Gold Medal to Ministry of Ayush: উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আয়ুষ মন্ত্ৰালয়লৈ স্বৰ্ণ পদক

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্ববাহী আয়ুষ মন্ত্ৰালয়ে 'ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰ'ৰ 'মন্ত্ৰালয় আৰু বিভাগ' শাখাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় (Gold Medal to Ministry of Ayush) ।

Gold Medal to Ministry of Ayush for excellent
Gold Medal to Ministry of Ayush: উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আয়ুষ মন্ত্ৰালয়লৈ স্বৰ্ণ পদক

নতুন দিল্লী, ২৮ নৱেম্বৰ: ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ ‘মন্ত্ৰালয় আৰু বিভাগ’ শাখা(Ministry & Department category)ত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ইণ্ডিয়া ট্ৰেড প্ৰম’চন অৰ্গেনাইজেচনে আয়ুষ মন্ত্ৰালয়ক সোণৰ পদক প্ৰদান কৰে (Gold Medal to Ministry of Ayush)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্ববাহী আয়ুষ মন্ত্ৰালয়ে বৈজ্ঞানিক প্ৰমাণ আধাৰিত ঔষধ তথা চিকিৎসা পদ্ধতিৰ প্ৰচাৰ-প্ৰসাৰৰ লক্ষ্যৰে মেলাখনত বিভিন্ন কাৰ্যকলাপৰ সৈতে এটা আয়ুষ পেভিলিয়ন প্ৰস্তুত কৰিছিল। আয়ুষ উদ্যোগৰ প্ৰসাৰৰ বাবে আয়ুষ মন্ত্ৰালয়ে মুঠ ১৮টা আয়ুষ ষ্টাৰ্ট-আপক পেভিলিয়নত নতুন সামগ্ৰী প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছে (India International Trade Fair)।

উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আয়ুষ মন্ত্ৰালয়লৈ স্বৰ্ণ পদক

আয়ুষ পেভিলিয়নত আয়ুৰ্বেদ, সিদ্ধ, উনানী, হোমিঅ’পেথি, যোগ-নেচাৰ’পেথি, সোৱা-ৰিগ্পা আদি আয়ুষ চিকিৎসা প্ৰণালীৰ বিনামূলীয়া ক্লিনিকসমূহৰ সুবিধা প্ৰদান কৰা হৈছিল।

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sononwal) উক্ত সন্মান লাভ কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ বিষয়া, কৰ্মচাৰী প্ৰমুখ্যে সংশ্লিষ্ট সকলোকে উষ্ম অভিনন্দন জ্ঞাপন কৰি কয়, “২০১৪ চনত প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আয়ুষ মন্ত্ৰালয়ে কেতবোৰ গুৰুত্বপূৰ্ণ উদ্দেশ্যৰে নিৰন্তৰ গতিত আগবাঢ়ি আহিছে। এক নতুন মন্ত্ৰালয় হোৱা স্বত্বেও উৎকৃষ্ট কামৰ বাবে সোণৰ পদক লাভ কৰাটোৱে প্ৰমাণ কৰে যে আয়ুষ মন্ত্ৰালয়ে আয়ুষৰ বিভিন্ন ঔষধ তথা চিকিৎসা প্ৰণালীৰ প্ৰমাণ আধাৰিত সাফল্য আৰু উদ্ভাৱনক মূলসুঁতিত সংযোজিত কৰি এই পদ্ধতিৰ গ্ৰহণযোগ্যতা বৃদ্ধিত যথেষ্ট সফল হৈছে। ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালীবোৰ এতিয়া জনপ্ৰিয় হোৱাৰ উপৰি বহুলভাৱে ব্যৱহৃত স্বাস্থ্যসেৱা পদ্ধতি হিচাপেও উত্থান লাভ কৰিছে। নিশ্চিতভাৱে, আয়ুষ মন্ত্ৰালয়ৰ এই নিৰন্তৰ ইতিবাচক প্ৰচেষ্টা পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত ভাৰতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত সহায়ক হৈছে।”

আয়ুষ মন্ত্ৰালয়ে ইয়াৰ পেভিলিয়নত যুৱপ্ৰজন্মক বিশেষ অগ্ৰাধিকাৰ দিছিল। আয়ুষ খণ্ডৰ বাবে যুৱক-যুৱতীসকলক ভাৰতীয় ঔষধ প্ৰণালীৰ ৰাষ্ট্ৰীয় আয়োগ আৰু ৰাষ্ট্ৰীয় হোমিঅ’পেথি আয়োগৰ জৰিয়তে কেৰিয়াৰ পৰামৰ্শ দিয়া হৈছিল।

আনহাতে, আয়ুষ মন্ত্ৰালয়ে এই বাণিজ্য মেলা দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ আৰু আয়ুষ ঔষধৰ বিষয়ে তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিবলৈ কেইবাটাও সৃষ্টিশীল পদ্ধতি ব্যৱহাৰ কৰিছিল। খেল আৰু শিকা, যোগাভ্যাস, আয়ুষ আহাৰ, দাদী চে পুচো (মনোৰঞ্জনমূলক টেলিফ’নিক কাৰ্যক্ৰম), প্ৰকৃতি আৰু মিজাজ মূল্যায়ন বিপণী আৰু ছেলফি পইণ্ট আদিৰ দৰে ব্যৱস্থাই বিশেষকৈ আয়ুষ মন্ত্ৰালয়ৰ পেভিলিয়নলৈ সকলো লোককে আকৰ্ষিত কৰিছিল।

লগতে পঢ়ক: Mysterious virus in China: চীনত আকৌ ‘ৰহস্যজনক’ ৰোগ ! ইতিমধ্যেই সষ্টম হৈছে ভাৰত

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)