World Cup Cricket 2023: বিশ্বকাপৰ ফাইনেলত ভাৰতৰ শোচনীয় পৰাজয়, ছ’চিয়েল মিডিয়াত অনুৰাগীৰ ক্ষোভ প্ৰকাশ

আই চি চিৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত ভাৰতীয় দলটোয়ে অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয় (World Cup Cricket 2023)। এই পৰাজয়ৰ লগে লগে ভাৰতৰ তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ সপোন চাৰখাৰ হৈ পৰিল। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত বিজয়ী হৈ অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় (World Cup final)।

World Cup Cricket 2023 Cricket lovers heart broken due to Indias crushing defeat in the World Cup final
World Cup Cricket 2023: বিশ্বকাপৰ ফাইনেলত ভাৰতৰ শোচনীয় পৰাজয়, ছ’চিয়েল মিডিয়াত অনুৰাগীৰ ক্ষোভ প্ৰকাশ

নিউজ ডেস্ক, ২০ নৱেম্বৰ: ভাৰতক ৬ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই আই চি চিৰ বিশ্বকাপ ২০২৩ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় (World Cup Cricket 2023)। অষ্ট্ৰেলিয়াৰ ইনিংছৰ ৪৩ অভাৰৰ অন্তিম বলটোত গ্লেন মেক্সৱেলে বিজয়ী শ্বটটো মাৰি ষষ্ঠবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল নিশ্চিত কৰিলে। ইফালে লগে লগে থানবান হৈ পৰিল ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে দেখা বিশ্ব চেম্পিয়ন হোৱাৰ সপোন । ভাৰতৰ এই শোচনীয় পৰাজয়ৰ পিছত ছচিয়েল মিডিয়াত ক্ৰিকেট অনুৰাগীসকলে অদ্ভুত ধৰণে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে(World Cup final) । এই লৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন মিম।

ছ’চিয়েল মিডিয়াত অনুৰাগীৰ প্ৰতিক্ৰিয়া

এই চূড়ান্ত খেলখন উপভোগৰ বাবে ভাৰতীয় অনুৰাগীসকল বহু আশাৰে ষ্টেডিয়ামলৈ আহিছিল। ভাৰতীয় দলটোৱে তৃতীয়বাৰৰ বিশ্বকাপৰ খিতাপ দখল কৰিব বুলি তেওঁলোকে আশা কৰিছিল। কিন্তু সেয়া হৈ নুঠিল। খেলখন শেষ হোৱাৰ পূৰ্বেই বহুতে ষ্টেডিয়াম এৰিবলৈ বাধ্য হ’ল। ইয়াৰ বিভিন্ন ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত সুলভ হৈ পৰিছে।

ভাৰতৰ পৰাজয়ৰ পাছতে ছচিয়েল মিডিয়াত ইউজাৰসকলে বিভিন্ন ধৰণে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে । একাংশই সকলো শেষ হোৱা বুলি উল্লেখ কৰি কান্দি থকাৰ ইমোজিকে ধৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ভিডিঅ’ শ্বেয়াৰ কৰি একাংশ ইউজাৰে লিখিছে, যদি ভাৰতে দহখন মেচত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে বুলি আপুনি গম পাইছে, তেন্তে আপুনি কান্দিব লাগিব।

কোনো এজন ইউজাৰে আকৌ ধোনীক মনত পেলাই লিখিছে, “এতিয়া সকলো শেষ হোৱা যেন লাগিছে। আমি থালা ধোনীক মিছ কৰিছো”।

ভাৰতৰ পৰাজয়ক লৈ পাকিস্তানী ইউজাৰেও বিভিন্ন ধৰণৰ পোষ্ট কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে ভাৰতীয় দল আৰু ইউজাৰসকলক ঠাট্টাৰ হাঁহিৰে ইমোজি লগোৱা দেখিবলৈ পোৱা গৈছে।

