Uttarkashi Tunnel Collapse Updates: সুৰংগত আবদ্ধ শ্ৰমিকৰ সৈতে হ’ল বাৰ্তালাপ, উদ্ধাৰৰ বাবে সাজু হৈছে দল

উত্তৰ কাশীৰ ছিল্ক্যাৰা সুৰংগ(Silkyara Tunnel)ত আবদ্ধ শ্ৰমিককেইজনক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে দিনে নিশাই প্ৰস্তুতি চলাই গৈছে(Uttarkashi Tunnel Collapse)। উদ্ধাৰকাৰী দলটোৱে ইতিমধ্যে ৱাকি-টকিৰ জৰিয়তে সুৰংগটোত আবদ্ধ শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰিছে(People trapped in tunnel) । আবদ্ধসকলক অতি শীঘ্ৰেই ওলিয়াই আনিবলৈ সক্ষম হ'ব বুলি উদ্ধাৰকাৰী দলে আশা ব্যক্ত কৰিছে ।

Uttarkashi Tunnel Collapse Updates Talks with workers stranded in tunnels teams are ready to rescue
Uttarkashi Tunnel Collapse Updates : সুৰংগত আবদ্ধ শ্ৰমিকৰ সৈতে হ'ল বাৰ্তালাপ, উদ্ধাৰৰ বাবে সাজু হৈছে দল

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ: উত্তৰ কাশীৰ ছিল্ক্যাৰা সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলৰ কাম অবিৰতভাৱে চলি আছে(Uttarkashi Tunnel Collapse Updates)। সুৰংগটোৰ ভিতৰত শ্ৰমিকসকল আবদ্ধ হৈ থকা আজি ১০ দিন সম্পূৰ্ণ হ’ল(Uttarkashi Tunnel accident 10th day) । তেওঁলোকক উদ্ধাৰৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। শ্ৰমিককেইজনক উলিয়াই আনিবলৈ সুৰংগটোৰ ওপৰৰ পাহাৰৰ অংশত ড্ৰিলিং কৰিবৰ বাবে ইতিমধ্যেই ড্ৰিলিং মেচিন ছিল্ক্যাৰাত উপস্থিত হৈছেগৈ। একে সময়তে তেওঁলোকক উদ্ধাৰৰ বাবে ভাৰ্টিকেল ড্ৰিলিং মেচিনেৰে সুৰংগটোত খনন অব্যাহত আছে( Drilling with vertical drilling machine)।

আপোনালোকক জনাও যে, ছিল্কাৰাৰ এই সুৰংগটোত যোৱা ১০ দিন ধৰি ৪১ জন শ্ৰমিক আবদ্ধ হৈ আছে। তেওঁলোকক বাহিৰলৈ ওলিয়াই আনিবৰ বাবে অতি তৎপৰতাৰে কাম চলাই গৈছে উদ্ধাৰকাৰী দলে। ইতিমধ্যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে উদ্ধাৰকাৰী দলে ৱাকি-টকিৰ জৰিয়তে যোগাযোগ কৰিবলৈ সক্ষম হৈছে । যদিও এই পৰ্যন্ত তেওঁলোকক বাহিৰলৈ ওলিয়াই অনাৰ ক্ষেত্ৰত সাহায্য আৰু উদ্ধাৰকাৰী দলটোৱে কোনো সফলতা লাভ কৰিব পৰা নাই (Uttarkashi Silkyara Tunnel Collapse) ।

ইফালে বৰ্তমানেও সুৰংগটোত ড্ৰিলিঙৰ কাম চলি আছে। উদ্ধাকাৰী দলে ঠিক সুৰংগটোৰ ওপৰৰ পাহাৰৰ অংশত অস্থায়ীভাৱে এটা পথো নিৰ্মাণ কৰি ওলিয়াইছে। তাৰোপৰি ড্ৰিলিং কৰি প্ৰায় ১২০০ মিটাৰ দৈৰ্ঘৰ আন এটা অস্থায়ী পথ নিৰ্মাণৰ কাম কৰি থকা বুলিও জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰৰ সন্ধিয়ালৈকে পথচোৱাৰ ৯০০ মিটাৰ নিৰ্মাণ কৰা হৈছিল। ইতিমধ্যে আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সেই স্থানলৈ এটা ভাৰ্টিকেল ড্ৰিলিং মেচিন নি স্থাপন কৰা বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাস্থলীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকি উদ্ধাৰ প্ৰক্ৰিয়াক নিৰিক্ষণ কৰি গৈছে । একে সময়তে সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালৰ লোকো অতিশয় চিন্তিত হৈ আছে। কালি ইণ্টাৰনেশ্যনেল টানেলিং আণ্ডাৰগ্ৰাউণ্ড স্পেচৰ অধ্যক্ষ(President of International Tunneling Underground Space) আৰ্নল্ড ডিক্সেও ছিল্কাৰাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই সময়ছোৱাত তেওঁৰ নিজৰ দলটোৰ সৈতে সমগ্ৰ উদ্ধাৰ কাৰ্যৰ অধ্যয়ন কৰে। তেওঁ কলে, সকলোৱে মিলি একেলগে উদ্ধাৰ কাৰ্যৰ কাম চলাই আছে আৰু অতিশীঘ্ৰেই উদ্ধাৰকাৰী দলে শ্রমিকসকলক উলিয়াই আনিবলৈ সক্ষম হ’ব ।

উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ উদ্ধাৰৰ বাবে চলাই থকা অভিযানে আজি দশম দিনত ভৰি দিলে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী(CM Pushkar Singh Dhami)য়ে নিজেই এই উদ্ধাৰ কাৰ্যৰ তদাৰক কৰি গৈছে। তাৰোপৰি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও(Prime Minister Narendra Modi) উদ্ধাৰ কাৰ্যৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰে বাৰ্তালাপ কৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপ-সচিব মংগেশ ঘিলদিয়ালেও ছিল্ক্যাৰাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লয়।

লগতে পঢ়ক: Uttarakhand tunnel collapse: সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ডাঙৰ আকাৰৰ পাইপ, ড্ৰিলিং মেচিন ব্যৱহাৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)