোপ কৰিছে নিষেধাজ্ঞা । নিষেধাজ্ঞা অনুসৰি ১৯ নৱেম্বৰৰ দিনৰ ১ বজাৰ পৰা ভক্তসকল ওভতি নহা পর্যন্ত আৰু ২০ নৱেম্বৰত ভক্তসকল ওভতি নহা পর্যন্ত যান-বাহন চলাচলৰ ক্ষেত্ৰত এই সাল-সলনি বাহাল থাকিব ।

মহানগৰ আৰক্ষীৰ নিৰ্দেশনা অনুসৰি এই সময়চোৱাত এম জি ৰোডৰ এপ’ল’ পইণ্টৰ পৰা কটন কলেজিয়েট স্কুলৰ পইণ্টলৈ কেৱল ভক্ত কঢ়িওৱা বাহনসমূহহে চলাচল কৰিব পাৰিব । ভৰলুমুখৰ দিশৰ পৰা পাণবজাৰ আৰু চান্দমাৰীলৈ অহা সকলো যানবাহন এপ’ল’ পইণ্টেৰে এইচ বি ৰোড, টি আৰ পি ৰোড অথবা এটি ৰোড হৈ চলাচল কৰিব পাৰিব । তাৰোপৰি এন. বি. হল পইণ্টৰ পৰা বাওঁদিশে ঘূৰি এফ চি ৰোড, তৈয়াবুল্লা ৰোড আৰু জি. এন. বি. ৰোড হৈ বাহনসমূহ চলাচল কৰিব পাৰিব ।

চান্দমাৰীৰ দিশৰ পৰা পাণবজাৰ, ভৰলুমুখ আৰু জালুকবাৰীলৈ যাব লগা বাহনসমূহ টি. চি. পইণ্টৰ পৰা জিলা পুথিভঁৰাল আৰু আৰ. বি. আই. পইণ্ট, অ’ৱেছিছ পইন্টেৰে গৈ পাণবজাৰ উৰণ সেতুৰ উত্তৰ দিশে ঘূৰি পাণবজাৰ উৰণ সেতুৰ দক্ষিণ দিশ হৈ এ. টি. ৰোড-আঠগাঁও উৰণ সেতু হৈ ভৰলুমুখ অথবা জালুকবাৰীলৈ চলাচল কৰিব পাৰিব ।

আনহাতে জি. এন. বি. ৰোডেৰে টি. চি. পইণ্ট হৈ পাণবজাৰ, ফাঁচীবজাৰৰ অভিমুখে যোৱা লঘু বাহনসমূহক জিলা পুথিভঁৰাল, কে. এন. বি. ৰোড আৰু এইচ. বি. ৰোডত যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ দ্বাৰা নিয়ন্ত্রণ কৰা হ’ব। উজান বজাৰ আৰু লতাশিল দিশৰ পৰা ভৰলুমুখ অভিমুখে যোৱা সকলো লঘু বাহন বি. চি. ৰোড, তৈয়াবুল্লা ৰোড আৰু জি. এন. বি. ৰোড হৈ চলাচল কৰিব পাৰিব ।

খানাপাৰাৰ পৰা ভৰলুমুখ, জালুকবাৰী অভিমুখীচিটি বাছসমূহে এ. টি. ৰোড হৈ চলাচল কৰিব পাৰিব । আন্তঃৰাজ্যিক বাছ আৰু এ. এছ. টি. চি.ৰ অধীনত চলা গ্রাম্য বাছসমূহৰ লগতে জালুকবাৰী দিশৰ পৰা অহা কোনো গধুৰ বাহন এই সময়চোৱাত মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব । এই সকলো যান বাহন জালুকবাৰীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈহে চলাচল কৰিব পাৰিব । এই পথেৰে কেৱল ভক্ত কঢ়িওৱা বাহন আৰু চিটি বাছসমূহহে প্রবেশ কৰিব পাৰিব ।

ইফালে জালুকবাৰী, লখৰা, গড়চুক আৰু ছয়মাইলৰ দিশৰ পৰা অহা ট্রাকসমূহে ১৯ নৱেম্বৰ আৰু ২০ নৱেম্বৰৰ মাজৰ এই সময়চোৱাত চলাচল কৰিব নোৱাৰিব । পূজাৰ সময়চোৱাত এইচ. বি. ৰোডৰ শনি মন্দিৰৰ পৰা পাণবজাৰ পুলিচ পইণ্টলৈকে দুয়োটা দিশৰ পৰা বাহনসমূহ চলাচল কৰিব পাৰিব ।

ভৰলুমুখৰ দিশৰ পৰা ভক্ত কঢ়িয়াই অন্য বাহনসমূহ এম. জি. ৰোডৰ এপ’ল’ পইণ্টৰ পৰা এফ. এ. ৰোড, এম. জি. ৰোড ক্ৰছিং, টি. আৰ. পি. ৰোড, লক্ষী গলি, চেম্বাৰ্ছ ৰোড, এম. এছ. ৰোড আৰু এছ. আৰ. চি. বি. ৰোডত ৰখাব পাৰিব । তাৰোপৰি সোণাৰাম খেলপথাৰতো ঘাটলৈ অহা বাহনসমূহ ৰখাব পাৰিব ।

তাৰোপৰি এ.টি. ৰোডৰ ভৰলুমুখৰ পৰা পাণবজাৰ উৰণ সেতুৰ দক্ষিণ দিশৰ এই পথচোৱা ১৯ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা ন’ পার্কিং জন হিচাপে ৰখা হ’ব । তাৰোপৰি এম. এল. এন. ৰোড, এ. আৰ. বি. ৰোড, এছ. এছ. ৰোড, এছ. আৰ. চি. বি. ৰোড, এইচ. বি. ৰোড, টি. আৰ. পি. ৰোডত কোনো যান-বাহন পার্কিং কৰিব নোৱাৰিব । তাৰোপৰি টি. আৰ. পি. ৰোড, লক্ষী গলি, চেম্বাৰ্ছ ৰোড, এছ. আৰ. বি. ৰোড, কেদাৰ ৰোড, এম. এছ. ৰোডত ১৯ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা ট্ৰাকৰ পার্কিং নিষিদ্ধ কৰাৰ কথা নিষেধাজ্ঞাটোত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: How can I benefit from wearing gemstones ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ  X(Twitter)FacebookYouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)