Covid-19 sub variant: কেৰালাত ধৰা পৰিছে ক’ভিড-১৯ৰ নতুন চাব ভেৰিয়েণ্ট JN.1

COVID-19 sub-variant JN.1 detected in Kerala woman
কেৰালাত ধৰা পৰিছে ক'ভিড-১৯ৰ নতুন চাব ভেৰিয়েণ্ট JN.1

কেৰালাত ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰ অৰ্থাৎ চাবষ্ট্ৰেইন ধৰা পৰাৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনাত ক’ভিড-১৯ৰ এটা নতুন নতুন উপ-প্ৰকাৰ(Covid-19 sub variant) ধৰা পৰিছে। ইয়াৰ পূৰ্বে ছিংগাপুৰত এগৰাকী ভাৰতীয় ভ্ৰমণকাৰীৰ শৰীৰতো JN.1-ৰ সংক্ৰমণ ধৰা পৰিছিল।

নেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ: কেৰালাত চলিত মাহৰ ৮ তাৰিখে এগৰাকী ৰোগীৰ পৰীক্ষাৰ নমুনাত JN.1 নামেৰে ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰ(Covid-19 sub variant) ধৰা পৰিছে। চৰকাৰী এক সূত্ৰই শনিবাৰে প্ৰদান কৰিছে এই তথ্য । চৰকাৰী সূত্ৰটোৱে জনোৱা মতে, ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰাৰ অন্তত ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰটোৰ দ্বাৰা মহিলাগৰাকী সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ দেহত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (ILI)ৰ এক মৃদু লক্ষণো দেখা গৈছিল যদিও তেওঁ ক’ভিড-১৯ৰ এই সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বৰ্তমান দেশত ৯০ শতাংশতকৈ অধিক ক’ভিড-১৯ৰ ঘটনা গুৰুতৰ নহয় আৰু আক্ৰান্ত হোৱা লোকসকলেও নিজ নিজ ঘৰতে আছুতীয়াকৈ থাকি চিকিৎসা সেৱা গ্ৰহণ কৰি আছে । ইয়াৰ পূৰ্বে ছিংগাপুৰত এগৰাকী ভাৰতীয় ভ্ৰমণকাৰীৰ শৰীৰত JN.1 ৰ সংক্ৰমণ ধৰা পৰিছিল। তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ বাসিন্দা এইগৰাকী ব্যক্তিয়ে যোৱা ২৫ অক্টোবৰত ছিংগাপুৰ ভ্ৰমণৰ বাবে গৈছিল।

অৱশ্যে তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ এইগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিডৰ এই নতুন চাব ভেৰিয়েণ্টবিধৰ অৱস্থিতি পোৱা গৈছিল যদিও ৰাজ্যখনৰ আন কোনো ঠাইত ইয়াৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহা নাই। ইফালে সূত্ৰটোৱে জনোৱা অনুসৰি, ‘এই এটা ঘটনাই পোহৰলৈ আহিছে যদিও এতিয়ালৈকে ভাৰতৰ আন কোনো প্ৰান্তত JN.1 ভেৰিয়েন্টত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই।’

উল্লেখ্য যে, ক’ভিড-১৯ ৰ উপ-প্ৰকাৰ (Sub variant) JN.1 প্ৰথমে লাক্সেমবাৰ্গত চিনাক্ত কৰা হৈছিল। কেইবাখনো দেশলৈ বিয়পি পৰা এই সংক্ৰমণ পিৰোলো ফৰ্ম (BA.2.86)ৰ সৈতে সম্পৰ্কিত। এটা সূত্ৰই জনোৱা মতে ইয়াত বিশেষকৈ স্পাইক প্ৰ’টিনত যথেষ্ট সংখ্যক অনন্য মিউটেচন থাকে, যিয়ে সংক্ৰমণ বৃদ্ধি কৰিব পাৰে। লগতে সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, প্ৰাথমিক তথ্য অনুসৰি আপডেট কৰা ভেকচিন আৰু চিকিৎসাই অৱশ্যে এই JN.1 চাবষ্ট্ৰেইনবিধৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব ।

লগতে পঢ়ক: Adani Group Acquires Stake In IANS Media: সংবাদ প্ৰতিষ্ঠান IANS ৰ ৫০.৫০ শতাংশ শ্বেয়াৰ কিনিলে আদানী গ্ৰুপে