Suspension of MPs from Parliament: সংসদৰ পৰা সাংসদ নিলম্বনৰ বিৰুদ্ধে দেশজুৰি ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিবাদ

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্সৰ প্ৰতিবাদ সন্দৰ্ভত কংগ্ৰেছী সাংসদ শশী থাৰুৰে কয় যে এই শীতকালীন অধিবেশনত সংসদৰ কাম-কাজত পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে বিৰোধীয়ে সংসদলৈ আহিছিল। অধিৱেশনখনিও ভৱা ধৰণেৰে আৰম্ভ হৈছিল। কিন্তু ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিতৰ্কত অংশগ্ৰহণ কৰাৰ বিপৰীতে আমি এতিয়া কি কৰি আছো(Suspension of MPs from Parliament) ?

India Bloc leaders protest against suspension of MPs from Parliament
সংসদৰ পৰা সাংসদ নিলম্বনৰ বিৰুদ্ধে দেশজুৰি ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিবাদ

নতুন দিল্লী, ২২ ডিচেম্বৰ: শুকুৰবাৰেও দেশৰ সমূহ ৰাজ্যতে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিবাদ অব্যাহত আছে(India Bloc leaders protest)। দিল্লীৰ যন্তৰ মন্তৰত সংসদৰ পৰা সাংসদসকলক সমূহীয়া নিলম্বনৰ বিৰুদ্ধে হোৱা ‘গণতন্ত্ৰ বচাওক’ শীৰ্ষক এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে(Congress President Mallikarjun Kharge), এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ লগতে ইণ্ডিয়া এলায়েঞ্চৰ অন্তৰ্ভুক্ত দলসমূহৰ নেতাসকলে(Suspension of MPs from Parliament)।

যন্তৰ মন্তৰত অনুষ্ঠিত ইণ্ডিয়া এলায়েঞ্চৰ এই প্ৰতিবাদত অংশ লৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে, ২-৩ জন যুৱকে সংসদত প্ৰৱেশ কৰি ধোঁৱা এৰিলে(Congress MP Rahul Gandhi)। এই প্ৰসংগটোৰ পৰা বিজেপিৰ সাংসদসকলে পলায়ন কৰিছে। এই ঘটনাটোৰ পাছত সংসদৰ নিৰাপত্তা ভংগৰ প্ৰশ্ন উত্থাপন হৈছে যদিও আন এটা প্ৰশ্নৰো অৱতাৰণা হৈছে। তেওঁলোকে কিয় এনেদৰে প্ৰতিবাদ কৰিব লগা হ’ল ? ইয়াৰ উত্তৰ হৈছে দেশৰ নিবনুৱা সমস্যা।

বৃহৎ পৰিসৰৰ সাংসদসকলক নিলম্বনৰ বিৰুদ্ধে কৰা ইণ্ডিয়া ব্লকৰ এই প্ৰতিবাদ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে(Congress MP Shashi Tharoor) কয় যে, বিশ্বৰ গণতন্ত্ৰৰ ইতিহাসত কেতিয়াও ১৪৬ গৰাকীকৈ সাংসদ একেলগে নিলম্বিত হোৱাৰ নজিৰ নাই। ইয়াৰ পৰা জনসাধাৰণে বুজা উচিত যে দেশৰ গণতন্ত্ৰ এতিয়া বিপদাপন্ন। এই কথাকে সকলোকে অৱগত কৰোৱাই হৈছে এই প্ৰতিবাদৰ উদ্দেশ্য(India Bloc protest at Jantar Mantar) । তেওঁ কয় যে সাংসদসকলে বিশ্বাস কৰে যে, যিবোৰ ঘটিছে সেয়া দেশৰ ভৱিষ্যতৰ বাবে ভুল হৈছে । সেয়ে ইয়াৰ একমাত্ৰ সমাধান হ’ল, ৰাইজে এই চৰকাৰখনক সলনি কৰি ইণ্ডিয়া এলায়েন্সক ক্ষমতালৈ আনিব লাগে।

