World Cup Final: ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল অষ্ট্ৰেলিয়া, ৬ উইকেটত পৰাস্ত কৰিলে ভাৰতক

আহমেদাবাদত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ অন্তিমখন খেলত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে ট্ৰফী দখলেৰে কৰিলে অভিলেখ(World Cup Final)। এই পৰাজয়ৰ লগে লগে টিম ইণ্ডিয়া আৰু দেশৰ ১৪০ কোটি জনতাই ১২ বছৰৰ অন্তত দেখা বিশ্ব চেম্পিয়নৰ সপোন পুনৰ এবাৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল ।

Australia Won the World Cup for 6th time in Cricket World Cup Final
World Cup Final: ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ'ল অষ্ট্ৰেলিয়া, ৬ উইকেটত পৰাস্ত কৰিলে ভাৰতক

আহমেদাবাদ, ১৯ অক্টোবৰ: নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়লাভ কৰে(World Cup Final)। প্ৰথমৰ পৰাই দেখিবলৈ পোৱা এই ৰোমাঞ্চকৰ খেলখনত অষ্ট্ৰেলিয়াই ৪৩ অভাৰত ৪টা উইকেট হেৰুৱাই ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ২৪১ ৰানৰ লক্ষ্য সহজেই অৰ্জন কৰিবলৈ সক্ষম হয়(Australia Won the World Cup)।

এনেধৰণেই অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখলেৰে গঢ়িলে অভিলেখ। একে সময়তে টিম ইণ্ডিয়াৰ লগতে দেশৰ ১৪০ কোটি জনতাই দেখা বিশ্ব চেম্পিয়নৰ ট্ৰফী জয়ৰ সপোন পুনৰ এবাৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল।

এইবাৰৰ বিশ্বকাপত টিম ইণ্ডিয়াই দহখন খেলৰ আটাইকেইখন খেলতে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। আনকি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা একমাত্ৰ লীগ মেচখনতো টিম ইণ্ডিয়াই ৬ উইকেটত জয় লাভ কৰিছিল। ভাৰতীয় দলৰ অনুৰাগীসকলো নিসন্দেহে আশাবাদী আছিল যে এইবাৰ দেশবাসী নিৰাশ নহ’ব আৰু ভাৰতে তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিব পাৰিব । কিন্তু, চূড়ান্ত মেচখনত কেংগাৰু বাহিনীয়ে সকলো দিশতে টিম ইণ্ডিয়াতকৈ উন্নত প্ৰদৰ্শনেৰে ভাৰতবাসীৰ সপোনকে থানবান কৰি পেলালে ।

এই খেলখনৰ জড়িয়তে অষ্ট্ৰেলিয়াৰ দলটোৱে টিম ইণ্ডিয়াকৈ অধিক শ্ৰেষ্ঠতাৰ প্ৰমাণ পুনৰ এবাৰ প্ৰতিফলিত কৰিলে। প্ৰথমে বলাৰ আৰু ফিল্ডাৰসকলে সুন্দৰ প্ৰদৰ্শনেৰে শক্তিশালী বেটিং লাইন-আপেৰে টিম ইণ্ডিয়াক ২৪০ ৰানৰ স্ক’ৰতে ধৰি ৰাখিবলৈ সক্ষম হয়। তাৰ পাছত ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুচেনে ১৯২ ৰানৰ অংশীদাৰিত্বৰে ভাৰতৰ মুঠিৰ পৰা মেচখন নিজৰ দখললৈ কাঢ়ি লৈ ​​যায়।

লগতে পঢ়ক: Chhath puja 2023: ষঠ পূজা উপলক্ষে যান বাহনৰ চলাচলত মহানগৰ আৰক্ষীৰ বিশেষ নির্দেশনা