Passenger trains suspended: ২৭ ডিচেম্বৰলৈকে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বন্ধ থাকিব ২৬ খন যাত্রীবাহী ৰে’লৰ চলাচল

Twenty-six passenger trains suspended in North East including Assam till December 27
২৭ ডিচেম্বৰলৈকে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বন্ধ থাকিব ২৬ খন যাত্রীবাহী ৰে’লৰ চলাচল

২৭ ডিচেম্বৰ পৰ্যন্ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ চলাচল কৰা ২৬ খন যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ কৰা হৈছে (Passenger trains suspended)। ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ । 

গুৱাহাটী, ২০ ডিচেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত চাংসাৰি আৰু আগিয়াঠুৰি ৰে’ল ষ্টেচনৰ মাজত চলি আছে দ্বৈত ৰে’ল লাইনৰ কমিছনিঙৰ কাম । এই নিৰ্মাণ কাৰ্যৰ পৰিপ্ৰেক্ষিতত চলিত মাহৰ ১৭ তাৰিখৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লগতে দক্ষিণ পাৰৰ ৰঙিয়া আৰু আজাৰা ৰে’ল ষ্টেচন হৈ অসমকে ধৰি উত্তৰ-পূবৰ কেবাখনো ৰাজ্যলৈ চলাচল কৰি থকা ২৬ খন যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে(Passenger trains suspended) ।

এই নিৰ্দেশনাৰ পিছতে দৈনিক ৰে’লেৰে অহা যোৱা কৰা যাত্ৰীসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আনকি ইতিমধ্যে চলি থকা ৮খনকৈ ৰে’লৰ চলাচল আংশিকভাৱে বাতিল কৰাৰ লগতে ৩১ খন ৰে’লৰ যাত্রাপথ সলনি কৰা হৈছে।

গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মূখ্য কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া অনুসৰি, অহা ২৭ ডিচেম্বৰ পৰ্যন্ত ৰে’লৰ স্বাভাৱিক চলাচল বন্ধ হৈ থাকিব। বাতিল কৰা ২৬ খন ৰে’লৰ ভিতৰত আছে গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ চলাচল কৰা আলিপুৰ দুৱাৰ-গুৱাহাটী-আলিপুৰ দুৱাৰ, আলিপুৰ দুৱাৰ-লামডিং-আলিপুৰ দুৱাৰ, গুৱাহাটী-ধুবুৰী, গুৱাহাটী-মেন্দিপথাৰ আৰু শিলঘাট-আলিপুৰ দুৱাৰলৈ চলাচল কৰা এক্সপ্ৰেছ ৰে’লকেইখন ।

একেধৰণে গুৱাহাটী-বদৰপুৰ-গুৱাহাটী, মুৰ্কংচেলেক-গুৱাহাটী-মুর্কচেলেক এক্সপ্ৰেছ, নিউ জলপাইগুৰি-গুৱাহাটী-নিউ জলপাইগুৰি, নাহৰলণ্ডন-গুৱাহাটী শতাব্দী এক্সপ্ৰেছ ৰেলকেইখনৰো যাত্রা বাতিল কৰা হৈছে। ইফালে অসমৰ বাহিৰলৈ চলাচল কৰা দূৰণিবটীয়া৩১ খনকৈ ৰে’লৰ যাত্রাপথ সলনি কৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ-পাৰেৰে কামাখ্যা-গোৱালপাৰা টাউন-নিউ বঙাইগাঁও হৈ চলাচলৰ ব্যৱস্থা কৰা হৈছে।

ইফালে ৰে’লকেইখনৰ চলাচলৰ যাত্রাপথ সলনি কৰাৰ লগতে ৰে’লযাত্ৰা বাতিল কৰাৰ ফলত যাত্রীসকলে ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি বহু যাত্রীয়ে ৰে’লত উঠিবলৈ অহাৰ পাছত ৰে’ল ষ্টেচনতহে এই বাতিলকৰণৰ সন্দৰ্ভত অৱগত হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে।

অৱশ্যে অহা ২৭ ডিচেম্বৰৰ পাছত বাতলি হোৱা সকলো ৰে’ল, আংশিকভাৱে বাতিল হোৱা ৰে’ল আৰু যাত্ৰাপথ সলনি কৰা সকলো ৰে’লৰে চলাচল পুনৰ স্বাভাৱিক হ’ব বুলি ৰে’লৱে কর্তৃপক্ষই জানিবলৈ দিছে। শেহতীয়াকৈ ২০ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অসুবিধাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ সুবিধা হোৱাকৈ ৰঙিয়া আৰু নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ মাজত দৈনিক তিনিখন শ্বাটল ৰে’লৰ চলাচল আৰম্ভ কৰিব বুলি ৰে’লৱে কৰ্তৃপক্ষই সদৰী কৰিছে।

লগতে পঢ়ক: China earthquake: চীনত ভূমিকম্পৰ ভয়াৱহ ধ্বংসলীলা, ১১৬ গৰাকী লোকৰ মৃত্যু, ২০০ৰো অধিক আহত

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)