Israel-Hamas War: যুদ্ধবিৰতিৰ পিছতো হামাছৰ বিৰুদ্ধে যুঁজ বন্ধ নাৰাখে ইজৰাইলে: নেতান্যাহু

এমাহৰো অধিক সময় ধৰি অব্যাহত আছে ইজৰাইল আৰু হামাছ সন্ত্ৰাসবাদীৰ মাজৰ যুদ্ধখন(Israel-Hamas War) । ইয়াৰ মাজতে হামাছৰ ফালৰ পৰা অতি শীঘ্ৰেই যুদ্ধ বিৰতি চুক্তি সম্পন্ন হ'ব বুলি দাবী কৰিছে যদিও ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এটা বৃহৎ মন্তব্য প্ৰকাশ কৰাহে পৰিলক্ষিত হ'ল(Israeli PM Netanyahu)।

Israel-Hamas War Israeli PM Netanyahu says war against Hamas will not stop after ceasefire
Israel-Hamas War: যুদ্ধবিৰতিৰ পিছতো হামাছৰ বিৰুদ্ধে যুঁজ বন্ধ নাৰাখে ইজৰাইলে: নেতান্যাহু

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ: ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা পেলেষ্টাইনীসকলৰ মুক্তিৰ বিনিময়ত হামাছৰ লগত বন্দী হৈ থকা কেইবা ডজন পণবন্দীক মুকলি কৰি দিয়াৰ চৰ্তৰে ইজৰাইল আৰু হামাছে গাজা ষ্ট্ৰিপত ছয় সপ্তাহৰ বিধ্বংসী যুদ্ধখন সাময়িকভাৱে স্থগিত ৰাখিব বুলি অনুমান কৰা হৈছে(Israel-Hamas War)। যদিও ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে(Israeli PM Netanyahu) তেওঁৰ মন্ত্ৰীগোটক এই লৈ ভোটদানৰ বাবে আহ্বান জনোৱাৰ লগতে যুদ্ধবিৰতি অন্ত পৰাৰ লগে লগে হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ পুনৰ আৰম্ভ কৰা হ’ব বুলি শপত লয়।

তেওঁ ক’লে, “আমি যুদ্ধতে আছো আৰু এই যুদ্ধ আমি অব্যাহত ৰাখিম। আমাৰ লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত আমি ইয়াক অব্যাহত ৰাখিম।” হামাছে বন্দী কৰি ৰখা ২৪০ জন পণবন্দীৰ ভিতৰত প্ৰায় ৫০ জনক মুকলি কৰি দিয়াৰ বিনিময়ত ইজৰাইলৰ গাজা আক্ৰমণ কিছুদিন বন্ধ ৰখাৰ পৰিকল্পনাৰ ওপৰত ইজৰাইলৰ মন্ত্ৰীগোটে ভোটদান কৰিব বুলি আশা কৰা হৈছিল। কিন্তু ইজৰাইলে হামাছৰ সামৰিক ক্ষমতা ধ্বংস নোহোৱালৈকে আৰু সকলো পণবন্দী ঘূৰি নহা পৰ্যন্ত যুদ্ধ অব্যাহত ৰখাৰ শপত লয়(Not stop-Israel Hamas war)।

হামাছে উল্লেখ কৰা অনুসৰি আগন্তুক কিছু সময়ৰ ভিতৰত কাটাৰৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ চুক্তি সম্পন্ন হ’ব । ইফালে বেঞ্জামিন নেতান্যাহুৱে তেওঁৰ কেবিনেটে এক কঠিন সিদ্ধান্তৰ সন্মুখীন হোৱা বুলি কৈ যুদ্ধবিৰতিৰ সমৰ্থন কৰাটো এটা সঠিক কাম বুলি উল্লেখ কৰে । মন্ত্ৰীগোটৰ এই বৈঠকত একাংশ মন্ত্ৰীৰ বিৰোধিতাৰ সত্ত্বেও নেতান্যাহুৰ হাতত এই প্ৰস্তাৱ গৃহীত কৰিবলৈ পৰ্যাপ্ত সমৰ্থন আছে বুলি জানিব পৰা গৈছে।

নেতান্যাহুৱে কয় যে চুক্তিৰ সময়চোৱাত চোৰাংচোৱাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু এই সময়চোৱাত সেনাই পৰৱৰ্তী পৰ্যায়ৰ যুদ্ধৰ বাবে প্ৰস্তুতি চলাবৰ বাবে সুবিধা হ’ব । উল্লেখ্য যে, উত্তৰ গাজাৰ এটা নগৰীয়া শৰণাৰ্থী শিবিৰকে ধৰি ৰোগী আৰু বিভিন্ন লোকে আশ্ৰয় গ্ৰহণ কৰি থকা এখন চিকিৎসালয়ৰ সমীপত ইজৰাইলৰ সৈন্যই পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ সৈতে যুঁদ্ধত লিপ্ত থকাৰ সময়তে এই ঘোষণা কৰা হৈছিল। অৱশ্যে প্ৰত্যাশিত যুদ্ধবিৰতি চুক্তিৰ সবিশেষ এতিয়াও প্ৰকাশ হোৱা নাই।

ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই চুক্তিত ৫ দিনৰ বাবে গাজাত ইজৰাইলৰ আক্ৰমণ বন্ধ ৰখা হ’ব আৰু ইজৰাইলৰ হাতত থকা প্ৰায় ১৫০ জন পেলেষ্টাইনী বন্দীৰ বিনিময়ত হামাছৰ হাতত থকা ৫০ জন পণবন্দীক মুকলি কৰি দিয়া হ’ব।

ইজৰাইলৰ চেনেল টুৱেলভ টিভিয়ে জনোৱা মতে, পনবন্দী মুকলিৰ প্ৰথমটো প্ৰক্ৰিয়া বৃহস্পতি অথবা শুকুৰবাৰে হ’ব আৰু ই কেইবাদিন ধৰি চলিব। এই চুক্তিক লৈ আলোচনা চলিছে যদিও মাজতে বাৰে বাৰে এই বাৰ্তালাপ বন্ধ হৈছে। কিন্তু এটা কথা ঠিক যে, দুয়োপক্ষই চুক্তিত উপনীত হ’লেও ইয়াৰ অৰ্থ এইটো নহয় যে এই যুদ্ধৰ সমাপ্তি ঘটিব ।

উল্লেখ্য যে, ৭ অক্টোবৰত হামাছ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত সীমা অতিক্ৰম কৰি আক্ৰমণ চলাই এই যুদ্ধৰ সূচনা কৰিছিল । হামাছৰ এই আক্ৰমণত কমেও ১২০০ লোকে মৃত্যুবৰণ কৰিছিল। তাৰোপৰি এই সময়ছোৱাত প্ৰায় ২৪০ জন ইজৰাইলীক অপহৰণ কৰা হৈছিল।

লগতে পঢ়ক: Swadesh anti-ship missile: ভাৰতীয় নৌসেনা আৰু ডি আৰ ডি অ’ৰ যৌথ উদ্যোগত স্বদেশত নিৰ্মিত এণ্টি-শ্বিপ মিছাইলৰ সফল পৰীক্ষণ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)