Mitchell Marsh rests his legs on World Cup trophy: বিজয়ৰ মাদকতাত ট্ৰফীৰ ওপৰতে ভৰি ৰাখিলে মিচেল মাৰ্ছে !

অষ্ট্ৰেলিয়াই পুনৰ এবাৰ আইচিচি বিশ্বকাপ ২০২৩ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'ল। ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ বেটছমেন মিচেল মাৰ্ছক সকলোৱে ট্ৰ'ল কৰা দেখা গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ছবিত তেওঁক বিশ্বকাপৰ ট্ৰফীটোত ভৰি ৰাখি বহি থকা দেখা গৈছে (Mitchell Marsh rests his legs on World Cup trophy) ।

Australias Mitchell Marsh rests his legs on World Cup trophy Photo Goes Viral
Mitchell Marsh rests his legs on World Cup trophy: বিজয়ৰ মাদকতাত ট্ৰফীৰ ওপৰতে ভৰি ৰাখিলে মিচেল মাৰ্ছে !

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ: আই চি চি বিশ্বকাপ ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত পৰাস্ত হয় ভাৰতীয় দল। এই জয়ৰ পিছত অষ্ট্ৰেলিয়াৰ বেটছমেন মিচেল মাৰ্ছৰ এখন ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে (Mitchell Marsh rests his legs on World Cup trophy)। ভাইৰেল হোৱা ছবিখনত তেওঁ এনে এক গৰ্হিত কাম কৰা দেখা গৈছে, যিটো প্ৰত্যক্ষ কৰি ক্ৰিকেটৰ অনুৰাগীসকল ক্ষুব্ধ পৰাৰ লগতে তেওঁক তীব্ৰভাৱে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে। জানো আহক, মাৰ্ছক ট্ৰল কৰাৰ প্ৰকৃত কাৰণ ।

বিশ্বকাপৰ ট্ৰফীক মাৰ্ছে কৰিলে অপমান

সকলোকে জনাও যে, আই চি চি বিশ্বকাপ ২০২৩ৰ ফাইনেল বিজয়ৰ অন্তত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে বিজয় উদযাপন কৰিছিল(Cricket World Cup 2023)। সেই সময়তে ড্ৰেছিং ৰুমত বিশ্বকাপৰ ট্ৰফীটো ৰখা অৱস্থাত দলটোৰ তাৰকা বেটছমেন মিচেল মাৰ্ছে ট্ৰফীটোৰ ওপৰত ভৰি থৈ বহি থকা অতিকে নিন্দনীয় এক দৃশ্য দেখিবলৈ পোৱা গৈছে । এই সময়চোৱাত শৰীৰৰ ভাষাৰ পৰা তেওঁৰ অহংকাৰ স্পষ্টকৈ ওলাই পৰিছে য’ত তেওঁ হাতেৰে মুঠি মাৰি জয়ৰ ইংগিত দি থকা দেখা যায়।

ভাইৰেল হোৱা ছবিখনত মাৰ্ছক নিচাসক্ত অৱস্থাত থকা যেন অনুমান হয়। বিজয়ৰ মাদকতাত তেওঁ এইখিনিও পাহৰি গ’ল যে সকলো ক্ৰিকেটপ্ৰেমীৰে আবেগ এই বিশ্বকাপৰ ট্ৰফীটো আৰু সকলোৱে ইয়াক সন্মান কৰা উচিত। এই সময়চোৱাত কিন্তু সেই স্থানত তেওঁৰ কাষত বঢ়ি থকা অষ্ট্ৰেলিয়ান দলটোৰ ষ্টাফৰ লোকৰ লগতে বাকী খেলুৱৈসকলৰ কোনেও এই কামত বাধা নিদিলে। এই চূড়ান্ত খেলখনত টিম ইণ্ডিয়াই ২৪০ ৰান সংগ্ৰহ কৰিছিল আৰু ৪৩ অভাৰত অষ্ট্ৰেলিয়াই এই লক্ষ্যত উপনীত হৈ বিজয় সাব্যস্ত কৰিছিল (Cricket world cup final)।

এই কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে উজাৰিছে ক্ষোভ

ছ’চিয়েল মিডিয়াত অধিকাংশ ইউজাৰে মিচেল মাৰ্ছক গৰিহনা দি হেজটেগ ব্যহাৰ কৰি লিখিছে #MitchellMarsh #ShameOnYou । বিশ্বকাপৰ ট্ৰফীটোৰ ওপৰত মাৰ্ছৰ এই অপমান কোনো অনুৰাগীয়েই সহ্য কৰিব পৰা নাই। এইসকলে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

বহু ইউজাৰে এক্স-ত নিজৰ ক্ষোভ প্ৰকাশ কৰি “অন্ততঃ বিশ্বকাপৰ ট্ৰফীটোক সন্মান কৰক” বুলি লিখাও দেখা গৈছে।

আনকি এক্সৰ এজন ইউজাৰে মাৰ্ছক এটা গুণ্ডা বুলিও অভিহিত কৰিছে।

এজন ইউজাৰে এক্সত লিখিছে, এইজন হৈছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মিচ মাৰ্ছ আৰু এই ছবিখন দলটোৰ অধিনায়ক পেট কামিন্সে শ্বেয়াৰ কৰিছে । আৰু এটা কথা, লাইচেন্স লৈ গুজৰাটৰ হোটেলত পৰ্যটকক বিয়েৰ পৰিবেশন কৰিব পাৰি।

লগতে পঢ়ক: World Cup Cricket 2023: বিশ্বকাপৰ ফাইনেলত ভাৰতৰ শোচনীয় পৰাজয়, ছ’চিয়েল মিডিয়াত অনুৰাগীৰ ক্ষোভ প্ৰকাশ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ  X(Twitter)FacebookYouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)