সাংসদ নিলম্বনৰ বিৰুদ্ধে ইণ্ডিয়া ব্লকৰ প্ৰতিবাদত ভাগ লৈ কংগ্ৰেছ নেতা মহম্মদ আজহাৰুদ্দিনে কয় যে সংসদৰ সদস্যক এনেদৰে নিলম্বন কৰাটো গণতন্ত্ৰ নহয়। পাঁচ বা ছয়জন ঠিকেই আছে; কিন্তু প্ৰায় ১৫০ জন সদস্যক নিলম্বন কৰাটো কেতিয়াও গণতন্ত্ৰ নহয়। এই বাৰ্তা দেশৰ ৰাইজৰ মাজলৈ যাব লাগে। যদি সকলো সাংসদ বাহিৰত থাখিব লগা হয়, তেনেহ’লে সংসদ কেনেকৈ চলিব ? সংসদত এনে কোনো নীতি উলংঘণ হোৱা নাই, যাৰ বাবে এনেদৰে ১৪৬ গৰাকী সাংসদক একেলগে নিলম্বন কৰা হ’ল । এজন সাংসদে নিজৰ মতামত প্ৰকাশ কৰাৰ বিশেষ অধিকাৰ থাকে।

ইয়াৰ পূৰ্বে সংসদৰ পৰা ১৪৬ গৰাকী সাংসদক নিলম্বন কৰাৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে উল্লেখ কৰিছিল যে, শুকুৰবাৰে দিল্লীৰ যন্তৰ মন্তৰত আমি সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিম। তাৰোপৰি দেশৰ সকলো ৰাজ্যত পুৱাৰ পৰা ইণ্ডিয়া মিত্ৰজোঁটে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। আমি জনসাধাৰণক দেখুৱাব বিচাৰো যে তেওঁলোকে এনেধৰণেই সংসদ চলাব নেকি ? বিজেপিয়ে বিৰোধীৰ কথা নুশুনে বুলি উল্লেখ কৰি তেওঁলোকে গণতন্ত্ৰক ধ্বংস কৰি থকা বুলিও কলে কংগ্ৰেছ সাংসদগৰাকীয়ে ।

লগতে লোকসভাৰ নিলম্বিত সাংসদগৰাকীয়ে বাৰ্তাটো অতি সহজ বুলি উল্লেখ কৰি কলে, সংসদীয় গণতন্ত্ৰত আমি এনে এটা পৰিস্থিতিৰ সাক্ষী হ’বলৈ পাইছো য’ত সংসদ চলোৱাৰ দায়িত্ব চৰকাৰখনে গুৰুত্বসহকাৰে লোৱা নাই । তেওঁ কয় যে কেন্দ্ৰই সংসদীয় গণতন্ত্ৰৰ পৰম্পৰাক সন্মান জনোৱাৰ কোনো ইচ্ছাই প্ৰকাশ কৰা নাই। তাৰোপৰি থাৰুৰে কয় যে যি সময়ত বৃহৎ নিৰাপত্তা ভংগ হৈছে, তাক লৈ মন্ত্ৰী হিচাপে নিজৰ কৰ্তব্য পালন কৰি যিবোৰ কথা সদনৰ ভিতৰত ক’ব লাগিছিল, সেয়া নকৰি শ্বাহে বাহিৰত প্ৰেছ বিবৃতি দিছে। উল্লেখ্য যে, বিৰোধী সাংসদসকলে ১৩ ডিচেম্বৰৰ সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতি দাবী কৰিছিল।

লগতে পঢ়ক: Terrorists attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সেনাৰ বাহনত এম্বুছ; সন্ত্ৰাসবাদীৰ এই আক্ৰমণত পাঁচজন জোৱান শ্বহীদ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),   Facebook,   YouTube,   Threads  তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)