Swadesh anti-ship missile: ভাৰতীয় নৌসেনা আৰু ডি আৰ ডি অ’ৰ যৌথ উদ্যোগত স্বদেশত নিৰ্মিত এণ্টি-শ্বিপ মিছাইলৰ সফল পৰীক্ষণ

ভাৰতীয় নৌসেনা(Indian navy) আৰু ডি আৰ ডি অ’(DRDO)ই ছিকিং ৪২বি হেলিকপ্টাৰৰ জৰিয়তে থলুৱাভাৱে নিৰ্মিত নৌসেনাৰ প্ৰথমটো এণ্টি-শ্বিপ মিছাইলৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰে(Swadesh anti-ship missile)। এই পৰীক্ষণক এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে।

Indian Navy and DRDO together successfully test-fired Swadesh anti-ship missile
Swadesh anti-ship missile: ভাৰতীয় নৌসেনা আৰু ডি আৰ ডি অ’ৰ যৌথ উদ্যোগত স্বদেশত নিৰ্মিত এণ্টি-শ্বিপ মিছাইলৰ সফল পৰীক্ষণ

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ: ভাৰতীয় নৌসেনা(Indian navy)ই ডি আৰ ডি অ’(DRDO)ৰ সহযোগত মঙলবাৰে ছিকিং ৪২ বি হেলিকপ্টাৰৰ জৰিয়তে থলুভাৱে নিৰ্মিত নৌসেনাৰ প্ৰথমটো এণ্টি-শ্বিপ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে(Swadesh anti-ship missile)। ভাৰতীয় নৌসেনাৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হৈছে।

নৌসেনাই নিজৰ অফিচিয়েল হেণ্ডেলৰ পৰা এক্সত (পূৰ্বৰ টুইটাৰ) দিয়া এটা পোষ্টত উল্লেখ কৰে যে গুলীচালনা আৰু গাইডেন্স প্ৰযুক্তিকে ধৰি নিৰ্দিষ্ট মিছাইল প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ক্ষেপণাস্ত্ৰৰ প্ৰথমটো পৰীক্ষা ২০২২ চনৰ মে’ মাহত কৰা হৈছিল। প্ৰথম উৰণ পৰীক্ষাৰ পিছত জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি এই ক্ষেপণাস্ত্ৰত বহু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ভিতৰত হেলিকপ্টাৰখনৰ বাবে থলুৱাভাৱে নিৰ্মিত এটা লঞ্চাৰো আছে (Seaking 42b helicopter)। তাৰোপৰি মিছাইল গাইডেন্স চিষ্টেমত অত্যাধুনিক নেভিগেচন চিষ্টেমো অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাই এই পৰীক্ষাত ক্ষেপণাস্ত্ৰৰ ছিকাৰ আৰু গাইডেন্স টেকন’লজিও ব্যৱহাৰ কৰিছিল(Naval anti ship missile)। যিকোনো ক্ষেপণাস্ত্ৰ কিমান ফলপ্ৰসূ সেয়া নিৰ্ভৰ কৰে ইয়াৰ গাইডেন্স প্ৰযুক্তিৰ ওপৰত। এই সন্দৰ্ভত নৌসেনাই এটা ভিডিঅ’ মুকলি কৰিছে য’ত দেখা গৈছে যে সাগৰৰ ওপৰেৰে উৰি থকা নৌসেনাৰ হেলিকপ্টাৰখনে জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ অৰ্থাৎ এণ্টি-শ্বিপ মিছাইল নিক্ষেপ কৰিছিল আৰু ই সফলতাৰে নিজৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহতো নৌসেনাই ডি আৰ ডি অ’ৰ সহযোগত এণ্টি-শ্বিপ মিছাইলৰ এটা সফল পৰীক্ষণ সম্পন্ন কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত আমাৰ দেশখনক স্বাৱলম্বী কৰিবলৈ বিভিন্ন ক্ৰমত প্ৰচেষ্টা চলাই আহিছে। এই ক্ৰমত ডি আৰ ডি অ’ৰ উপৰিও প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা প্ৰতিষ্ঠান আৰু অৰ্ডিনেন্স ফেক্টৰী ব’ৰ্ডে মুখ্য ভূমিকা পালন কৰি আহিছে। যদিও বৰ্তমান আমি অস্ত্ৰ অস্ত্ৰ শস্ত্ৰৰ যোগানৰ বাবে বাহিৰৰ দেশৰ ওপৰত নিৰ্ভৰশীল, তথাপিও চৰকাৰে ভাৰতত অস্ত্ৰ নিৰ্মাণ আৰু ইয়াৰ প্ৰযুক্তি হস্তান্তৰৰ কাৰণে অস্ত্ৰ শস্ত্ৰৰ আমদানি বন্ধ কৰাৰ বাবে চুক্তি কৰি আহিছে।

লগতে পঢ়ক: Pamban bridge Rameshwaram: দেশৰ প্ৰথমখন হাইড্ৰলিক ৰেল দলং উদ্বোধন হ’ব আগন্তুক ফেব্ৰুৱাৰীত, জানো আহক কিয় বিশেষ এই দলংখন ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)