Actor Jayanta Das passes away: অসমবাসীক কন্দুৱাই ইহসংসাৰ ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে

Assamese veteran actor Jayanta Das passes away
অসমবাসীক কন্দুৱাই ইহসংসাৰ ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে

সকলোকে কন্দুৱাই অৱশেষত গ’লগৈ জনপ্ৰিয় অভিনেতা জয়ন্ত দাসো (Actor Jayanta Das passes away)। শনিবাৰে নিশা ৮ বাজি ৪১ মিনিটত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷

গুৱাহাটী, ১৭ ডিচেম্বৰ: সকলোকে কন্দুৱাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে (Actor Jayanta Das passes away)। এসময়ৰ প্ৰখ্যাত টেনিছ খেলুৱৈ প্ৰয়াত পুলিন দাসৰ পুত্ৰ জয়ন্ত দাস ছবি উদ্যোগৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত সকলোৰে মাজত ৰাজু নামেৰে পৰিচিত আছিল । ৰাজুদাই যোৱা কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে অৱশেষত শনিবাৰে নিশা ৮ বাজি ৪১ মিনিটত শেষ নিঃশ্বাস ত্যাগ কৰে ।

শিল্পীগৰাকী চিকিৎসাধীন হোৱা বুলি অৱগত হোৱাৰ পিছতেই অনুৰাগীসকলে তেখেতৰ আশু আৰোগ্য কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল । ইফালে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ তৰফৰ পৰা তেখেতৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ ব্যয় কৰাৰ কথাও জনাইছিল বিভাগীয় মন্ত্ৰী বিমল বড়াই ।তাৰোপৰি চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজ দি থকা জয়ন্ত দাসৰ কাষত উপস্থিত হৈ তেখেতৰ খবৰ লৈছিল অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই । কিন্তু অৱশেষত সকলোকে কন্দুৱাই এইগৰাকী অভিনেতাই মাত্ৰ ৫৪ বছৰ বয়সতে জীৱনৰ ৰংগমঞ্চৰ পৰা মেলানি মাগিলে ।

”মুকুতা” চলচিত্ৰত এগৰাকী শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা জয়ন্ত দাসে পৰৱৰ্তী সময়ত ৰূপায়ণ কৰা প্ৰতিটো চৰিত্ৰই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। শিক্ষা গ্ৰহণ কৰি থকা অলস্থাতে কটন কলেজত এগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিচিত হৈ পৰা কৰা জয়ন্ত দাসে ৮০ ৰ দশকত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ হাতত ধৰি নাট্যজগতত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ পাছতেই তেখেতৰ জীৱনে লৈছিল অন্য এক গতি।

অসমীয়া চলচিত্ৰত প্ৰথমে খলনায়কৰ ভূমিকাত অভিনয় কৰি দৰ্শকৰ চিনাকী হৈ পৰা জয়ন্ত দাসে পৰৱৰ্তী সময়ত তেখেতৰ কমেডী অভিনয়ৰ বাবে সকলোৰে মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল আৰু সৰ্বত্ৰে লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। ৯০ৰ দশকৰ গুৱাহাটী দূৰদৰ্শনত সম্প্ৰচাৰ হোৱা ধাৰাবাহিক ‘পাপু নিকু সংবাদ’ এইখনেই আছিল তেখেতৰ কেৰিয়াৰৰ প্ৰথমখন কমেডী ধাৰাবাহিক। ‘ভাড়াঘৰ’ৰ ‘হেমন্ত কাকতি’ক পাহৰিব কোনে ? ‘ভাড়াঘৰ’ নামৰ ধাৰাবাহিকখনত ‘হেমন্ত কাকতি’ ৰ চৰিত্ৰত অভিনয় কৰি তেখেতে অসমৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল ।

শকুন্তলা আৰু শংকৰ যোচেফ আলি, পিতা-পুত্ৰ, অজলা ককাই, হলধৰ, বুকুৰ মাজত জ্বলে, জোন জ্বলে কপালত, ভূমিপুত্ৰ, নায়ক, কন্যাদান, মন, কাদম্বৰী, অগ্নিসাক্ষী, মিঠা মিঠা লগনত, জোনাকী মন, আই ক’ত নাই (মা) , অদম্য, অধিনায়ক, খেল দ্যা গেম, ৰামধেনুকে ধৰি বহু সংখ্যক অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনা এইগৰাকী অভিনেতাক যোৱা ৯ ডিচেম্বৰত গুৱাহাটীৰ এপ’ল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে তেওঁক ভেণ্টিলেচনত ৰখা হৈছিল। মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে ৷

লগতে পঢ়ক: Viksit Bharat Sankalp Yatra: প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ 

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)