Parliament winter session 2023: গো মূত্ৰক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ডি এম কেৰ সাংসদে

সংসদৰ ২০২৩ বৰ্ষৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিন(Parliament winter session 2023)। আজিৰ সংসদৰ কামকাজ আৰম্ভ হোৱাৰ পাছতে গো মূত্ৰৰ সন্দৰ্ভত কৰা বক্তব্যক লৈ দুখ প্ৰকাশ কৰিছে ডি এম কেৰ সাংসদ সেনথিলে। সংসদৰ কাৰ্য্যবিধিৰ পৰা এই বিকৰ্কিত বক্তব্য আঁতৰাই দিবলৈ তেওঁ অনুৰোধ জনায়। লগতে ডি এম কেৰ সাংসদ টি আৰ বালুৱেও এই বক্তব্যক লৈ দুখ প্ৰকাশ কৰা পৰিলক্ষিত হয়।

Parliament winter session 2023 DMK MP apologizes for Gaumutra States' remarks
গো মূত্ৰক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ডি এম কেৰ সাংসদে

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ: সংসদৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয়টো দিন(Parliament winter session 2023)। আজিও লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে ডি এম কেৰ সাংসদ সেনথিলে গো মূত্ৰক লৈ কৰা বক্তব্যক লৈ হুলস্থুলৰ পৰিবেশ সৃষ্টি হোৱা পৰিলক্ষিত হয়। সংসদত উপস্থিত শাসকীয় দলৰ সাংসদসকলে ডি এম কেৰ সাংসদগৰাকীক তেওঁৰ এই ব্যক্তব্য প্ৰত্যাহাৰ কৰাৰ লগতে ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰে(Parliament winter session updates)। জিৰ’ আৱাৰৰ সময়ত ডি এম কেৰ সাংসদ টি আৰ বালুৱেও তেওঁলোকৰ দলৰ সাংসদগৰাকীয়ে দিয়া বক্তব্য সত্য বুলি মানি লোৱা নাছিল। ইয়াৰ পিছত ডি এম কেৰ সাংসদ সেনথিলে সদনত দুখ প্ৰকাশ কৰি নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰে।

ইফালে ইভিএমৰ প্ৰসংগত কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে সংসদত কয়, ‘ইভিএমৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ইভিএমৰ ওপৰত মোৰ কোনো সন্দেহ নাই। মই জানো যে দলৰ বহু সহকৰ্মী আছে যাৰ মতামত বেলেগ বেলেগ হব পাৰে। মই ১৯৯৬ চনৰ পৰা নিৰ্বাচনৰ লগত জড়িত হৈ আছো । কেতিয়াবা প্ৰাৰ্থী হিচাপে অথবা কেতিয়াবা এজেণ্ট হিচাপে এই নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত মই জড়িত হৈ আহিছো । সেয়েহে ইভিএমৰ ওপৰত মোৰ বিশ্বাস এতিয়াও অপৰিৱৰ্তিত হৈ আছে।

আজিৰ লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্যবিধিআৰম্ভ হোৱাৰ পূৰ্বে, কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে অধিৱেশনৰ কাম-কাজৰ বাবে সংসদত উপস্থিত হয়হি। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সংসদত উপস্থিত হয়। অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে I.N.D.I.A. মিত্ৰতা বৈঠক সন্দৰ্ভত মিত্ৰ দলৰ নেতাসকলৰ মাজত থকা দেখা দিয়া মতানৈক্য সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয়, ‘যেতিয়া কমল নাথে অখিলেশ যাদৱৰ বিষয়ে মন্তব্য কৰিছিল, তেতিয়াই স্পষ্ট হৈ পৰিছিল যে এই মিত্ৰতা কেৱল ছবিৰ বাবেহে, বাস্তৱত নহয়।’

আজি লোকসভাত জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৩ সন্দৰ্ভত অধিক আলোচনা কৰা হ’ব। এই দুয়োখন বিধেয়ক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে নিম্ন সদনত বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰিছিল(Parliament winter session updates)।

ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেলেংগানাত এখন কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২৩ লোকসভাত উত্থাপন কৰিব। ইয়াৰ উপৰিও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অনুদান-সাহায্যৰ পৰিপূৰক দাবী, ২০২৩-২৪ ওপৰত এক বিবৃতি উপস্থাপন কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা জৰ্দোছে সদনৰ সদস্যসকলৰ মাজৰ পৰা দুজন সদস্য নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় মৰাপাট ব’ৰ্ডৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ এক প্ৰস্তাৱ গৃহীত কৰিব।

ইয়াৰ উপৰিও বিজেপিৰ সাংসদ সুমেৰ সোলংকি আৰু বিজু জনতা দলৰ সাংসদ নিৰঞ্জন বিছিয়ে ২৪ আগষ্টৰ পৰা হেভলক দ্বীপ, প’ৰ্ট ব্লেয়াৰ, মহাবলীপুৰম আৰু মুম্বাইত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ সমিতিৰ অধ্যয়ন ভ্ৰমণ প্ৰতিবেদনৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি আম আদমি পাৰ্টিৰ সাংসদ অশোক কুমাৰ মিট্টাল আৰু শিৱসেনাৰ সাংসদ অনিল দেশাইয়েও চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত বিভাগ সম্পৰ্কীয় বৈদেশিক পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ (সপ্তদশ লোকসভা) পঁচিশতম প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে । ২০২৩-২৪ বৰ্ষৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুদানৰ দাবী সমিতিৰ এই বিংশতম প্ৰতিবেদনত উল্লেখ কৰা হৈছে পৰ্যবেক্ষণ/পৰামৰ্শৰ সবিশেষ ।

শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা মঙলবাৰে লোকসভাত জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৩ সন্দৰ্ভত বহু সময় ধৰি বিতৰ্ক হোৱা পৰিলক্ষিত হৈছিল। শীতকালীন অধিৱেশনৰ প্ৰথম দিনা সোমবাৰে দুখন বিধেয়ক উত্থাপন কৰাৰ লগতে গৃহীত কৰা হৈছিল। ৰাজ্যসভাই আপৰ সাংসদ ৰাঘৱ চাধাৰৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে। ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা ২০২৩, ভাৰতীয় প্ৰমাণ বিধেয়ক ২০২৩ৰ স্থায়ী সমিতিৰ প্ৰতিবেদনও দুয়োখন সদনত দাখিল কৰা হৈছিল। অহা ২২ ডিচেম্বৰত সামৰণি পৰিব সংসদৰ ২০২৩ চনৰ শীতকালীন অধিৱেশন ।

লগতে পঢ়ক: Parliament winter session 2023: সংসদত উপস্থিত অমিত শ্বাহ আৰু ৰাজনাথ সিং

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)