Rajasthan Assembly Election: ৰাজস্থানৰ ১৯৯খন আসনৰ বাবে চলিছে ভোটগ্ৰহণ, পুৱা ১১ বজালৈকে ১২.৭৪ শতাংশ ভোটদান

আজি অনুষ্ঠিত হৈছে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব। ৰাজ্যখনৰ ১৯৯খন আসনৰ বাবে এই ভোটদান চলি আছে। প্ৰাপ্ত তথ্য অনুসৰি পুৱা ১১ বজালৈকে ৰাজ্যখনত১২.৭৪ শতাংশ ভোটদান সম্পন্ন হৈছে।

Rajasthan Assembly Election Polling underway for 199 seats in Rajasthan
Rajasthan Assembly Election: ৰাজস্থানৰ ১৯৯খন আসনৰ বাবে চলিছে ভোটগ্ৰহণ, পুৱা ১১ বজালৈকে ১২.৭৪ শতাংশ ভোটদান

জয়পুৰ,২৫ নৱেম্বৰ: ৰাজস্থান বিধানসভা নিৰ্বাচন উপলক্ষ্যে ৰাজ্যখনৰ ১৯৯খন আসনৰ বাবে আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটাৰসকলে তেওঁলোকৰ ভোটাধিকাৰৰ জৰিয়তে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১৮৬৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। বৰ্তমান ৰাজ্যখনৰ সমূহ কেন্দ্ৰতে চলি আছে ভোটদান। ইফালে, পুৱা ১১ বজালৈকে ৰাজ্যখনত ১২.৭৪ শতাংশ ভোটদান সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে (Rajasthan Assembly Election)।

এইবাৰৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাজস্থানত নিৰ্বাচন আয়োগে স্থাপন কৰিছে ৫১৫০৭টা ভোটকেন্দ্ৰ। লগতে ৰাজ্যৰ ৫ কোটি ২৬ লাখ ৯০ হাজাৰ ১৪৬ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰৰ জৰিয়তে গণতন্ত্ৰৰ এই মহাপৰ্বত অংশগ্ৰহণ কৰিব। ৰাজ্যখনত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একে সময়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা চৰ্দাৰপুৰা বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক গেহলটে পুৱা ৯.৩০ বজাত মহামন্দিৰত অৱস্থিত বৰ্ধমান জৈন বিদ্যালয়ৰ ১১১ নম্বৰ বুথত পৰিয়ালৰ সৈতে উপস্থিত হৈ ভোটদান সাব্যস্ত কৰে।

ৰাজস্থানত আছে ৫ কোটিতকৈ অধিক ভোটাৰ:

১৯৯খন বিধানসভাৰ আসনৰ প্ৰতিনিধি নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ ৫ কোটি ২৬ লাখ ৯০ হাজাৰ ১৪৬ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াত ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ১ কোটি ৭০ লাখ ৯৯ হাজাৰ ৩৩৪ গৰাকী যুৱ ভোটাৰ আছে। য’ত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ২২ লাখ ৬১ হাজাৰ ৮ গৰাকী নতুন ভোটাৰক অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়া প্ৰবীণ গুপ্তাই কয় যে ৰাজ্যখনৰ ৩৬,১০১ টা স্থানত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত চহৰ অঞ্চলত ১০,৫০১টা ভোটকেন্দ্ৰ আৰু গ্ৰামাঞ্চলত ৪১,০০৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে্ ২৬,৩৯৩টা ভোটগ্ৰহণ কেন্দ্ৰত লাইভ ৱেবকাষ্টিং কৰাৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ জনায়। এই ভোটগ্ৰহণ কেন্দ্ৰসমূহক জিলা পৰ্যায়ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰীক্ষণ কৰা হ’ব। সমগ্ৰ ৰাজ্যখনত ভোটদানৰ বাবে ৬৫,২৭৭টা বেলট ইউনিট, ৬২,৩৭২টা কণ্ট্ৰল ইউনিটকে ধৰি ৬৭,৫৮০টা ভিভিপিএটি মেচিন ব্যৱহাৰ কৰা হৈছে।

