Task-based part-time job frauds: পাৰ্ট টাইম চাকৰিকে ধৰি নানান প্ৰৱঞ্চনাৰ সৈতে জড়িত ১০০টা ৱেবছাইটক ব্লক কৰিলে কেন্দ্ৰই

ইণ্টাৰনেটৰ জড়িয়তে পাৰ্ট টাইম চাকৰিৰ প্ৰলোভনেৰে পৰি অহা প্ৰৱঞ্চনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিদেশী অভিনেতাৰ দ্বাৰা পৰিচালিত এনে ১০০ টা ৱেবছাইট ব্লক কৰিলে কেন্দ্ৰীয় চৰকাৰে(Task-based part-time job frauds)।

Centre blocks 100 websites operated by overseas actors for engagement in task-based part-time job frauds
পাৰ্ট টাইম চাকৰিকে ধৰি নানান প্ৰৱঞ্চনাৰ সৈতে জড়িত ১০০টা ৱেবছাইটক ব্লক কৰিলে কেন্দ্ৰই

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ: সংগঠিত বিনিয়োগ আৰু অংশকালীন চাকৰিৰ জালিয়াতিৰ সৈতে জড়িত থকাৰ অভিযোগত বিদেশী অভিনেতাসকলৰ দ্বাৰা পৰিচালিত ১০০টা ৱেবছাইট ব্লক কৰিছে কেন্দ্ৰীয় চৰকাৰে । গৃহ মন্ত্ৰালয়ৰ(MHA) ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ(I4C)ই ইয়াৰ ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ভাবুকি বিশ্লেষণ গোটৰ (NCTAU) জৰিয়তে যোৱাটো সপ্তাহত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) দ্বাৰা এই ভূৱা ৱেবছাইটসমূহ অৱৰোধ কৰে(Task-based part-time job frauds)।

প্ৰথমে সংগঠিত বিনিয়োগ আৰু কৰ্মভিত্তিক অংশকালীন চাকৰিৰ নামত কৰি অহা প্ৰৱঞ্চনাৰ লগত জড়িত ১০০টাতকৈও অধিক ৱেবছাইট চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছিল। গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয়, ‘তথ্য প্ৰযুক্তি আইন, ২০০০ৰ অধীনত থকা ক্ষমতা ব্যৱহাৰ কৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই ৱেবছাইটসমূহ ব্লক কৰিছে(Centre blocks 100 websites operated by overseas actors)।

এই ৱেবছাইটসমূহে কৰ্মভিত্তিক আৰু অবৈধ বিনিয়োগ সম্পৰ্কীয় বিভিন্ন অৰ্থনৈতিক অপৰাধৰ প্ৰচাৰ কৰিছিল। বহু বিদেশী অভিনেতাই পৰিচালনা কৰা এই ৱেবছাইটসমূহে ডিজিটেল বিজ্ঞাপন, চেট মেচেঞ্জাৰ আৰু খচ্চৰ বা ভাড়াতীয়া একাউণ্ট ব্যৱহাৰ কৰি জনসাধাৰণক প্ৰৱঞ্চনা কৰি আহিছিল। গৃহ মন্ত্ৰালয়ৰ বিবৃতিটোত এই কথাও উল্লেখ কৰা হৈছে যে, ‘ বৃহৎ পৰিসৰৰ অৰ্থনৈতিক জালিয়াতিৰে সংগ্ৰহ কৰা এই ধনসমূহ কাৰ্ড-নেটৱৰ্ক, ক্ৰিপ্ট’ কাৰেঞ্চি, বিদেশী এটিএম আৰু আন্তঃৰাষ্ট্ৰীয় ফিনটেক কোম্পানী ব্যৱহাৰ কৰি ভাৰতৰ পৰা বাহিৰলৈ ওলিয়াই নিছিল।

এই সন্দৰ্ভত হেল্পলাইন নম্বৰ ১৯৩০ আৰু এন চি আৰ পিৰ জৰিয়তে বহু অভিযোগ লাভ কৰা হৈছিল । এনেসমূহ অপৰাধে জনসাধাৰণৰ বাবে যথেষ্ট ভাবুকি কঢ়িয়াই আনিছিল । ইয়াৰ লগতে লোকসকলৰ তথ্য সুৰক্ষাৰ বিষয়টোও অন্তৰ্ভুক্ত আছিল।
ঘৰতে বহি চাকৰি কৰা অথবা ঘৰৰ পৰাই কেনেদৰে উপাৰ্জন কৰিব পাৰি আদি প্ৰলোভনেৰে বিভিন্ন কী ৱৰ্ড ব্যৱহাৰ কৰি গুগল আৰু মেটাৰ দৰে প্লেটফৰ্মত একাধিক ভাষাত বিদেশী বিজ্ঞাপনদাতাৰ পৰা বিজ্ঞাপন মুকলি কৰা হয়।

এই ৱেবছাইটসমূহে লক্ষ্য কৰি লোৱা বেছিভাগেই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মহিলা আৰু অংশকালীন চাকৰি বিচাৰি থকা নিবনুৱা যুৱক-যুৱতী। মন্ত্ৰালয়ে উল্লেখ কৰে যে, এনে বিজ্ঞাপনত ক্লিক কৰাৰ লগে লগে আনটো ফালৰ পৰা হোৱাটছএপ আৰু টেলিগ্ৰাম ব্যৱহাৰ কৰি এজন এজেণ্টে সম্ভাৱ্য ভুক্তভোগীৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে । তেওঁলোকে ভুক্তভোগীসকলক বিভিন্ন ভিডিঅ’ লাইক কৰা, ৰেটিং দিয়া আৰু চাবস্ক্ৰাইব কৰাৰ দৰে বিভিন্ন কাম কৰিবলৈ পতিয়ন নিয়ায়।

কাম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথমে ভুক্তভোগীক কমিছন হিচাপে কিছু ধন দিয়া হয় আৰু দিয়া কামৰ বিনিময়ত বেছি লাভ পাবলৈ অধিক বিনিয়োগ কৰিবলৈ কোৱা হয়। আস্থা লাভ কৰাৰ পিছত যেতিয়া ভুক্তভোগীয়ে বৃহৎ পৰিমাণৰ ধন জমা কৰে, তেতিয়াই জমা ধন জব্দ কৰা হয় আৰু এইদৰেই ভুক্তভোগীক অকল্পনীয়ভাৱে প্ৰৱঞ্চনা কৰে।

সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইণ্টাৰনেটত পৃষ্ঠপোষকতা কৰা এনে যিকোনো উচ্চ কমিচন পৰিশোধ কৰা অনলাইন আঁচনিত বিনিয়োগ কৰাৰ পূৰ্বে যথাযথ পৰীক্ষা কৰিবৰ বাবে গৃহ মন্ত্ৰালয়ে বিবৃতিটোৰ জড়িয়তে সকলোলৈকে পৰামৰ্শ প্ৰদান কৰিছে। গৃহ মন্ত্ৰালয়ে কয়, যদি কোনো অজ্ঞাত ব্যক্তিয়ে আপোনাৰ সৈতে হোৱাটছএপ আৰু টেলিগ্ৰামত যোগাযোগ কৰে তেন্তে পৰীক্ষণ অবিহনে বিত্তীয় লেনদেন কৰাটো সম্পূৰ্ণৰূপে পৰিহাৰ কৰক।

লগতে পঢ়ক: Parliament winter session 2023: গো মূত্ৰক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ডি এম কেৰ সাংসদে

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)