Adani Group Acquires Stake In IANS Media: সংবাদ প্ৰতিষ্ঠান IANS ৰ ৫০.৫০ শতাংশ শ্বেয়াৰ কিনিলে আদানী গ্ৰুপে

Adani Group Acquires Stake In IANS Media
সংবাদ প্ৰতিষ্ঠান IANS ৰ ৫০.৫০ শতাংশ শ্বেয়াৰ কিনিলে আদানী গ্ৰুপে

সংবাদ খণ্ডত পুঁজিপতি গৌতম আদানীয়ে লাহে লাহে বৃদ্ধি কৰিছে নিজৰ উপস্থিতি । এইবাৰ সংবাদ প্ৰতিষ্ঠান আইএনএছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিলে আদানী গ্ৰুপে (Adani Group Acquires Stake In IANS Media) ।

নেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ: পুঁজিপতি গৌতম আদানীৰ গ্ৰুপে সংবাদ মাধ্যমত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ মাজতে সংবাদ প্ৰতিষ্ঠান আইএনএছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(IANS India Pvt Ltd)ৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব এক অজ্ঞাত পৰিমাণৰ ধনৰাশিৰ বিনিময়ত অধিগ্ৰহণ কৰিছে(Adani Group Acquires Stake In IANS Media)। ৰেগুলেটৰী ফাইলিঙত আদানী এণ্টাৰপ্ৰাইজ গ্ৰুপৰ মিডিয়া হোল্ডিং কোম্পানী(Adani Enterprises group’s media holding company)য়ে কয় যে, তেওঁলোকৰ সহযোগী কোম্পানী এএমজি মিডিয়া নেটৱৰ্কছ লিমিটেডে(AMG Media Networks Ltd) আইএনএছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ইকুইটি শ্বেয়াৰত ৫০.৫০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিছে। অৱশ্যে কোম্পানীটোৱে অধিগ্ৰহণৰ মূল্য প্ৰকাশ কৰা নাই।

যোৱাটো বছৰত আদানী গ্ৰুপে সংবাদ মাধ্যমত প্ৰৱেশ কৰিছিল(Adani entered media) । একেটা বছৰৰে মাৰ্চ মাহত সংবাদ মাধ্যমৰ ব্যৱসায়ত প্ৰৱেশ কৰি গ্ৰুপটোৱে ব্যৱসায়িক আৰু বিত্তীয় বাতৰিৰ ডিজিটেল মিডিয়া প্লেটফৰ্ম বিকিউ প্ৰাইম(BQ Prime) পৰিচালনা কৰা কুইণ্টিলিয়ন বিজনেছ মিডিয়া(Quintillion Business Media)ক অধিগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে ডিচেম্বৰ মাহত সম্প্ৰচাৰক ND TVৰ প্ৰায় ৬৫ ​​শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। এই অধিগ্ৰহণৰ বাবেও এএমজি মিডিয়া নেটৱৰ্কছ লিমিটেডেই আছিল অংশীদাৰিত্ব ক্ৰয়ৰ মাধ্যম।

ফাইলিঙত উল্লেখ কৰা অনুসৰি, এএমএনএলে আইএনএছ আৰু আইএনএছৰ অংশীদাৰ সন্দীপ বামজাইৰ সৈতে নিজৰ পাৰস্পৰিক অধিকাৰ লিপিবদ্ধ কৰাৰ বাবে এক শ্বেয়াৰহোল্ডাৰ চুক্তিত স্বাক্ষৰ কৰিছে। উল্লেখ্য যে, ২০২২-২৩ বিত্তীয় বৰ্ষত (২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৩ চনৰ মাৰ্চলৈ) আইএএনএছৰ ৰাজহ আছিল ১১.৮৬ কোটি টকা।

ৰেগুলেটৰী ফাইলিঙত আদানী এণ্টাৰপ্ৰাইজ গ্ৰুপৰ মিডিয়া হোল্ডিং কোম্পানীটোৱে উল্লেখ কৰা অনুসৰি, আইএনএছৰ সকলো পৰিচালনা আৰু ব্যৱস্থাপনা নিয়ন্ত্ৰণ এএমএনএলৰ ওপৰত থাকিব আৰু আইএনএছৰ সঞ্চালকসকলক নিযুক্তি দিয়াৰ অধিকাৰো এএমএনএলৰ ওপৰত থাকিব। এতিয়াৰ পৰা আইএনএছ এএমএনএলৰ সহযোগী কোম্পানী।

এগৰাকী প্ৰথম প্ৰজন্মৰ উদ্যোগী হিচাপে প্ৰতিস্থা লাভ কৰা আদানীয়ে ১৯৮৮ চনত পণ্যৰ ব্যৱসায়ী হিচাপে আত্মপ্ৰকাশ কৰিছিল । পৰৱৰ্তী সময়ত ১৩টা বন্দৰ আৰু ৮টা বিমানবন্দৰৰ আন্তঃগাঁথনিৰ দ্বায়িত্ব লৈ ভাৰতৰ এজন লেখত ল’বলগীয়া ব্যৱসায়ী হিচাপে প্ৰতিস্থিত হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত ব্যৱসায় সম্প্ৰসাৰিত কৰি গৈছে। তাৰোপৰি বিগত বছৰবোৰত কয়লা, শক্তি বিতৰণ, ডাটা চেণ্টাৰ আৰু শেহতীয়াকৈ চিমেণ্ট আৰু তাম উৎপাদনৰ ক্ষেত্ৰবোৰতো সোমাই ব্যৱসায়ৰ ক্ষেত্ৰখন আৰু অধিক পৰিসৰলৈ বৃদ্ধি কৰিছে । ইয়াৰ উপৰিও এটা ব্যক্তিগত নেটৱৰ্ক স্থাপনক লৈ ৫জি টেলিকম স্পেকট্ৰমৰ বাবে নিবিদা প্ৰদান কৰি ইয়াক অধিগ্ৰহণো কৰে।

লগতে পঢ়ক: IEDs and grenades recovers in JK: জম্মু-কাশ্মীৰৰ ৰাজৌৰীত উদ্ধাৰ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)