PM Modi on Parliament security Breach: সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক গুৰুতৰ আখ্যা প্ৰধানমন্ত্ৰীৰ

PM Modi on Parliament security breach The breach in Parliament security is a very serious matter
সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক অতি গুৰুতৰ বিষয় বুলি কলে প্ৰধানমন্ত্ৰী মোডীয়ে

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদৰ নিৰাপত্তাৰ ভংগৰ বিষয়টোক এটা গুৰুতৰ বিষয় বুলি উল্লেখ কৰে(PM Modi on Parliament security Breach)। লগতে তদন্তকাৰী সংস্থাসমূহে এই বিষয়ত কঠোৰভাৱে অনুসন্ধান কৰি থকাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে সংসদৰ নিৰাপত্তা ভংগ হোৱাতো অতিকে এটা গুৰুতৰ বিষয় আৰু এই বিষয়টোক লৈ বিৰোধীয়ে বিতৰ্কৰ সৃষ্টি কৰাটো উচিত নহয়(PM Modi on Parliament security Breach)। এখন হিন্দী বাতৰি কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তদন্তকাৰী সংস্থাসমূহে বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান কৰি আছে এই লৈ কঠোৰ পদক্ষেপো গ্ৰহণ কৰিছে। তেখেতে কয় যে এই আক্ৰমণৰ লগত জড়িত লোকসকলৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যৰ গভীৰতালৈ যোৱাটোও সমানেই গুৰুত্বপূৰ্ণ।

বাতৰি কাকতখনৰ মতে, নিৰাপত্তা উলংঘনৰ এই ঘটনাটোক মোডীয়ে বেদনাদায়ক আৰু চিন্তনীয় বুলি অভিহিত কৰিছে। তেখেতে ক’লে, ‘এনে বিষয়ত সকলোৱে বিতৰ্ক বা প্ৰতিৰোধৰ পৰা আঁতৰি ইয়াৰ সমাধান বিচাৰি উলিয়াবৰ বাবে সকলোৱে একেলগে চেষ্টা কৰাটোহে দৰকাৰ। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘সংসদত ঘটা এই ঘটনাৰ গুৰুত্বক কোনোপধ্যেই তুচ্ছজ্ঞান কৰিব নোৱাৰি।’

এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষই সম্পূৰ্ণ গুৰুত্বসহকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা বুলিও তেখেতে উল্লেখ কৰে। ১৩ ডিচেম্বৰৰ দিনা লোকসভাৰ কাৰ্যসূচী চলি থকাৰ সময়তে দৰ্শকৰ গেলেৰীৰ পৰা দুজন লোকে সদনৰ ভিতৰত জঁপিয়াই পৰিছিল। ইয়াৰ পিছতে বিৰোধী দলসমূহে গৃহমন্ত্ৰী অমিত শ্বাহক এই সন্দৰ্ভত এক বিবৃতি দিবলৈ দাবী জনোৱা পৰিলক্ষিত হয় । তাৰোপৰি একাংশ নেতাই শ্বাহৰ পদত্যাগৰো দাবী জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে(Prime Minister Narendra Modi) উল্লেখ কৰা অনুসৰি, সংসদ চৌহদৰ নিৰাপত্তাৰ দায়িত্ব লোকসভা সচিবালয়ৰ আৰু আৰু নিৰাপত্তাৰ লগত জড়িতসকলে লোকসভাৰ অধ্যক্ষ(Lok Sabha Speaker)ৰ নিৰ্দেশনাক অনুসৰণ কৰি পালন কৰি আহিছে । তেখেতে বিগত সময়চোৱাত হৈ যোৱা এনে বহুকেইটা নিৰাপত্তাজনিত ক্ৰুটিৰ কথা উল্লেখ কৰি বিৰোধীয়ে এই বিষয়ত ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে। বিজেপিয়ে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে তুলনামূলকভাৱে নতুন আৰু অজ্ঞাত নেতাক বাছনি কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই আটাইকেইগৰাকী নেতাই যথেষ্ঠ অভিজ্ঞতা সম্পন্ন আৰু দলটোৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি আহিছে।

দলটোৰ এই বাছনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা সকলক সমালোচনা কৰি তেওঁ কয় যে এইয়া সমগ্ৰ দেশৰ বাবেই দুৰ্ভাগ্য যে যিসকলে তেওঁলোকৰ ভাষণ, বুদ্ধিমত্তা আৰু ব্যক্তিত্বৰ জৰিয়তে সামাজিক জীৱনত প্ৰভাৱ সৃষ্টি কৰে, তেওঁলোকৰ এটা বৃহৎ অংশই বন্ধ মানসিকতাত আবদ্ধ হৈ আছে। তেখেতে ক’লে, ‘এয়া কেৱল ৰাজনৈতিক ক্ষেত্ৰখনতে সীমাবদ্ধ নহয়। এই প্ৰৱণতাই আমাক জীৱনৰ সকলো ক্ষেত্ৰতে আমনি কৰে।’

কেইবা দশক ধৰি সংবাদ মাধ্যমৰ মনোযোগ নিৰ্দিষ্ট কেইটামান পৰিয়ালৰ ওপৰত কেন্দ্ৰীভূত হৈ থকা বুলি উল্লেখ কৰি ইয়াৰ বাবেই নতুন সকলৰ প্ৰতিভা আৰু উপযোগিতাৰ বিষয়ে আলোচনা হোৱা নাই বুলিও তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ক’লে, ‘ইয়াৰ বাবেই কেতিয়াবা কিছুমান মানুহক আপোনাৰ বাবে নতুন যেন লাগে; কিন্তু সত্যটো হৈছে যে, তেওঁলোক নতুন নহয়, তেওঁলোকৰ নিজস্ব দীঘলীয়া তপস্যা আৰু অনুভৱ আছে।

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, শিৱৰাজ সিং চৌহান আৰু বসুন্ধৰা ৰাজেৰ প্ৰাৰ্থীত্বক আওকাণ কৰি বিজেপি নেতৃত্বই ক্ৰমে বিষ্ণু দেৱ ছাই, মোহন যাদৱ আৰু ভজন লাল শৰ্মাক ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিছে।

ইয়াৰ উপৰিও অনুচ্ছেদ ৩৭০ ৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত মোদীয়ে কয় যে এই অনুচ্ছেদ বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ে অনুমোদন দিছে আৰু ‘এতিয়া বিশ্বৰ কোনো শক্তিয়ে ইয়াক ঘূৰাই আনিব নোৱাৰে।’

শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ উৎকৃষ্ট প্ৰদৰ্শনৰ কথা উল্লেখ কৰি তেখেতে কয় যে, হৈ যোৱা এই নিৰ্বাচনে প্ৰমাণিত কৰিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে পুনৰ এক ঐতিহাসিক জয় লাভ কৰিবলৈ সাজু হৈছে। তেখেতে লগতে কয়, জনসাধাৰণে বিৰোধীৰ দাবীক কিয় গ্ৰহণ নকৰে, সেই লৈ বিৰোধী দলসমূহে আত্মসমালোচনা কৰা উচিত ।

লগতে পঢ়ক: Viksit Bharat Sankalp Yatra: প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)