Tourists stranded amid snowfall in Sikkim: ছিকিমত তুষাৰপাতৰ মাজত আবদ্ধ ৮০০ পৰ্যটক, ভাৰতীয় সেনাৰ তৎপৰতাত উদ্ধাৰ শিশু, মহিলাকে ধৰি সমূহ পৰ্যটক

Tourists stranded amid snowfall in Sikkim Indian Army rescued all
ছিকিমত তুষাৰপাতৰ মাজত আবদ্ধ ৮০০ পৰ্যটক, ভাৰতীয় সেনাৰ তৎপৰতাত উদ্ধাৰ শিশু, মহিলাকে ধৰি সমূহ পৰ্যটক
বৰ্তমান সময়ত ছিকিমৰ বতৰে ধাৰণ কৰিছে এক ভয়াৱহ ৰূপ, যাৰ ফলত ৰাজ্যখনৰ অধিকাংশ অঞ্চল প্ৰচন্দ ঠাণ্ডাই চানি ধৰিছে। লাচুং আৰু ইয়াৰ ওপৰৰ অঞ্চলকে ধৰি উত্তৰ ছিকিমৰ কিছু অংশত তুষাৰপাতো অব্যাহত আছে(Tourists stranded amid snowfall in Sikkim)। ইয়াৰ মাজতে তুষাৰপাতৰ মাজত আবদ্ধ ৮০০ পৰ্যটকক ভাৰতীয় সেনাই উদ্ধাৰ কৰে ।

গেংটক, ১৩ ডিচেম্বৰ: বুধবাৰে বিয়লি পূব ছিকিমৰ ওখ অঞ্চলত হোৱা তুষাৰপাত আৰু বেয়া বতৰৰ বাবে ৮০০ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰে। আবদ্ধ লোকসকলৰ মাজত বয়োজ্যেষ্ঠ, মহিলাকে ধৰি বহুসংখ্যক শিশুও আছিল। এই তথ্য লাভ কৰাৰ পিছতে ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ জোৱানসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ আবদ্ধ পৰ্যটকসকলক উদ্ধাৰ কৰে(Tourists stranded amid snowfall in Sikkim)।

গভীৰ নিশালৈকে এই উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে পৰ্যটকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে(Indian Army rescued)। উদ্ধাৰৰ পিছত সেনা জোৱানসকলে তেওঁলোকৰ বেৰেকলৈ নি পৰ্যটকসকলক আশ্ৰয় দিয়াৰ লগতে গৰম কাপোৰ আৰু চিকিৎসা সাহায্যৰো ব্যৱস্থা কৰে। তাৰোপৰি ত্ৰিশক্তি কৰ্পছৰ ফালৰ পৰা পৰ্যটকসকলক গৰম খাদ্যৰো যোগান ধৰে। প্ৰাপ্ত তথ্য অনুসৰি ​​পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতে কাইলৈৰ ভিতৰত পৰ্যটকসকলক ৰাজ্যখনৰ ৰাজধানী গেংটকলৈ স্থানান্তৰ কৰা হ’ব।

অকস্মাত হোৱা এনে বেয়া বতৰৰ সময়ত ত্ৰিশক্তি কৰ্পছৰ সেনা জোৱানসকলে অলপো পলম নকৰাকৈ সেই স্থানত উপস্থিত হৈ চলোৱা উদ্ধাৰ অভিযানে আবদ্ধ হৈ থকা পৰ্যটকসকলক সকাহ প্ৰদান কৰে। ইয়াৰ বাবে পৰ্যটকসকলে ভাৰতীয় সেনাবাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰে।

ভাৰতীয় সেনাই হিমালয়ৰ উচ্চ শিখৰত অৱস্থান কৰি দেশৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে সক্ৰিয় হৈ কৰ্তব্য পালন কৰি আহিছে তাক সেনাজোৱানসকলৰ এই দু:সাহসিক অভিযানে পুনৰ এবাৰ প্ৰতিফলিত কৰি দেখুৱালে । উল্লেখ্য যে, দেশৰক্ষাৰ কৰ্তব্যৰ মাজতে এনেধৰণৰ পৰ্যটনস্থলীসমূহত সেনা জোৱানসকলে পৰ্যটকসকলক বিভিন্ন সময়ত উদ্ধাৰ কৰি অহাৰ লগতে স্থানীয় লোকসকলকো সহায়ৰ হাত আগবঢ়াই আহিছে।

এই সময়ত ছিকিমৰ বতৰে এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতেবেছিভাগ অঞ্চলতে প্ৰচণ্ড ঠাণ্ডা পৰা বুলি জানিব পৰা গৈছে । লাচুং আৰু ইয়াৰ ওপৰৰ অঞ্চলকে ধৰি উত্তৰ ছিকিমৰ কিছু অংশত তুষাৰপাত অব্যাহত আছে। ৰাভাংলাকে ধৰি একাংশ অঞ্চলত শিলাবৃষ্টিৰো খবৰ পোৱা গৈছে। কেইমাহমান পূৰ্বে হৈ যোৱা প্ৰলংকাৰী বানৰ পিছত শেহতীয়াকৈ ছিকিমৰ এই অঞ্চলসমূহত ভ্ৰমণৰ বাবে কৰ্তৃপক্ষই পৰ্যটকসকলক অনুমতি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহতো ভাৰতীয় সেনাই ৯০০ পৰ্যটকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছিল । এই অভিযানত স্থানীয় আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথভাৱে পৰ্যটকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ গৈছিল। নাথুলা আৰু ছমগো হ্ৰদৰ পৰা গেংটকলৈ যোৱাৰ পথত প্ৰচণ্ড বৰফৰ মাজত আবদ্ধ হৈ পৰিছিল এই পৰ্যটকসকল। বৰফ পৰাৰ ফলত যান-বাহনৰ চলাচল বন্ধ হোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যত আবদ্ধ হৈ পৰিছিল ২০০ৰো অধিক বাহন।

লগতে পঢ়ক: Big lapse in Parliament security: সংসদ ভৱনৰ বাহিৰত দুই যুৱক যুৱতীৰ প্ৰতিবাদ, তৎপৰতাৰে দিল্লী আৰক্ষীয়ে দুয়োকে কৰিলে আটক

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)