Book launch of Sahityatirtha: সাহিত্যতীৰ্থৰ গ্ৰন্থ উন্মোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

Union minister Sarbananda Sonowal attends book launch of Sahityatirtha
সাহিত্যতীৰ্থৰ গ্ৰন্থ উন্মোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

স্বর্গীয় সুৰেন্দ্ৰ নাৰায়ণ গোস্বামীৰ ‘মেঘদূত’ (অসমীয়া কাব্যৰূপ), ডাঃ নাৰায়ণ গোস্বামীৰ ‘সুৰৰ পানচৈ’ (গীতৰ সংকলন), হৃষীকেশ গোস্বামীৰ ‘মানুহৰ মৃত্যুত’ আৰু ‘নেতৃত্ব এক কলা’ (প্রবন্ধ সংকলন) শীৰ্ষক গ্ৰন্থসমূহ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে(Book launch of Sahityatirtha) ।

গুৱাহাটী, ১৮ ডিচেম্বৰ: গ্ৰন্থমেলাৰ বতৰৰ মাজতে দেওবাৰে ‘সাহিত্যতীৰ্থ’ৰ উদ্যোগত গুৱাহাটীৰ গীতানগৰত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে(Book launch of Sahityatirtha)। এই সভাত স্বর্গীয় সুৰেন্দ্ৰ নাৰায়ণ গোস্বামীৰ ‘মেঘদূত’ (অসমীয়া কাব্যৰূপ), ডাঃ নাৰায়ণ গোস্বামীৰ ‘সুৰৰ পানচৈ’ (গীতৰ সংকলন), হৃষীকেশ গোস্বামীৰ ‘মানুহৰ মৃত্যুত’ আৰু ‘নেতৃত্ব এক কলা’ (প্রবন্ধ সংকলন) শীৰ্ষক গ্ৰন্থসমূহ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে আৰু এইসকল লেখকৰ সৃষ্টিশীলতা তথা চিন্তাশীল চেতনা প্ৰতিফলিত হোৱা গ্ৰন্থকেইখনক পঢ়ুৱৈ সমাজে সহৃদয়ে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত ড° অৱনী কুমাৰ ভাগৱতী, ড° মালিনী গোস্বামী, ড° হিতেশ ডেকা, ডাঃ নাৰায়ণ গোস্বামী, হৃষীকেশ গোস্বামী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Union minister Sarbananda Sonowal) তেখেতৰ ভাষণ প্ৰসংগত কয়, “মানুহৰ মনৰ চিন্তাৰ পৰিধি, সৃষ্টিশীলতা আৰু কল্পনা কিতাপৰ যোগেদি প্ৰতিফলিত হৈ আহিছে। গ্ৰন্থত আছে সেই অদ্ভূত শক্তি, যিয়ে সমাজত ইতিবাচক প্ৰভাৱ পেলাই সমাজ সচেতনতা সৃষ্টিৰ কাম কৰিব পাৰে। বহু মনীষীৰ সাধনা, অধ্যৱসায় আৰু সৃষ্টিৰ তাড়নাৰ ফলত বহুতো কালজয়ী গ্ৰন্থৰ সৃষ্টি হৈছে, যিয়ে মানৱ সমাজক চিন্তাৰ খোৰাক যোগাই আহিছে। গ্ৰন্থ আৰু গ্ৰন্থমেলা এখন সমাজৰ, একোটা জাতিৰ দাপোণস্বৰূপ। যি জাতিৰ গ্ৰন্থ আন্দোলনৰ ভেটি মজবুত নহয়, সেই জাতিয়ে কেতিয়াও বৌদ্ধিক জাগৰণৰ দিশত আগুৱাই যাব নোৱাৰে। সেয়েহে গ্ৰন্থ আৰু গ্ৰন্থমেলাৰ জৰিয়তে অসমত এক নতুন বৌদ্ধিক জাগৰণৰ সূচনা কৰাটো সময়ৰ দাবী। বহু স্বনামধন্য ভাষাবিদ, সাহিত্যিকে আমাৰ সুৱদিসুৰীয়া অসমীয়া ভাষাটোক জাকত-জিলিকা কৰি তুলিছে। তেখেতসকলৰ নিৰৱচ্ছিন্ন সৃষ্টিৰ নিজৰাই নৱপ্ৰজন্মকো সাহিত্য সৃষ্টিৰ পথাৰখনত মনোনিৱেশ কৰিবলৈ উদ্বুদ্ধ কৰি আহিছে। মই আশা কৰোঁ- আজি শুভ উন্মোচন কৰা গ্ৰন্থকেইখনে পাঠকসকলক নতুন আমেজ দিব আৰু গ্ৰন্থকেইখনে সকলোৰে মৰম বুটলিব। গ্ৰন্থকেইখনৰ লেখকসকলক এইছেগতে মই আন্তৰিক শুভেচ্ছা জনালোঁ।” তদুপৰি গ্ৰন্থ আন্দোলনৰ বাবে পদযাত্ৰাৰ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে লগতে কয়, “বৰ্তমান তথ্য-প্ৰযুক্তিৰ যুগত আমি যেন ক’ৰবাত কিতাপ পঢ়াৰ মাদকতা হেৰুৱাই পেলাইছোঁ। কিতাপ ক্ৰয় কৰি পঢ়াৰ যি আনন্দ, সেয়া একোৰেই জুখিব নোৱাৰি। নতুন প্ৰজন্মটোৱে যাতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত হয়, তাৰ বাবে আমি সকলোৱে মিলি এক উজ্জীৱিত বৌদ্ধিক বাতাৱৰণ গঢ়ি তুলিব লাগিব। জিলাই জিলাই, গাঁৱে-ভূঞে, চহৰে-নগৰে পুথিভঁৰালৰ সদ্ব্যৱহাৰ কৰিব লাগিব। আমাৰ মনৰ দুৱাৰবোৰ খুলি চিন্তাৰ পৰিধি ব্যাপ্ত কৰিবলৈ হ’লে গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। গ্ৰন্থ অধ্যয়নে আমাৰ ধৈৰ্যশক্তি, মনোযোগ আৰু একাগ্ৰতা বৃদ্ধিতো সহায় কৰে। আহক, গ্ৰন্থমেলাৰ এই বতৰত আমি সকলোৱে মিলি গ্ৰন্থ আন্দোলনৰ ভেটি মজবুত কৰিবলৈ বদ্ধপৰিকৰ হওঁ।

লগতে পঢ়ক: Exercise Astrashakti 2023: ভাৰতে দেখুৱালে স্বদেশীৰ শক্তি, আকাশ মিচাইলে একেলগে আঘাত কৰিলে ৪টাকৈ লক্ষ্যত 

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)