MoU signed between AIIA and Andrew Yule Group: অসমৰ চাহ পৰ্যটনৰ সৈতে আয়ুৰ্বেদ আৰু যোগ পৰ্যটনক সংযুক্ত কৰাত সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ

MoU signed between AIIA and Andrew Yule Group in presence of Union Minister, Sarbananda Sonowal
অসমৰ চাহ পৰ্যটনৰ সৈতে আয়ুৰ্বেদ আৰু যোগ পৰ্যটনক সংযুক্ত কৰাত সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু এণ্ড্ৰিউ য়ুল গ্ৰুপৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত(MoU signed between AIIA and Andrew Yule Group)। চাহৰ স্বাস্থ্যসন্মত গুণাগুণ আৰু লাভালাভৰ সন্দৰ্ভত গৱেষণা কৰাৰ লগতে অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে আয়ুৰ্বেদিক প্ৰয়োগবোৰৰ বিতং অন্বেষণ কৰিব ।

নতুন দিল্লী, ২১ ডিচেম্বৰ: নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister, Sarbananda Sonowal)ৰ উপস্থিতিত ভাৰতৰ আগশাৰীৰ আয়ুৰ্বেদ প্ৰতিষ্ঠান অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু ভাৰত চৰকাৰৰ এণ্টাৰপ্ৰাইজ এণ্ড্ৰিউ য়ুল গ্ৰুপৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়(MoU signed between AIIA and Andrew Yule Group)। এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানীৰ চাহ বাগিচাসমূহক সামৰি গৱেষণা কৰা আৰু আয়ুৰ্বেদিক ঔষধ তথা চিকিৎসা পদ্ধতিৰ বিভিন্ন প্ৰয়োগ তথা সুযোগ-সম্ভাৱনাৰ অন্বেষণ কৰাকে ধৰি ইয়াৰ বিভিন্ন স্বাস্থ্যসন্মত গুণাগুণ আৰু লাভালাভ আৱিষ্কাৰ কৰা।

উক্ত চুক্তি অনুসৰি কোম্পানীটোৰ বিভিন্ন চাহ বাগিচাৰ পৰা অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ বিশেষজ্ঞ দলে চাহৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত যাৱতীয় পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা কৰিব। প্ৰতিষ্ঠানখনে আয়ুৰ্বেদৰ দৃষ্টিকোণৰ পৰা বিভিন্ন ৰকমৰ চাহৰ বিতং বিশ্লেষণ আৰু মানৱ স্বাস্থ্যৰ ওপৰত ইয়াৰ লাভালাভৰ বিষয়ে গৱেষণা তথা অন্বেষণ কৰিব। অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে চাহৰ স্বাস্থ্যসন্মত আৰু আয়ুৰ্বেদিক গুৰুত্ব আৰু আয়ুৰ্বেদিক ঔষধ, প্ৰসাধন সামগ্ৰী আদিৰ ব্যৱহাৰৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰিব। এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানীৰ অসমত সাতখনকৈ চাহ বাগিচা আছে, যাৰ ভিতৰত আছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ চাহ বাগিচা, যোৰহাট জিলাৰ হোলোংগুৰি চাহ বাগিচা, ডিব্ৰুগড় জিলাৰ টিংখাং চাহ বাগিচা, বাচমতিয়া চাহ বাগিচা, ৰাজগড় চাহ বাগিচা, দেশম চাহ বাগিচা আৰু গোলাঘাট জিলাৰ মুৰফুলনি চাহ বাগিচা। উক্ত গৱেষণা তথা পৰীক্ষা-নিৰীক্ষাৰ বাবে অসমৰ এইসমূহ চাহ বাগিচাকো সামৰি লোৱা হ’ব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “পৰম্পৰাগতভাৱে চাহৰ বহুতো প্ৰমাণিত স্বাস্থ্যসন্মত লাভালাভ আছে যাক বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিব লাগিব। এই নতুন চুক্তিখন হৈছে চাহৰ বিভিন্ন স্বাস্থ্য উপকাৰিতা বৈজ্ঞানিকভাৱে তালিকাভুক্ত কৰাৰ লগতে আয়ুৰ্বেদিক ঔষধৰ ক্ষেত্ৰত চাহৰ প্ৰয়োগৰ সম্ভাৱনা অন্বেষণ কৰাৰ এক প্ৰয়াস। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে আধুনিক গৱেষণা আৰু উন্নয়নৰ দৃষ্টিভংগীৰ জৰিয়তে আয়ুৰ্বেদৰ দৰে ঔষধৰ পৰম্পৰাগত জ্ঞানক বৈজ্ঞানিক প্ৰমাণেৰে শক্তিশালী কৰাত গুৰুত্ব দি আহিছে। ইয়াৰ ফলত আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত ঔষধৰ সমৃদ্ধ ঐতিহ্যই এক বিস্তৃত পৰিসৰৰ ৰোগৰ সমাধান ত্বৰান্বিত কৰিব ধৰিছে। অসমৰো চাহৰ ইতিহাস গৰিমামণ্ডিত, ইয়াৰ সোৱাদ আৰু স্বাস্থ্যকৰ উপকাৰিতা তথা আৰোগ্যৰ দিশবোৰ যুগে যুগে প্ৰমাণিত হৈ আহিছে। পিছে দীৰ্ঘদিন ধৰি অসমৰ চাহৰ সমৃদ্ধ ভেষজ আৰু আৰোগ্য শক্তি উপলব্ধি কৰিবলৈ কোনোধৰণৰ আন্তৰিক প্ৰয়াস কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক নেতৃত্বত ভাৰতে সৰ্বাংগীণ বিকাশৰ পথেৰে নিজকে পুনৰুজ্জীৱিত কৰাৰ এই অমৃতকালত অসমৰ অৰ্থনীতিৰ অন্যতম মুখ্য আধাৰ চাহে আয়ুৰ্বেদিক ফৰ্মুলেচনৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদান হিচাপে ইয়াৰ সম্ভাৱনা উন্মুক্ত কৰিবলৈ সাজু হৈছে যাৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ জীৱনৰ মান সমৃদ্ধ কৰা আৰু আৰোগ্য প্ৰণালীক ত্বৰান্বিত কৰা। তদুপৰি, অসমৰ চাহ পৰ্যটনৰ সৈতে আয়ুৰ্বেদ আৰু যোগ পৰ্যটনক সংযুক্ত কৰাতো আমি গুৰুত্ব আৰোপ কৰিছোঁ।”

অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানীয়ে আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা চাহৰ স্বাস্থ্যসন্মত লাভালাভ আৰু মানুহৰ জীৱনত ইয়াৰ গুৰুত্বৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা কৰাৰ বাবে উমৈহতীয়া প্ৰচেষ্টাৰে কাম কৰিবলৈ সাজু হৈছে।

অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাই, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সঞ্চালক ড° তনুজা মনোজ নেছাৰী, ডীন (গোৱা কেম্পাছ) ড° সুজাতা কদম, ভাৰতীয় ডাকৰ সঞ্চালক প্ৰধান স্মিতা কুমাৰ, এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানীৰ মুখ্য পৰিচালন সঞ্চালক আৰ এছ মাংকু প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: X users face hour-long outage: হঠাৎ স্তব্ধ হৈ পৰিছিল X, অৱশ্যে ডেৰ ঘণ্টাৰ অন্তত সমাধান হ’ল বিজুতি আৰু পুনৰুদ্ধাৰ হ’ল X

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।