Encounter in Jammu and kashmir: : জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ধৰমশালৰ বাজিমল অঞ্চলত দুটা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে অঞ্চলটোত সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলাইছে অভিযান । বৰ্তমানেও দুয়োপক্ষৰ মাজত চলি আছে তুমুল সংঘৰ্ষ (Encounter in Jammu and kashmir )।

Encounter in Jammu and kashmir Terrorist-security forces encounter continues in Jammu and Kashmir
Encounter in Jammu and kashmir: : জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ

নেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ধৰমশালৰ বাজিমল অঞ্চলত সন্ত্ৰাসবাদী আৰু সেনা-আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ (Encounter in Jammu and kashmir) । জম্মু-কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, অঞ্চলটোত দুটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলি ধাৰণা কৰা হৈছে যদিও অধিক তথ্য নোপোৱাৰ বাবে অপেক্ষা কৰিব লগা হৈছে (Jammu and kashmir Police)।

আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোত চলা সন্দেহজনক কাৰ্যকলাপৰ গোপন তথ্য পোৱাৰ পিছতে এই অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাজৌৰী জিলাত সংঘটিত হোৱা আন এটা এনকাউণ্টাৰত এটা সন্ত্ৰাসবাদী নিহত হৈছিল। তথ্য অনুসৰি জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত শুকুৰবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া দলৰ মাজত হোৱা এটা সংঘৰ্ষত সন্ত্ৰাসবাদীটো নিহত হৈছিল(Terrorist-security forces encounter)।

এই এনকাউণ্টাৰৰ পিছত নিৰাপত্তাৰক্ষীয়ে জনোৱা অনুসৰি, সেনা, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা যৌথ অভিযানকাৰী দলে বুধল তহচিলৰ গুলেৰ-বেহৰোটে অঞ্চলত চলাইছিল কৰ্ডন এণ্ড চাৰ্চ অভিযান (CSO) আৰু পুৱালৈ দুয়োপক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হৈছিল ।

তাৰোপৰি শুকুৰবাৰে নিশা জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীয়ে এটা সংঘৰ্ষত ৫টাকৈ সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছিল । এই প্ৰসংগত আৰক্ষীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে কুলগামৰ নেহামা গাঁও ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰিছিল । এই অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত ৫টা সন্ত্ৰাসবাদী নিহত হৈছিল ।

আৰক্ষীৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি, প্ৰথমে সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছতে দুয়োপক্ষৰ মাজত এনকাউণ্টাৰ আৰম্ভ হৈছিল। লগতে বিষয়াগৰাকীয়ে জনোৱা মতে, সন্ত্ৰাসবাদীৰ দলটো উপস্থিত থকা সমগ্ৰ অঞ্চলটো নিৰাপত্তা বাহিনীয়ে চাৰিওফালৰ পৰা ঘেৰাও কৰি ৰাখিছিল ।

লগতে পঢ়ক: Israel-Hamas War: যুদ্ধবিৰতিৰ পিছতো হামাছৰ বিৰুদ্ধে যুঁজ বন্ধ নাৰাখে ইজৰাইলে: নেতান্যাহু

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)