মুখ্য নিৰ্বাচনী বিষয়া প্ৰবীণ গুপ্তাই লগতে কয় যে মুক্ত, নিৰপেক্ষ্য আৰু শান্তিপূৰ্ণভাৱে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিভাগটোৱে ৬,২৮৭ গৰাকী ক্ষুদ্ৰ পৰ্যবেক্ষক আৰু ৬২৪৭ গৰাকী খণ্ড বিষয়াক নিযুক্তি দিছে। এওঁলোকে ভোটগ্ৰহণকাৰী ইউনিটসমূহৰ সৈতে নিৰন্তৰ সমন্বয় ৰাখি যিকোনো ধৰণৰ সমস্যা তৎক্ষণাত সমাধান কৰিব।

এখন আসনৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচন:
ৰাজস্থান বিধানসভাত আছে ২০০ খন আসন । কিন্তু ইয়াৰে শ্ৰীগংগনগৰ জিলাৰ কৰণপুৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী গুৰমীত সিং কুন্নৰৰ মৃত্যু হয়। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে এই আসনখনৰ বিৰুদ্ধে নিৰ্বাচন স্থগিত ৰাখিছে। সেয়েহে আজিৰ নিৰ্বাচনত বিধানসভাৰ ২০০খন আসনৰ পৰিৱৰ্তে ১৯৯খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

ৰাজ্যত স্থাপন কৰা হৈছে ৩৩৮৩টা বিশেষ ভোটকেন্দ্ৰ:
ভোটগ্ৰহণ উপলক্ষ্যে সমগ্ৰ ৰাজ্যখন স্থাপন কৰা হৈছে ৩৩৮৩টা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ। মুখ্য নিৰ্বাচনী বিষয়া প্ৰবীণ গুপ্তাই উল্লেখ কৰা অনুসৰি, প্ৰতিটো বিধানসভা সমষ্টিত এটাকৈ প্ৰতিবন্ধী ভোটগ্ৰহণ কেন্দ্ৰ, আঠ আঠটাকৈ মহিলা আৰু যুৱতীৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। প্ৰতিবন্ধী ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণৰ দায়িত্বও প্ৰতিবন্ধী লোকৰ হাততে অৰ্পণ কৰা হৈছে । একেদৰে মহিলা ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণৰৰ দায়িত্ব কেৱল মহিলা কৰ্মীয়েহে পালন কৰিব। একেধৰনে যুৱ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা হৈছে যুৱক-যুৱতী।

ভোটগ্ৰহণ উপলক্ষ্যে ৰাজ্যত ১.৭০ লাখৰো অধিক নিৰাপত্তাৰক্ষী মোতায়েন:

ৰাজ্যখনৰ ডিজি (আইন-শৃংখলা) ৰাজীৱ শৰ্মাৰ মতে, নিৰ্বাচনী কৰ্তব্যৰ বাবে আৰক্ষী, গৃহৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ৭০০ কোম্পানী নিয়োগ কৰা হৈছে। ৰাজ্যখনত শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজস্থান আৰক্ষীৰ ৭০ হাজাৰৰো অধিক জোৱান, ৰাজস্থান হোমগাৰ্ডৰ ১৮ হাজাৰ জোৱান, ৰাজস্থান সীমান্ত হোমগাৰ্ডৰ ২ হাজাৰ জোৱানৰ লগতে অন্যান্য ৰাজ্যৰ পৰা অনা ১৫ হাজাৰ হোমগাৰ্ড আৰু আৰ এ চিৰ ১২০টা কোম্পানী ব্যৱহাৰ কৰা হৈছে।

তেওঁ কয় যে উত্তৰ প্ৰদেশ, গুজৰাট, হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ হোমগাৰ্ডকো নিৰ্বাচনী কৰ্তব্যত নিয়োগ কৰা হৈছে। লগতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ কোম্পানী (চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, চি আই এছ এফ, এছ এছ বি, আৰ পি এফ) আৰু আন ১৮ খন ৰাজ্যৰ পৰা অনা সশস্ত্ৰ বাহিনীকে ধৰি মুঠ ১ লাখ ৭০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষীক নিৰ্বাচনী কৰ্তব্যৰ বাবে নিয়োগ কৰা হৈছে। গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাৱকে ধৰি ৪৮৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমান্তত থকা চেক প’ষ্টসমূহত অবাঞ্চিত বাহিৰৰ লোকৰ প্ৰৱেশ ৰোধ কৰাৰ লক্ষ্যৰে ছীলিং আৰু চেকিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: Uttarkashi tunnel rescue: মাতালিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা উদ্ধাৰ অভিযানৰ সবিশেষ ট্ৰেক কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)