Pakistani woman Seema: সীমা মীনাই ভাৰতীয় নাগৰিকত্ব লাভৰ ক্ষেত্ৰত হেঙাৰ হৈছে পাকিস্তান চৰকাৰ ! এতিয়া কি হ’ব সীমাৰ ?

Pakistani woman Seema Pakistan government creating obstacles for Seema Meena to get Indian citizenship claims her lawyer
সীমা মীনাই ভাৰতীয় নাগৰিকত্ব লাভৰ ক্ষেত্ৰত হেঙাৰ হৈছে পাকিস্তান চৰকাৰ ! এতিয়া কি হ'ব সীমাৰ ?

পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা(Pakistani woman Seema)ই ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে পাকিস্তান চৰকাৰে। সীমাৰ অধিবক্তা এ পি সিঙে উল্লেখ কৰা অনুসৰি, পাকিস্তান চৰকাৰে এতিয়াও সীমাৰ নাগৰিকত্বৰ প্ৰমাণীকৰণ প্ৰেৰণ কৰা নাই। এনে পৰিস্থিতিৰ পৰিপেক্ষিতত সীমাই এতিয়া আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত দাখিল কৰিব আবেদন ।

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা শচীন মীনাই(Pakistani woman Seema) এতিয়াও লাভ কৰা নাই ভাৰতীয় নাগৰিকত্ব । এনে পৰিপ্ৰেক্ষিতত দেওবাৰে সীমাৰ অধিবক্তা ডাঃ এ পি সিঙে এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলখনত সীমাই ভাৰতীয় নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত অহা বিভিন্ন সমস্যাসমূহৰ কথা বৰ্ণনা কৰি এই সন্দৰ্ভত তেওঁলোকে এতিয়া আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত আবেদন দাখিল কৰাৰ কথা উল্লেখ কৰে। বৰ্তমান সীমা ৰাবুপুৰাৰ বাসিন্দা শচীন মীনাৰ পত্নী হিচাপেই তেওঁলোকৰ ঘৰত বসবাস কৰি আছে।

অধিবক্তা এ পি সিঙে কয় যে সীমাৰ নাগৰিকত্বৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন দাখিল কৰা হৈছিল। ইতিমধ্যে এই আবেদন ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা দেশৰ গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে। এই লৈ গৃহ মন্ত্ৰালয়ৰ লগত কৰি থকা যোগাযোগৰ অন্তত তেওঁলোকে জানিব পাৰে যে, এতিয়ালৈকে পাকিস্তানৰ ফালৰ পৰা সীমাৰ বিষয়ত কোনো তথ্য প্ৰদান কৰা হোৱা নাই। এই লৈ ভাৰত চৰকাৰে কেইবাবাৰো সোঁৱৰাই দিয়াৰ পাছতো বিষয়টোক লৈ পাকিস্তান চৰকাৰে অলপো গুৰুত্ব দিয়া নাই।

তেওঁ কয় যে এই বিষয়টোত পাকিস্তান চৰকাৰে নিৰন্তৰ বাধাৰ সৃষ্টি কৰি আছে। সীমা হাইদৰৰ প্ৰাক্তন স্বামী গোলাম হাইদৰে সীমাৰ বিৰুদ্ধে পাকিস্তানত অহৰহ অভিযোগ উত্থাপন কৰি আছে। সেয়েহে এই সন্দৰ্ভত পাকিস্তান চৰকাৰে এতিয়ালৈকে সীমাৰ পাকিস্তানৰ নাগৰিকত্বৰ প্ৰমাণীকৰণ প্ৰেৰণ কৰা নাই। এনে পৰিস্থিতিত তেওঁলোকে এতিয়া আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত আবেদন দাখিল কৰিব, যাতে দুয়োখন দেশৰ মাজত হোৱা চুক্তি বিনষ্ট নহয়। ইফালে সীমা মীনাই কয় যে, তেওঁ নিজৰ ইচ্ছামতে পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে। তেওঁৰ প্ৰাক্তন স্বামী গুলাম হাইদৰে অৰ্থহীন ভাৱে বিষয়টোক লৈ বাধাৰ সৃষ্টি কৰিছে। গুলাম হাইদৰৰ যিহেতু বেলেগ পত্নী আৰু সন্তান আছে আৰু সেয়ে তেওঁ এতিয়া তেওঁলোকৰহে যত্ন লোৱা উচিত। এইজন ব্যক্তিয়েই পূৰ্বে আমাক অকলে এৰি থৈ চৌদি আৰৱলৈ গুছি গৈছিল।

লগতে সীমাই কয় যে তেওঁ বৰ্তমান ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা ভাল উপাৰ্জন লাভ কৰি আহিছে। অৱশ্যে ইউটিউবত ইনষ্টাগ্ৰামতকৈ অধিক উপাৰ্জন কৰিছে। তেওঁ কলে, তেওঁক যিসকলে ইনষ্টাগ্ৰামত অশ্লীল মেছেজ পঠাই আহিছে সেইসকল ইউজাৰ আচলতে পাকিস্তানৰ। পাকিস্তানীসকল মোক লৈ অলপো চিন্তিত নহয়; কিন্তু হিন্দু ধৰ্ম আৰু ভাৰতক লৈ সদায় অসন্তুষ্ট হৈ থাকে। লগতে সীমা মীনাই কয় যে, তেওঁৰ সন্তান চাৰিটাও বৰ্তমানৰ স্বামী শচীনৰ লগত থাকি বহুত সুখী। ভাৰত চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁ কলে, নিশ্চিতভাৱে ভাৰত চৰকাৰৰ জৰিয়তে তেওঁ নাগৰিকত্ব লাভ কৰিব ।

উল্লেখ্য যে, পাকিস্তানৰ বাসিন্দা সীমা গোলাম হাইদৰে ভাৰতৰ শচীন মীনাৰ সৈতে PUBG গেমৰ জৰিয়তে চিনাকি হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ চিনাকি ক্ৰমান্বয়ে প্ৰেমলৈ পৰিণত হয়। ইয়াৰ পিছতে সীমাই ২০২৩ চনৰ ১৩ মে’ত নিজৰ চাৰিটা সন্তানৰ সৈতে নেপালৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু গ্ৰেটাৰ নয়দাৰ ৰাবুপুৰাত শচীন মীনাৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিছিল। আৰক্ষীয়ে এই কথা অৱগত হৈ সীমা, শচীনকে ধৰি আটাইকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। অৱশ্যে জামিন লাভ কৰাৰ পিছত সীমা হাইদৰে পুনৰ শচীন মীনাৰ ঘৰতে থাকিবলৈ আৰম্ভ কৰে যদিও এতিয়ালৈকে তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই।

লগতে পঢ়ক: PM Modi on Parliament security Breach: সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক গুৰুতৰ আখ্যা প্ৰধানমন্ত্ৰীৰ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)