Dawood Ibrahim Poisoned: কুখ্যাত ডন ডাউদ ইব্ৰাহিম বিষক্ৰিয়াত আক্ৰান্ত ! ডাউন কৰি দিয়া হৈছে পাকিস্তানৰ ইণ্টাৰনেট সেৱা

Underworls don Dawood Ibrahim Poisoned in Pakistan !
কুখ্যাত ডন ডাউদ ইব্ৰাহিম বিষক্ৰিয়াত আক্ৰান্ত ! ডাউন কৰি দিয়া হৈছে পাকিস্তানৰ ইণ্টাৰনেট সেৱা

পাকিস্তানৰ কৰাচীত ভাৰতৰ মষ্ট ৱাণ্টেড আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিম বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে(Dawood Ibrahim Poisoned)। অৱশ্যে এই খবৰ এতিয়াও নিশ্চিত হোৱা নাই। ইফালে এই খবৰৰ মাজতে পাকিস্তানত ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে ।

নেশ্যনেল ডেস্ক,১৮ ডিচেম্বৰ: আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিম বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি পাকিস্তানত চলিছে চৰ্চা(Dawood Ibrahim Poisoned)। চৰ্চা অনুসৰি ডাউদৰ অৱস্থা বৰ্তমান সংকটজনক। ইতিমধ্যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যদিও এই খবৰ এতিয়াও নিশ্চিত হোৱা নাই। বিগত কেইবা ঘণ্টা ধৰি ছ’চিয়েল মিডিয়াত এনে এক উৰাবাতৰি বিয়পি পৰা পৰিলক্ষিত হৈছে।

ইফালে ডাউদ ইব্ৰাহিমৰ বিষক্ৰিয়াৰ খবৰৰ মাজতে পাকিস্তানত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। পাকিস্তানৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে উল্লেখ কৰা অনুসৰি, পাকিস্তানত ইউটিউব, গুগল আৰু টুইটাৰৰ সেৱা বন্ধ কৰি দিয়া হৈছে। পাকিস্তানৰ বহুকেইখন ডাঙৰ চহৰ যেনে লাহোৰ, কৰাচী, ইছলামবাগ আদিত ডাউন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা । অৱশ্যে এই ইণ্টাৰনেট সেৱা কিয় ডাউন কৰি দিয়া হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। জ্যেষ্ঠ সাংবাদিকগৰকাীয়ে কয় যে ডাউদ ইব্ৰাহিমক চিকিৎসালয়ত ভৰ্তি কৰাটো সঁচা আৰু তেওঁ বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি সৰ্বত্ৰে চৰ্চা চলিছে।

পাকিস্তানৰ ছ’চিয়েল মিডিয়াত হোৱা চৰ্চা অনুসৰি, আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমক বিষ দি আক্ৰান্ত কৰা হৈছে । চৰ্চাত উল্লেখ কৰা হৈছে যে, বিষ খোৱাৰ পিছত যেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেতিয়াই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই খবৰ আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই যদিও ছ’চিয়েল মিডিয়াত উল্লেখ কৰা অনুসৰি তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক হৈ আছে।

উল্লেখ্য যে, ১৯৯৩ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল ডাউদ ইব্ৰাহিম । মুম্বাইত সংঘটিত হোৱা এই ভয়াৱহ বিস্ফোৰণটোত ২৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে হাজাৰৰো অধিক লোক আহত হৈছিল। এই ভয়াৱহ বোমা বিস্ফোৰণৰ পাছতে কুখ্যাত হৈ পৰিছিল ডাউদ ইব্ৰাহিম। তেতিয়াৰ পৰাই ভাৰত চৰকাৰে তেওঁক মষ্ট ৱাণ্টেডৰ তালিকাত ৰাখি পলাতক ঘোষণা কৰিছিল। লগতে ভাৰত চৰকাৰে ডাউদক ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বাবে বিভিন্ন সময়ত চেষ্টাও চলাই আহিছে। ইফালে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ডাউদে পাকিস্তানৰ কৰাচীত এক বিলাসী জীৱন যাপন কৰি আহিছে। পূৰ্বে প্ৰকাশ পোৱা বাতৰি অনুসৰি, তেওঁৰ বাসগৃহটো কৰাচীৰ এটা দৰগাহৰ পিছফালে থকা এটা ডিফেন্স কলনীত অৱস্থিত আৰু এই স্থানতে পাক চৰকাৰৰ সুৰক্ষাত তেওঁ বসবাস কৰি আছে। অৱশ্যে এই কথা পাকিস্তানে অস্বীকাৰ কৰি আহিছে।

তাৰোপৰি ডাউদে পাকিস্তানত দ্বিতীয় বিবাহ কৰোৱা বুলিও খবৰ ওলাইছিল । এই খবৰ অনুসৰি, তেওঁ প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈয়ে এটা পাঠান পৰিয়ালৰ পৰা আন এগৰাকীক বিয়া পাতিছিল। ডাউদৰ প্ৰথম পত্নীৰ নাম মাহজাবীন।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)ই ডাউদ ইব্ৰাহিম আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰি ৰাখিছে। মন কৰিব লগীয়া যে, যোৱা কেইবাবছৰ ধৰি ডাউদ ইব্ৰাহিমে অজ্ঞাত বৰণ ধৰি আছে । কোনো সময়ত যদি তেওঁ ডুবাইত আছে, আকৌ কোনো সময়ত কৰাচীত থকা বুলি দাবী উত্থাপিত হৈ আহিছে। ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশ পোৱা সন্ত্ৰাসবাদীৰ তালিকাখনতো ডাউদৰ নাম অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: Pakistani woman Seema: সীমা মীনাই ভাৰতীয় নাগৰিকত্ব লাভৰ ক্ষেত্ৰত হেঙাৰ হৈছে পাকিস্তান চৰকাৰ ! এতিয়া কি হ’ব সীমাৰ ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)