Viksit Bharat Sankalp Yatra: প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

Union minister Sarbananda sonowal participates in Prime Minister's Viksit Bharat Sankalp Yatra from Dibrugarh
প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

“উত্তৰ-পূব অঞ্চলটোৰ লোকসকলে মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সৰ্বাধিক উন্নতি আৰু জীৱনৰ মান উন্নীতকৰণৰ অনন্য অভিজ্ঞতা লাভ কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।(Sarbananda sonowal participates in Prime Minister’s Viksit Bharat Sankalp Yatra)

ডিব্ৰুগড়, ১৭ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অৰ্থাৎ শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ হিতাধিকাৰীও শনিবাৰৰ এই সংকল্প যাত্ৰাত চামিল হয়। এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাত সংযুক্ত হয়। বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ঐক্যবদ্ধ সংকল্পেৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ ধামদুমীয়াত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কৰে আৰু বিকশিত ভাৰতৰ সংকল্প পাঠ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু মোদী চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়ে তেওঁলোকৰ জীৱনলৈ কিদৰে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই বিষয়ে বুজ ল‌য়।

বিকশিত ভাৰত সংকল্প যাত্ৰা হৈছে ভাৰত চৰকাৰৰ সৰ্ববৃহৎ জন ভাগীদাৰী পদক্ষেপ, যিয়ে অহা বৰ্ষৰ ২৫ জানুৱাৰীৰ ভিতৰত সমগ্ৰ দেশৰ ২.৬০ লাখ গাঁও পঞ্চায়ত আৰু ৪,০০০ৰো অধিক ইউএলবি-ক সামৰি ল’ব। মাত্ৰ এমাহৰো কম সময়ৰ ভিতৰতে এই যাত্ৰা দেশৰ ৬৮,০০০ গাঁও পঞ্চায়তৰ ২.৫০ কোটিৰো অধিক নাগৰিকৰ ওচৰলৈ গৈছে। তদুপৰি, প্ৰায় ২ কোটি লোকে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ২ কোটিৰো অধিক হিতাধিকাৰীয়ে ‘মেৰী কাহানী মেৰী জুবানী’ পদক্ষেপৰ অধীনত তেওঁলোকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ ভাষণত কয়, “বিকশিত ভাৰতৰ এই সংকল্প যাত্ৰা হৈছে এখন নতুন, শক্তিশালী, সমৃদ্ধিশালী আৰু সুস্থ-সবল ভাৰতৰ দিশত ‘মোদী কি গেৰাণ্টি’ৰ এক নিদৰ্শন। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে বিগত ৯ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূৰ্ণোদ্যমে অটুট আছে।”

সোণোৱালে লগতে কয়, “পূৰ্বৰ চৰকাৰৰ দিনত অৱহেলিত উত্তৰ-পূৰ্বাঞ্চললৈ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে ৬৪ বাৰতকৈও অধিক আহিছে। এতিয়ালৈকে দেশৰ যিকোনো প্ৰধানমন্ত্ৰীৰ দ্বাৰা এয়া হৈছে উত্তৰ-পূবলৈ সৰ্বাধিক আগমন। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ দিশতো আমাৰ চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। কংগ্ৰেছৰ দিনত দশক দশকজুৰি দুৰ্নীতি, শোষণ, হত্যা-হিংসা আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদী চৰকাৰে ৫ লাখ কোটি টকাতকৈও অধিক অনুদান আগবঢ়াইছে। ২০১৪ চনৰ পৰা অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাৰ বাবে মোদী ডাঙৰীয়াই কৰ্মৰাজিৰ মাজেৰে অতুলনীয় দৃষ্টান্ত দাঙি ধৰিছে। অসমত নিৰৱচ্ছিন্ন চিকিৎসা মহাবিদ্যালয়, এইমছ, স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আদিৰ স্থাপনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে, বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ চৌহদ অসমত স্থাপন কৰা হৈছে। আন কেতবোৰ ক্ষেত্ৰতো আন্তঃগাঁথনি ক্ষিপ্ৰতাৰে উন্নীত কৰা হৈছে। উত্তৰ-পূব অঞ্চলটোৰ লোকসকলে মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সৰ্বাধিক উন্নতি আৰু জীৱনৰ মান উন্নীতকৰণৰ অনন্য অভিজ্ঞতা লাভ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।”

শনিবাৰৰ এই অনুষ্ঠানটিত সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় পৌৰসভাৰ উপ-পৌৰপতি উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

লগতে পঢ়ক: PM Narendra Modi enabled economic rise of NE: মোদী কি গেৰাণ্টিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি কৰিছে: সৰ্বানন্দ সোণোৱাল

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)