Terrorists attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সেনাৰ বাহনত এম্বুছ; সন্ত্ৰাসবাদীৰ এই আক্ৰমণত পাঁচজন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনাৰ দুখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists attack in Jammu and Kashmir) । এই আক্ৰমণত ৫ জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আহত হয় বহুকেইজন জোৱান(Poonch terror attack)। ইতিমধ্য়ে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে।

Terrorists attack in Jammu and Kashmir Five soldiers killed in ambush attack by terrorists
জম্মু-কাশ্মীৰত সেনাৰ বাহনত এম্বুছ; সন্ত্ৰাসবাদীৰ এই আক্ৰমণত পাঁচজন জোৱান শ্বহীদ

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বৃহস্পতিবাৰে অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ দ্বাৰা সেনাবাহিনীৰ দুখন বাহনত কৰা এম্বুছত পাঁচজন জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হয়(Terrorists attack in Jammu and Kashmir)। সেনা কৰ্তৃপক্ষৰ দ্বাৰা এই তথ্য অৱগত কৰা হৈছে।

সেনা কৰ্তৃপক্ষই জনোৱা মতে, জিলাখনৰ সুৰাংকোট আৰক্ষী থানাৰ অন্তৰ্গত ধেৰা কি গালি আৰু বুফ্লিয়াজৰ মাজৰ ধতয়াৰ টাৰ্ণত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪.৪৫ বজাত সন্ত্ৰাসবাদীয়ে চলাইছিল এই আক্ৰমণ(Poonch terror attack) । তালাচী অভিযানৰ স্থানলৈ সেনা জোৱান কঢ়িয়াই নিয়া দুখন বাহনলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ দলটোৱে এই আক্ৰমণ চলাইছিল(Army Truck Attacked By Terrorists)। সেনা কৰ্তৃপক্ষই জনোৱা মতে, এই আক্ৰমণত শ্বহীদ হোৱা জোৱানকেইজনৰ মাজৰ দুজনৰ শৰীৰ সম্পূৰ্ণৰূপে ক্ষত বিক্ষত হৈ পৰে।

এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দি জম্মু-কাশ্মীৰৰ দুই প্ৰাক্তন মুখ্যমন্ত্ৰী – গুলাম নবী আজাদ আৰু মেহবুবা মুফতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইফালে পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ (LeT) এটা শাখা পিপলছ এণ্টি ফেচিষ্ট ফ্ৰণ্টে এই এম্বুছৰ দায়িত্ব স্বীকাৰ কৰিছে । জম্মুৰ প্ৰতিৰক্ষা বিভাগৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল সুনীল বৰতৱালে এই ঘটনা সন্দৰ্ভত কয় যে, সন্ত্ৰাসবাদীৰ উপস্থিতিক লৈ চোৰাংচোৱাৰ পৰা পোৱা তথ্যৰ ভিত্তিত বুধবাৰে নিশা পুঞ্চ জিলাৰ ধেৰা কি গালি অঞ্চলত এক যৌথ অভিযান আৰম্ভ কৰা হৈছিল।

বিষয়াগৰাকীয়ে জনোৱা মতে, জোৱানৰ দলটোৱে অভিযানস্থলীলৈ গৈ থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে এখন ট্ৰাক আৰু এখন জিপ্সীৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। এই আক্ৰমণৰ প্ৰত্যোত্তৰত সেনাজোৱানৰ দলটোৱেও প্ৰতিআক্ৰমণ কৰিছিল যদিও ঘটনাটোত পাঁচজন জোৱান শ্বহীদ হোৱাৰ লগতে আন দুজন জোৱান গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰোৱা হয়।

তেওঁ কয় যে বৰ্তমান সন্ত্ৰাসবাদীৰ সন্ধানত সমগ্ৰ অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু বিতং তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে।

লগতে পঢ়ক: New Covid variant: পুনৰ কৰ’ণাতংক! ভাৰতত দ্ৰুদ গতিত বাঢ়িছে ক’ভিডৰ নতুন ভেৰিয়েন্ট JN.1 ৰ সংক্ৰমণ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)