IEDs and grenades recovers in JK: জম্মু-কাশ্মীৰৰ ৰাজৌৰীত উদ্ধাৰ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

Security forces recovered IED and grenades in JKs Rajouri
জম্মু-কাশ্মীৰৰ ৰাজৌৰীত উদ্ধাৰ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পুনৰ সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাৰ প্রয়াস । অৱশ্যে অঞ্চলটোত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে বিফল কৰিলে সন্ত্রাসবাদীৰ এই প্ৰচেষ্টা(IEDs and grenades recovers in JK) ।

নেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ: জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ থানামণ্ডিৰ দাৰা পিৰ মকল অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আই ই ডি, গ্ৰেনেডকে ধৰি বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে(IEDs and grenades recovers in JK) । শুকুৰবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰ আৰক্ষী(Jammu and Kashmir Police) আৰু ভাৰতীয় সেনাৰ ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছ(48 Rashtriya Rifles of Indian Army)ৰ এটা যৌথ দলে চলোৱা তালাচী অভিযানৰ সময়ত অঞ্চলটোত বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Security forces recovered arms and ammunition)।

জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, অঞ্চলটোৰ পৰা ৪টা ৰিম’ট আই ই ডি (Improvised Explosive Devices), ছটা ইউ বি জি এল (Under Barrel Grenade Launcher) গ্ৰেনেড, ৫টা ডিটনেটৰ, চাৰিটা ফিউজ, দুটা সৰু বক্স পেকেজ আৰু বহু পৰিমানৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত জম্মু-কাশ্মীৰ আৰক্ষীয়ে ভাৰতীয় সেনাৰ সৈতে চলোৱা আন এক যৌথ অভিযানত এল অ’ চি (Line of Control)ৰ সমীপৰ পালনৱালা গাঁৱৰ অঞ্চলত ড্ৰ’নে পেলোৱা এটা বাকচ উদ্ধাৰ কৰিছিল(Police joint operation with Indian Army)। এগৰাকী বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি আৰক্ষীয়ে বাকচটোৰ পৰা ৯টা গ্ৰেনেড, এটা পিষ্টল, পিষ্টলৰ দুটা মেগজিন, ৩৮ জাঁই গুলী আৰু এটা বেটাৰী সজ্জিত আই ই ডি উদ্ধাৰ কৰিছিল। সেই মাহতে জম্মু আৰক্ষীয়ে জম্মুৰ সিদ্ধৰা নৰৱাল ঘাইপথত টিফিন বক্সত ৰখা অৱস্তাত এটা আই ই ডিও উদ্ধাৰ কৰিছিল।

উল্লেখ্য যে, যোৱাটো মাহত জম্মু-কাশ্মীৰৰ ৰাজৌৰী বাজী মল বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা এক মুখামুখি সংঘৰ্ষত দুগৰাকী সেনা বিষয়া (Captain)কে ধৰি চাৰিজন জোৱান শ্বহীদ হৈছিল। এই এনকাউণ্টাৰত শ্বহীদ হোৱাসকল ক্ৰমে, কেপ্তেইন এম ভি প্ৰাঞ্জল (63 RR/Signal), কেপ্তেইন শুভম – ৯ পাৰা (SF) আৰু হাবিলদাৰ মজিদ – ৯ পাৰা (SF)। অৱশ্যে ইয়াৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোক চাৰিওফালৰ পৰা ঘেৰি চলোৱা অভিযানৰ সময়ত আটাইকেইটা সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: PM Narendra Modi enabled economic rise of NE: মোদী কি গেৰাণ্টিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি কৰিছে: সৰ্বানন্দ সোণোৱাল