এই সময়ছোৱাত বহু ইউজাৰে ৰোহিতৰ ভেকচনত ভিডিঅ’ পোষ্ট কৰি উল্লেখ কৰিছে, অপেক্ষা এতিয়াও বাকী আছে।

এজন ইউজাৰে বাধ্যতামূলক পোষ্ট বুলি উল্লেখ কৰি এখন ছবি শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে । ছবিখনত ভাৰতক এটা পৰাজিত ঘোঁৰা হিচাপে দেখুওৱাৰ লগতে তাত এটা পাকিস্তানী লেঙেৰা ঘোঁৰাই হাঁহি থকা দেখা গৈছে।

এজন ইউজাৰে লিখা অনুসৰি, গোটেই খেলখনত ভাৰতৰ অনুৰাগীসকল নীৰৱ হৈ আছিল। তেওঁ নৱাজুদ্দিন চিদ্দিকীৰ এখন ফটোও শ্বেয়াৰ কৰিছে।

আন এজন ইউজাৰে এতিয়া পৰাজয়ৰ অভ্যাস হৈ পৰিছে বুলি উল্লেখ কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

যি সময়ত অনুৰাগীৰ এটা পক্ষই টিম ইণ্ডিয়াৰ এই পৰাজয়ৰ বাবে দলটোক দোষাৰোপ কৰি ছ’চিয়েল মিডিয়াত মিম আৰু অদ্ভুত ভিডিঅ’ৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে, আনফালে আকৌ বহু অনুৰাগীয়ে বিশ্বকাপত টিম ইণ্ডিয়াই সুন্দৰ প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰিছে। এওলোকে উল্লেখ কৰিছে যে জয়-পৰাজয় থাকিবই, কিন্তু দলটোৱে যি ধৰণে খেলিছিল সেয়া আমাৰ বাবে সদায় একেই থাকিব।

টীম ইণ্ডিয়াৰ সমৰ্থনত নামিল একাংশ অনুৰাগী

এগৰাকী মহিলা অনুৰাগীয়ে কয়, প্ৰত্যেকটো দিন সকলোৰে বাবে একে নহ’বও পাৰে। আজি আমাৰ দিন নাছিল যদিও টিম ইণ্ডিয়াই ভালেই খেলিছিল আৰু আমি দলটোক সদায় সমৰ্থন কৰি যাম।

এজন অনুৰাগীয়ে কয়, ভাৰতৰ প্ৰদৰ্শন এ গ্ৰেডৰ আছিল যদিও অষ্ট্ৰেলিয়াৰ দলটোৱেও ভাল খেলিছিল, সেয়েহে তেওঁলোক বিজয়ী হ’ল। কিন্তু মই ভাৰতে জিকা যোৱা ১০ খন খেলৰ বিষয়ে ভাবিম। ৰোহিত শৰ্মাৰ সেমেকা চকু দেখি আমাৰ চকুও সেমেকা হৈ পৰিছিল।

চুড়ান্ত খেলখনৰ ফলাফল আছিল এই ধৰণৰ

এই খেলখনত ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ১০টা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ বিৰাট কোহলীয়ে ৪৫ ৰান, কে এল ৰাহুলে ৬৬ ৰান আৰু ৰোহিত শৰ্মাই ৪৭ ৰান সংগ্ৰহ কৰিছিল। খেলখনত মিচেল ষ্টাৰ্কে অষ্ট্ৰেলিয়াৰ হৈ ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ দলটোৱে ৪৩ অভাৰত ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলটোৰ ট্ৰেভিছ হেডে ১৩৭ ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলা পৰিলক্ষিত হয় । এনেধৰণে খেলখনত ভাৰতৰ যশপ্ৰীত বুমৰাহে ২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: World Cup Final: ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল অষ্ট্ৰেলিয়া, ৬ উইকেটত পৰাস্ত কৰিলে ভাৰতক

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ  X(Twitter)FacebookYouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)