China earthquake: চীনত ভূমিকম্পৰ ভয়াৱহ ধ্বংসলীলা, ১১৬ গৰাকী লোকৰ মৃত্যু, ২০০ৰো অধিক আহত

China earthquake Huge devastation caused by earthquake in China, 116 people died, more than 200 injured
চীনত ভূমিকম্পৰ ভয়াৱহ ধ্বংসলীলা, ১১৬ গৰাকী লোকৰ মৃত্যু, ২০০ৰো অধিক আহত

সোমবাৰে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত দেশখনত এক ভয়াৱহ ধ্বংসলীলাৰ খবৰ পোৱা গৈছে(China earthquake)। দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি বৰ্তমানলৈকে ১১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ৰো অধিক লোক আহত হৈছে।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ ডিচেম্বৰ: সোমবাৰে সন্ধিয়া চীনত সংঘটিত হয় এক ভয়াৱহ ভূমিকম্প(China earthquake)। এই ভূমিকম্পই দেশখনত এক বিধ্বংসী ৰূপ ধাৰণ কৰাৰ খবৰ পোৱা গৈছে । দেশখনৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৬.২। এই ভূমিকম্পটোৰ ফলত দেশখনত বৰ্তমানলৈকে ১১৬ গৰাকী লোকৰ মৃত্যু হৈছে। একে সময়তে ২০০ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইফালে এই ধ্বংসলীলাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ভূমিকম্পটোৰ ফলত বৰ্তমানলৈকে গানছু প্ৰদেশত ১০০ গৰাকী আৰু চুবুৰীয়া কিংহাই প্ৰদেশত ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বৰ্তমান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান চলি থকা বুলি জানিব পৰা গৈছে ।

দেশখনৰ চৰকাৰী সংবাদ মাধ্যম জিনহুয়াই প্ৰকাশ কৰা অনুসৰি সোমবাৰে সন্ধিয়া দেশখনৰ গানছু প্ৰদেশত অনুভূত হোৱা ৬.২ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত চীনৰ এক বৃহৎ পৰিসৰৰ অঞ্চল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই ধ্বংসলীলাত ১১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ৰো অধিক লোক আহত হৈছে। ইফালে স্থানীয় প্ৰশাসনে জনোৱা মতে, ইউ এছ জি এছৰ তথ্য অনুসৰি উত্তৰ-পশ্চিম চীনৰ গানছু প্ৰদেশৰ জিছিছান কাউন্টিত সংঘটিত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৫.৯ আছিল ।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি গানছুৰ লিংকিয়া চেংগুয়ানজেনৰ পৰা প্ৰায় ৩৭ কিলোমিটাৰ আৰু গানছুৰ লানঝৌৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পটো সংঘটিত হৈছিল। উল্লেখ কৰা অনুসৰি, ভূমিকম্পটোৰ গভীৰতা আছিল ১০ কিলোমিটাৰ। ইফালে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চলিত মাহৰ আৰম্ভণিতেও চীনৰ জিনজিয়াঙত ৪.৭ ৰিখটাৰ স্কেলৰ আন এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

প্ৰকৃতিক দুৰ্যোগ এই ভূমিকম্পটোৰ ফলত দেশখনৰ গানছু প্ৰদেশৰ লগতে চুবুৰীয়া কিংহাই প্ৰদেশত বহু অট্টালিকাৰ ব্যাপক ক্ষতিসাধন হৈছে। ইয়াৰ পিছতে স্থানীয় জৰুৰীকালীন কৰ্মীসকলক সহায়ৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হৈছেগৈ বহুসংখ্যক ৰাষ্ট্ৰীয় উদ্ধাৰ কৰ্মীৰ লোক।

খবৰ অনুসৰি, দেশখনৰ কিংহাইত ৯ গৰাকী লোক নিহত হোৱাৰ লগতে ১২৪ গৰাকী আহত হৈছে। বিভিন্ন ভিডিঅ’ ফুটেজত দেখা অনুসৰি, বিধ্বস্ত অট্টালিকাবোৰৰ ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান। উল্লেখ্য যে, বৃহৎ প্ৰাবল্যৰে অহা এই ভূমিকম্পটোৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত খহি পৰিছে শ শ অট্টালিকা। তাৰোপৰি ভূমিকম্পটোৰ পিছতে বিভিন্ন অঞ্চলত বিদ্যুৎ আৰু পানী যোগানো ব্যাহত হৈ পৰিছে।

চীন ভূপৃষ্ঠৰ এনে এটা অঞ্চলত অৱস্থিত য’ত কেইবাখনো টেকটনিক প্লেটৰ অৱস্থান পোৱা যায়। বিশেষকৈ ইয়াত ইউৰেছিয়ান, ভাৰতীয় আৰু প্ৰশান্ত মহাসাগৰীয় প্লেট পোৱা যায়। সেয়েহে পৃথিৱীৰ অন্যন্য প্ৰান্তৰ তুলনাত চীনত অধিক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ অহা দেখিবলৈ পোৱা যায়।

লগতে পঢ়ক: Pakistani woman Seema: সীমা মীনাই ভাৰতীয় নাগৰিকত্ব লাভৰ ক্ষেত্ৰত হেঙাৰ হৈছে পাকিস্তান চৰকাৰ ! এতিয়া কি হ’ব সীমাৰ ?

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)