X users face hour-long outage: হঠাৎ স্তব্ধ হৈ পৰিছিল X, অৱশ্যে ডেৰ ঘণ্টাৰ অন্তত সমাধান হ’ল বিজুতি আৰু পুনৰুদ্ধাৰ হ’ল X

X users face hour-long outage; services restored now
ডেৰ ঘণ্টাৰ অন্তত সমাধান হ’ল বিজুতি আৰু পুনৰুদ্ধাৰ হ’ল X

বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাৰ পৰা মাইক্ৰ’ব্লগিং চাইট X (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত)ত কাৰিকৰী বিজুতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়(X users face hour-long outage)। ৱেবছাইট আৰু মোবাইল এপ্লিকেচন দুয়োটা মাধ্যমৰ ফিডত নিয়মীয়া টুইটৰ পৰিৱৰ্তে ‘Welcome to your Timeline’ লিখি ৰখা দেখিবলৈ পোৱা গৈছিল। চাইটটোৰ প্লেটফৰ্মত দেখা দিয়া এই বিজুতিয়ে Xৰ এটা বৃহৎ বিভ্ৰান্তিকে প্ৰতিফলিত কৰিছিল।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা ডাউন হৈ পৰিছিল মাইক্ৰ’ব্লগিং চাইট X (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) । অৱশ্যে দুপৰীয়া প্ৰায় ১২:২০ বজাত ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোত হোৱা বিজুতিৰ সমাধান হোৱাৰ অন্তত ইয়াৰ সেৱাসমূহ পুনৰ আৰম্ভ হয়(Microblogging site X)। ইয়াৰ পূৰ্বে downdetector.com ৰ দ্বাৰা প্ৰকাশ পোৱা তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X আৰু X Pro বন্ধ হৈ পৰিছিল। বিশ্বব্যাপী এই সমস্যাটো হোৱা বুলি ইয়াত উল্লেখ কৰা হৈছিল। অৱশ্যে X য়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য শ্বেয়াৰ কৰা নাই। ইফালে পূৰ্বে টুইটাৰ নামেৰে পৰিচিত Xৰ ইউজাৰসকলে ছ’চিয়েল মিডিয়া চাইটটোত কোনো পোষ্ট আপল’ড অথবা চাব পৰা নাছিল(X users face hour-long outage)। এই সময়চোৱাত ইউজাৰসকলে X Pro টো (পূৰ্বৰ TweetDeck) লোডিঙৰ সমস্যাত পৰা বুলি জানিব পৰা গৈছে।

downdetector.com ৰ তথ্য অনুসৰি ৪৭ হাজাৰতকৈ অধিক আমেৰিকান ইউজাৰে X আৰু X Proৰ চাইটটোত প্ৰৱেশ কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হৈছিল। DownDetector এ ইউজাৰসহ একাধিক উৎসৰ পৰা Xৰ স্থিতিৰ অৱস্থাৰ প্ৰতিবেদন সংগ্ৰহ কৰি এই বিজুতিক ট্ৰেক কৰিছিল।

অৱশ্যে Xত দেখা দিয়া এই বিজুতি কোনো প্ৰথম ঘটনা নহয়। ইলন মাস্কৰ মালিকানাধীন এই প্লেটফৰ্মটোৱে চলিত বৰ্ষৰ মাৰ্চ আৰু জুলাই মাহতো ডাউনটাইমৰ সন্মুখীন হ’বলগীয়া হৈছিল। জুলাই মাহত ডাউনডিটেক্টৰে উল্লেখ কৰা অনুসৰি আমেৰিকা আৰু ব্ৰিটেইনত ১৩ হাজাৰ বাৰকৈ অধিক সময় X ডাউন হৈছিল।

একেদৰে ৬ মাৰ্চতো এই প্লেটফৰ্মটো কেইঘণ্টা ধৰি বন্ধ হৈ পৰিছিল। বহু ইউজাৰে অভিযোগ কৰিছিল যে তেওঁলোকে ইয়াক স্বাভাৱিকভাৱে ব্যৱহাৰ কৰিব পৰা নাছিল বা লিংক, ফটো আৰু ভিডিঅ’ চাবলৈ চাইটটোত প্ৰৱেশ কৰাৰ সময়ত বহু সমস্যাৰ সন্মুখীন হৈছিল। যাৰ ফলত সহস্ৰাধিক ইউজাৰ প্ৰভাবিত হৈছিল। তাৰোপৰি ৱেবছাইটটোৱে স্বাভাৱিকতকৈ লেহেমীয়া স্পীডত কাম কৰা বুলি বিভিন্ন স্থানৰ পৰা ইউজাৰসকলে জানিবলৈ দিছিল ।

লগতে পঢ়ক: New Covid variant: পুনৰ কৰ’ণাতংক! ভাৰতত দ্ৰুদ গতিত বাঢ়িছে ক’ভিডৰ নতুন ভেৰিয়েন্ট JN.1 ৰ সংক্ৰমণ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)