New Covid variant: পুনৰ কৰ’ণাতংক! ভাৰতত দ্ৰুদ গতিত বাঢ়িছে ক’ভিডৰ নতুন ভেৰিয়েন্ট JN.1 ৰ সংক্ৰমণ

New Covid variant JN.1 spread in 40 countries
পুনৰ কৰ'ণাতংক! ভাৰতত দ্ৰুদ গতিত বাঢ়িছে ক'ভিডৰ নতুন ভেৰিয়েন্ট JN.1 ৰ সংক্ৰমণ

কৰ’ণা সংক্ৰমণৰ তিনিটা ঢৌৱে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা ধ্বংসলীলাৰ পিছত বিশ্ববাসীয়ে সকাহৰ হুমুনিয়াহ কাঢ়িছিল । ইয়াৰ মাজতে পুনৰ কৰ’ণাৰ এবিধ নতুন উপ-ভেৰিয়েণ্টে এতিয়া সকলোকে আকংকিত কৰিবলৈ আৰম্ভ কৰিছে(New Covid variant)।

নেশ্বনেল ডেস্ক, ২০ ডিচেম্বৰ: সমগ্ৰ বিশ্বত পুনৰ কৰ’ণাতংক। ইতিমধ্যে বিশ্বৰ ৪০ খন দেশলৈ বিয়পি পৰিছে কভিডৰ এবিধ নতুন ভেৰিয়েন্ট JN.1 (New Covid variant)। আশ্চৰ্যজনক কথাটো হ’ল যে, আমাৰ দেশতো এই ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যাই ২১ৰ ঘৰ চুইছেগৈ। এই নতুন উপ-ভেৰিয়েণ্টবিধৰ বিশেষত্ব হৈছে ই আন ষ্ট্ৰেইনতকৈ অধিক দ্ৰুতগতিত বিয়পে ।

কৰ’ণা সংক্ৰমণৰ তিনিটা ঢৌৱে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা ধ্বংসলীলাৰ পিছত বিশ্ববাসীয়ে সকাহৰ হুমুনিয়াহ কাঢ়িছিল । ইয়াৰ মাজতে পুনৰ ক’ৰ’নাৰ এবিধ নতুন উপ-ভেৰিয়েণ্টে এতিয়া সকলোকে আকংকিত কৰিবলৈ আৰম্ভ কৰিছে(New Covid variant)। বিশ্বৰ ৪০ খন দেশত এতিয়ালৈকে এই নতুন উপ-ভেৰিয়েণ্ট JN.1 ৰ দ্বাৰা আক্ৰান্ত ৰোগী ধৰা পৰিছে। ইফালে আমাৰ দেশত বৰ্তমানেও ২৩০০ৰো অধিক ৰোগী ক’ভিড আক্ৰান্ত হৈ আছে।

চলিত বৰ্যৰ আগষ্ট মাহত লাক্সেমবাৰ্গত এগৰাকী ৰোগী কৰ’ণাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছতেই কৰ’নাৰ এই নতুন উপ-ভেৰিয়েণ্ট JN.1ৰ বিষয়ে পোহৰলৈ আহে । ইয়াৰ পিছত ক্ৰমান্বয়ে ই বিশ্বৰ ৩৬ৰ পৰা ৪০খন দেশলৈ দ্ৰুত হাৰত বিয়পি পৰে। WHO এ ইয়াক ভেৰিয়েণ্ট অৱ ইণ্টাৰেষ্ট বুলি অভিহিত কৰিছে। ইফালে যোৱা দুসপ্তাহত ভাৰতত ক’ভিডত আক্ৰান্ত হৈ ১৬ গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে মৃত্যু হোৱা এইসকল লোকে পুৰ্বৰে পৰাই বিভিন্ন গুৰুতৰ ৰোগতো আক্ৰান্ত হৈ আছিল। অৰ্থাৎ কোমৰবিডিটিত আক্ৰান্ত আছিল এই লোকসকল ।

জিনম অনুক্ৰমৰ বাবে প্ৰেৰণ কৰা হৈছে ৰোগীৰ নমুনা

শেহতীয়াকৈ যোৱা ১৫ ডিচেম্বৰত বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ’ণাৰ দ্বাৰা আক্ৰান্ত হৈ এজন ব্যক্তিৰ মৃত্যু হৈছিল। জানিব পৰা অনুসৰি তেওঁ অন্য ৰোগতো আক্ৰান্ত হৈ আছিল। ইতিমধ্যে এই ৰোগীগৰাকীৰ নমুনা সংগ্ৰহ কৰি জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছে।

কেৰালাত নতুনকৈ আক্ৰান্ত ৬১৪ গৰাকী, ইয়াৰে ৩ গৰাকীৰ মৃত্যু

কালি ভাৰতত ক’ৰ’ণাত আক্ৰান্ত হোৱা ৬১৪ গৰাকী ৰোগীৰ নাম নতুনকৈ পঞ্জীয়ন কৰা হৈছে, যিটো সংখ্যা ২১ মে’ৰ পিছত সৰ্বাধিক হিচাপে গণ্য কৰা হৈছে। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা আপডেট কৰা তথ্য অনুসৰি বৰ্তমান কৰ’ণাত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২৩১১ লৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত কেৰালাত ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত দেশত ক’ভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ লাখ ৩৩ হাজাৰ ৩২১ গৰাকীলৈ বৃদ্ধি পালে। বৰ্তমানলৈকে ভাৰতত ৪.৫০ কোটি লোক কৰ’ণাত আক্ৰান্ত হৈছে।

দ্ৰুত গতিত বিয়পে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট

বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা অনুসৰি, পৰীক্ষাত দেখা গৈছে যে ই অন্যান্য ভেৰিয়েণ্টতকৈ অধিক সহজে বিয়পিব পাৰে। অৱশ্যে জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ ভাইৰ’লজিষ্ট এণ্ড্ৰু পেকোছে কয় যে, ক’ভিডৰ এইবিধ নুতুন ভেৰিয়েণ্টে বিশেষ সমস্যাৰ সৃষ্টি নকৰিব। JN.1 ক পূৰ্বতে ইয়াৰ পিতৃ বংশ BA.2.86 ৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল; কিন্তু WHO এ এতিয়া ইয়াক এটা পৃথক ভেৰিয়েণ্ট হিচাপে শ্ৰেণীভুক্ত কৰিছে। WHO য়ে জনাইছে যে বৰ্তমানৰ ভেকচিনসমূহে JN.1 আৰু Covid-19 ভাইৰাছৰ অন্যান্য ভেৰিয়েন্টৰ ফলত হোৱা গুৰুতৰ ৰোগ আৰু মৃত্যুৰ প্ৰতিৰোধ কৰি থাকিব।

লগতে পঢ়ক: Covid-19 sub variant: কেৰালাত ধৰা পৰিছে ক’ভিড-১৯ৰ নতুন চাব ভেৰিয়েণ্ট JN.1

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)