PM Viksit Bharat Sankalp Yatra: প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

"নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ লোকৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal Joins PM Viksit Bharat Sankalp Yatra)।

Union Minister Sarbananda Sonowal Joins PM Viksit Bharat Sankalp Yatra From Tamil Nadu
প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

তামিলনাডু, ১০ ডিচেম্বৰ, ২০২৩: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে সংযুক্ত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তামিলনাডুৰ পৰা এই কাৰ্যসূচীত সংযুক্ত হয়(PM Viksit Bharat Sankalp Yatra)। বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ঐক্যবদ্ধ সংকল্পেৰে কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তামিলনাডুত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কৰে আৰু বিকশিত ভাৰতৰ সংকল্প পাঠ কৰি সকলোকে সংকল্পবদ্ধ কৰায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু মোদী চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়ে তেওঁলোকৰ জীৱনত কিদৰে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই বিষয়ে বুজ ল‌য়। ইতিমধ্যে দেশৰ ১.২৫ কোটিতকৈও অধিক লোকে মোদী কি গেৰাণ্টী বাহনৰ সৈতে সংযুক্ত হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক সম্বোধন কৰি কয়, “সমাজৰ সকলো শ্ৰেণীৰ সৰ্বাধিক বিকাশৰ নিশ্চয়তা প্ৰদান কৰিছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা ৯ বছৰত সৰ্বস্তৰৰ লোকেই যথেষ্ট উপকৃত হৈছে। ইতিমধ্যে মোদী ডাঙৰীয়াই বিকশিত ভাৰতৰ চাৰিটা মূল স্তম্ভ হিচাপে নাৰী শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ পৰিয়ালসমূহক অভিহিত কৰিছে। বিজেপি চৰকাৰৰ দিনত বিশেষকৈ কৃষক, মহিলা, শিশু, শিক্ষাৰ্থী, যুৱপ্ৰজন্ম, শিক্ষক, জ্যেষ্ঠ নাগৰিক তথা জনজাতীয় সম্প্ৰদায়কে ধৰি সকলো শ্ৰেণীৰ লোকেই এতিয়া লাভ কৰিছে মানসম্পন্ন জীৱনৰ মৰ্যাদা। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশবাসীয়ে সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ এক নতুন যুগত পদাৰ্পণ কৰিছে।”

প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

আনহাতে সোণোৱালে কয়, “কংগ্ৰেছ হ’ল দুৰ্নীতিৰ কেকটাছ। কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন আৰু পৰিয়ালতন্ত্ৰৰ বাবেই সমগ্ৰ ভাৰত পিছপৰি আছিল। কিন্তু মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ৯ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে। দুৰ্নীতি ৰোধ কৰিবলৈ মোদী ডাঙৰীয়াই ৫০ কোটি লোকক বিত্তীয় ব্যৱস্থাৰ অন্তৰ্গত কৰাৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে আৰু বেংক একাউণ্ট খোলাৰ ব্যবস্থা কৰি ডিবিটি পদ্ধতিৰে পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টত আঁচনিৰ ধন হস্তান্তৰ কৰাৰ পদক্ষেপ লৈছে। ইয়াৰ ফলত এতিয়া মধ্যভোগীয়ে আঁচনিৰ ধন আত্মসাৎ কৰাৰ সকলো ৰাস্তা বন্ধ হৈ পৰিছে। মহিলা সশক্তিকৰণৰ বাবে উজ্জ্বলা আঁচনিৰ ৰূপায়ণ, স্বচ্ছ ভাৰত অভিযানৰ ত্বৰান্বিতকৰণ, দেশৰ ১১ কোটি পৰিয়ালৰ বাবে শৌচালয় নিৰ্মাণ, ৮০ কোটিতকৈও অধিক লোকক বিনামূলীয়া খাদ্য প্ৰদানেৰে খাদ্য সুৰক্ষা নিশ্চিত কৰা হৈছে। আমাৰ সকলোৰে লক্ষ্য- ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত দেশ হিচাপে উজলাই তোলা। ইতিমধ্যে ভাৰতে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে, যিয়ে প্ৰতিগৰাকী দেশবাসীক নতুন সাহস আৰু মনোবল প্ৰদান কৰিছে।”

আনহাতে সোণোৱালে কয়, “তামিলনাডুই যুগে যুগে সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধ ইতিহাস বহন কৰি আহিছে। এই ৰাজ্যখনে চোল ৰাজবংশৰ গৌৰৱময় দিনবোৰো সোঁৱৰাই দিয়ে। ৰামানুজন, ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ, চিভি ৰমন, এ পি জে আব্দুল কালামৰ দৰে মহান ব্যক্তিত্ব এই ৰাজ্যখনৰ মহৎ অৱদান। বিভিন্ন সুযোগ-সম্ভাৱনা, আধ্যাত্মিক শক্তি আৰু মানৱ সম্পদেৰে ভৰপূৰ তামিলনাডুৰ সৰ্বাংগীণ উত্তৰণ সাধনৰ বাবে মোদী চৰকাৰ দায়বদ্ধ। এখন বিকশিত আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ দিশত তামিলনাডুৰ জনসাধাৰণক সক্ৰিয় ভূমিকা ল’বলৈ মই আন্তৰিকতাৰে আহ্বান জনালোঁ।”

লগতে পঢ়ক: Task-based part-time job frauds: পাৰ্ট টাইম চাকৰিকে ধৰি নানান প্ৰৱঞ্চনাৰ সৈতে জড়িত ১০০টা ৱেবছাইটক ব্লক কৰিলে কেন্দ্ৰই

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)