Mysterious virus in China: চীনত আকৌ ‘ৰহস্যজনক’ ৰোগ ! ইতিমধ্যেই সষ্টম হৈছে ভাৰত

কৰ'ণাৰ পিছত আন এবিধ নতুন ৰোগক লৈ সৰ্বত্ৰে পুনৰ বৃদ্ধি পাইছে আশংকা। এইবাৰো এই ৰোগৰ উৎপত্তি চীনৰ পৰাই হোৱা বুলি ধাৰণা কৰা হৈছে। এই ৰোগবিধ নিউমোনিয়াৰ দৰে। অৱশ্যে এই তথ্য পোৱাৰ পিছতে ভাৰত ইতিমধ্যে সতৰ্ক হৈ পৰিছে (India on alert after mysterious virus in China)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যসমূহক সতৰ্ক কৰি প্ৰেৰণ কৰিছে বাৰ্তা। অৱশ্যে ভাৰতত এই নতুন ৰোগবিধৰ পৰা কোনো বিশেষ প্ৰভাৱ নপৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

India on alert after mysterious virus in China
Mysterious virus in China: চীনত আকৌ 'ৰহস্যজনক' ৰোগ ! ইতিমধ্যেই সষ্টম হৈছে ভাৰত

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: কোনো প্ৰকাৰে কৰ’নাৰ আতংক মাৰ গৈছেহে ! এতিয়া আকৌ চৰ্চালৈ আহিছে আন এবিধ ‘ৰহস্যজনক’ ৰোগৰ প্ৰসংগ । চীনত এই ‘ৰহস্যজনক’ ৰোগবিধ বৃদ্ধি পোৱাৰ পাছতে আমাৰ দেশে ইতিমধ্যে সজাগ হৈ পৰিছে (India on alert after mysterious virus in China)। কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক চিকিৎসালয়সমূহৰ প্রস্তুতি পৰ্যালোচনা কৰিবলৈ পৰামৰ্শ দিছে। এই ‘ৰহস্যজনক’ ৰোগবিধক নিউমোনিয়া বুলি অভিহিত কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Union Health Ministry) সকলো কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহলৈ পৰামৰ্শ জাৰি কৰি প্ৰতিখন ৰাজ্যৰ চিকিৎসালসমূহৰ স্বাস্থ্য সুবিধাসমূহ পৰ্যালোচনা কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে । লগতে ক’ভিডৰ সময়ত গঠন কৰা পৰ্যালোচনা সমিতিসমূহক পুনৰ সক্ৰিয় কৰিবৰ বাবে নিৰ্দেশনাটোত উল্লেখ কৰা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে(Central government) জাৰি কৰা পৰামৰ্শত এই নতুন ৰোগবিধক শ্বাস-প্ৰশ্বাসজনিত ৰোগ বুলি কোৱা হৈছে। শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰধানকৈ SARS-CoV2, Mycoplasma আৰু ইনফ্লুৱেঞ্জাৰ ফলত হয়।

কভিডৰ সময়ত ভাৰতত যি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল, পুনৰ তেনে পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে বিপদ অহাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সতৰ্কমূলক পদক্ষেপ গ্ৰহণ কৰিছে। আনকি ছ’চিয়েল মিডিয়াতো একাংশ লোকে চৰকাৰক দেশৰ স্বাৰ্থত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে শেহতীয়াকৈ চীনত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে যদিও ৰোগবিধৰ বিষয়ে এতিয়ালৈকে কোনো বিশেষ তথ্য প্ৰকাশ পোৱা নাই। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ৰোগে শিশুসকলৰ শ্বাসতন্ত্ৰত আক্ৰমণ কৰিব পাৰে । ইফালে অক্টোবৰ মাহত চীনত ধৰা পৰিছিল H9N2 ভাইৰাছ। এই ভাইৰাছবিধ মূলতঃ এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছ।

সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি, এই ৰোগ এজনৰ পৰা আনজনলৈ দ্ৰুতগতিত নিবিয়পে। লগতে বিশ্ব স্বাস্থ্য সংস্থাইও(World Health Organization) ইয়াক এই শ্ৰেণীতে স্থান দিছে। WHO ৰ মতে ইয়াৰ সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ কম যদিও এই ৰোগ জীৱ-জন্তুৰ মাজত বিয়পিব পাৰে । সেয়েহে ইয়াক নিৰিক্ষণ কৰাৰ প্ৰয়োজন আছে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মূলতঃ ই এবিধ এভিয়ান ফ্লু আৰু ই বিশেষকৈ চৰাইক আক্ৰান্ত কৰে । কেতিয়াবা ইয়াৰ দ্বাৰা মানুহো আক্ৰান্ত হ’ব পাৰে। এই ৰোগবিধ আমাৰ বাবে বিশেষ চিন্তাৰ কাৰণ নহয়, কিয়নো ই এক পৃথক প্ৰকাৰৰ ইনফ্লুৱেঞ্জা ভাইৰাছ। গোটেই বছৰটোত কোনো নহয় কোনোয়ে এই ধৰণৰ ইনফ্লুৱেঞ্জাত আক্ৰান্ত হয়। সেয়ে ভাৰতে ইয়াৰ পৰা আতংকিত হ’ব লগা কোনো কাৰণ নাই। অৱশ্যে কোনো সময়ত এই ৰোগবিধ কোনো নিৰ্দিষ্ট অঞ্চললৈ বিয়পিব পাৰে। সেই অঞ্চলসমূহলৈ আমি বিশেষ দৃষ্টি ৰখাটো আৱশ্যক। একে সময়তে ভাৰতত বিভিন্ন ধৰণৰ টিকাকৰণ কাৰ্যসূচীও আছে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাত সহায় কৰে।

স্বাস্থ্য মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰত সাজু আছে। ক’ভিডৰ পিছত ভাৰতে স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে বিশেষকৈ বন্যপ্ৰাণীৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত।

এছিয়ান ছ’চাইটি ফৰ ইমাৰ্জেন্সি মেডিচিনৰ প্ৰাক্তন সভাপতি ডাঃ কোলে কয় যে, ভাৰতত স্বাস্থ্যৰ ক্ষেত্ৰত মানুহ আৰু বন্যপ্ৰাণীৰ বাবে একে ধৰণৰ দৃষ্টিভংগী পালন কৰা হয়, সেয়েহে আমি যিকোনো ধৰণৰ ক্ৰছ অভাৰ তৎক্ষণাত ধৰা পেলাব পাৰো আৰু ইয়াৰ বিস্তাৰও ৰোধ কৰিব পাৰো। তথাপিও জনসাধাৰণক পৰামৰ্শ দি কও যে জীৱ-জন্তু পালন কৰাসকলে সঘনাই হাত ধুই থাকিব। লগতে বিমানবন্দৰসমূহত সতৰ্কতা আৰু নিৰীক্ষণ বজাই ৰখাৰ প্ৰয়োজনীয়তা আছে বুলি ডাঃ কোলে উল্লেখ কৰে ।

এই ৰোগৰ লক্ষণসমূহ: WHO ৰ মতে এই ৰোগত আক্ৰান্ত হ’লে, ফ্লুৰ দৰে লক্ষণে দেখা দিয়াৰ লগতে চকুৰ বিষ হ’ব পাৰে। তাৰোপৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

লগতে পঢ়ক: Mumbai airport threatened with bomb: মুম্বাই বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, বিটকইনৰ যোগেদি ১০ লাখ ডলাৰ দাবী

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)