Exercise Astrashakti 2023: ভাৰতে দেখুৱালে স্বদেশীৰ শক্তি, আকাশ মিচাইলে একেলগে আঘাত কৰিলে ৪টাকৈ লক্ষ্যত

Exercise Astrashakti 2023 India becomes first country to hit 4 aerial targets simultaneously at 25 km ranges
ভাৰতে দেখুৱালে স্বদেশীৰ শক্তি, আকাশ মিচাইলে একেলগে আঘাত কৰিলে ৪টাকৈ লক্ষ্যত

শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ সূৰ্য্যলংকা বায়ুসেনা ষ্টেচনত অষ্ট্ৰশক্তি ২০২৩(Exercise Astrashakti 2023) ৰ অনুশীলনৰ সময়ত থলুৱাভাৱে নিৰ্মিত আকাশ মিচাইলৰ ফায়াৰ পাৱাৰ প্ৰদৰ্শন কৰা হয়। ভাৰতীয় বায়ুসেনাই (Indian Air Force) চলোৱা অষ্ট্ৰশক্তি অনুশীলনৰ সময়ত এককভাৱে আকাশ মিচাইলে একেলগে চাৰিটা মানৱবিহীন আকাশী লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হয়।

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: নিজৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অত্যাধুনিক প্ৰযুক্তিৰ বিভিন্ন অস্ত্ৰক ৰপ্তানি কৰিবলৈ আগ্ৰহী ভাৰতে পৃষ্ঠৰ পৰা আকাশমাৰ্গত (SAM)আক্ৰমণ কৰিব পৰা থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিচাইল ‘আকাশ’ৰ ফায়াৰ পাৱাৰ শক্তিশালীভাৱে প্ৰদৰ্শন কৰিলে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা অষ্ট্ৰশক্তি-২০২৩(Exercise Astrashakti 2023)ৰ অনুশীলনৰ সময়ত এটা একক ফায়াৰিং ইউনিটে একেলগে চাৰিটা মানৱবিহীন লক্ষ্যক ধ্বংস কৰিবলৈ সক্ষম হয়।

এই প্ৰদৰ্শনৰ জৰিয়তে ভাৰতে এটা ফায়াৰিং ইউনিট ব্যৱহাৰ কৰি কমাণ্ড গাইডেন্সৰ দ্বাৰা এনে পৰিসৰত একেলগে চাৰিটা টাৰ্গেটক ধ্বংস কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল।

ভাৰতীয় বায়ুসেনাৰ উদ্যোগত সূৰ্যলংকা বায়ুসেনা ষ্টেচনত যোৱা ১২ ডিচেম্বৰত অনুষ্ঠিত হোৱা অষ্ট্ৰশক্তি ২০২৩ৰ অনুশীলনৰ সময়ত এই প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। এই প্ৰদৰ্শনৰ বিষয়ে ব্যাখ্যা কৰি বায়ুসেনাৰ এগৰাকী বিষয়াই কয় যে, অনুশীলনৰ সময়ত ভাৰতে থলুৱাভাৱে নিৰ্মাণ কৰা ‘আকাশ মিচাইল প্ৰণালী’ৰ ফায়াৰ পাৱাৰ প্ৰদৰ্শন কৰা হয়, য’ত একে সময়তে আকাশ মিচাইলৰ এটা একক ফায়াৰিং ইউনিটে চাৰিটা লক্ষ্য (মানৱবিহীন আকাশী লক্ষ্য)ক টাৰ্গেট কৰি লৈছিল।

ভাৰতীয় বায়ুসেনাৰ বিষয়াগৰাকীয়ে জনোৱা মতে, অনুশীলনৰ সময়ত চাৰিটা লক্ষ্য এটা ফালৰ পৰা আহিছিল আৰু একে সময়তে বিভিন্ন দিশৰ পৰা নিজৰ প্ৰতিৰক্ষা সম্পত্তিক আক্ৰমণ কৰিবলৈ বিভক্ত হৈছিল।

তেওঁ কয় যে, এই ফায়াৰিং ইউনিটটোত ফায়াৰিং লেভেল ৰাডাৰ (FLR), ফায়াৰিং কণ্ট্ৰল চেণ্টাৰ (FCC) আৰু দুটা আকাশ এয়াৰ ফৰ্চ লঞ্চাৰ (AAFL) ৰ সৈতে পাঁচটা সশস্ত্ৰ মিচাইল সংলগ্ন কৰা হৈছিল। পৰীক্ষাটোত এফএলআৰ ধৰা পেলোৱাৰ লগতে ইয়াক অনুসৰণ কৰাৰ অন্তত চাৰিটা লক্ষ্যৰে আকাশ মিচাইলৰ পৰিস্থিতি উচ্চ পৰ্যায়লৈ আপডেট কৰা হৈছিল। লগতে সন্মুখৰ এই ভাবুকিটোক নিষ্ক্ৰিয় কৰিবৰ বাবে আকাশ ফায়াৰিং ইউনিটক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু ইয়াৰ সামৰ্থ্য অনুসৰি চিষ্টেমটোৱে সক্ৰিয় হোৱাৰ সংকেত দিয়াৰ সময়তে কমাণ্ডাৰে ফায়াৰিঙৰ আদেশ জাৰি কৰিছিল।

বিষয়াগৰাকীয়ে লগতে কলে, দুটা আকাশ মিচাইলক দুটা লঞ্চাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল আৰু পৰৱৰ্তী দুটা টাৰ্গেটত আঘাত হানিবৰ বাবেও একেটা লঞ্চাৰকে নিযুক্ত কৰা হৈছিল। অতি কম সময়ৰ ভিতৰতে মুঠ চাৰিটা মিচাইল উৎক্ষেপণ কৰি সৰ্বাধিক পৰিসৰত (প্ৰায় ৩০ কিলোমিটাৰ) একেলগে চাৰিওটা লক্ষ্যতে সফলতাৰে আঘাত কৰা হৈছিল।

লগতে পঢ়ক: PM Modi on Parliament security Breach: সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক গুৰুতৰ আখ্যা প্ৰধানমন্ত্ৰীৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)