BJP National Office-Bearers Meeting : লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিজেপিৰ বৈঠক, প্ৰধানমন্ত্ৰী মোডীৰো অংশগ্ৰহণ

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্যালয়ত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ বৈঠক(BJP National Office-Bearers Meeting)। এই বৈঠকতে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ এক কৌশল ৰচনা কৰা হ’ব(2024 Lok Sabha elections)। বৈঠকত অংশগ্ৰহণৰ বাবে দলটোৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী(PM Narendra Modi)।

PM Modi Attends BJP National Office-Bearers Meeting In Delhi
লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিজেপিৰ বৈঠক, প্ৰধানমন্ত্ৰী মোডীৰো অংশগ্ৰহণ

নতুন দিল্লী, ২২ ডিচেম্বৰ: যিসময়ত বিৰোধী দলসমূহৰ দ্বাৰা গঠিত ইণ্ডিয়া মিত্ৰজোঁটে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূর্বে এটা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে দিল্লীৰ যন্তৰ মন্তৰত প্রতিবাদ সাব্যস্ত কৰি আছে, ঠিক এনে সময়তে বিজেপিয়েও আৰম্ভ কৰিছে দলটোৰ নিৰ্বাচনী প্রস্তুতি(BJP National Office-Bearers Meeting) । প্ৰস্তুতিৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াসকলৰ উপস্থিতিত শুকুৰবাৰৰ পৰা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয় (এক্সটেনচন)ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এক গুৰুত্বপূৰ্ণ বৈঠক ।

এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাৰ্যসূচীৰ ৰূপৰেখা নিৰ্ধাৰণ কৰা হ’ব(2024 Lok Sabha elections)। বৈঠকত অংশগ্ৰহণৰ বাবে বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডীও(PM Narendra Modi)। সংসদৰ শীতকালীন অধিৱেশন নিৰ্ধাৰিত সময়সীমাৰ এদিন পূৰ্বে সমাপ্ত হোৱাৰ ঠিক পিছদিনাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত ২০২৪ চনৰ লোকসভা নির্বাচনৰ প্রস্তুতি সন্দর্ভত আলোচনা কৰা হ’ব ।

এক বিশেষ সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে, বৈঠকত দলটোৰ সকলো মৰ্চা আৰু ৰাজ্যিক গোটসমূহে তেওঁলোকৰ বৰ্তমানৰ সাংগঠনিক কাৰ্যকলাপৰ সবিশেষ দাখিল কৰিব। সূত্ৰটোৰ মতে, লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলৰ জ্যেষ্ঠ নেতাসকলে এই মৰ্চা আৰু ৰাজ্যিক গোটসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিব। বৈঠকত কেৱল পাঁচখন ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলৰ ওপৰত আলোচনা কৰাই নহয়, দলটোৰ সকলো মৰ্চাৰ কাৰ্যকলাপৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও দলটোৰ সকলো মৰ্চাক ৰাইজৰ সৈতে উন্নতভাৱে সংযোগ কৰিব পৰাকৈ কেনেকৈ কৰ্মীসকলৰ প্ৰশিক্ষণ উন্নত কৰিব পাৰি সেই বিষয়তো আলোচনা কৰা হ’ব ।

লগতে সম্প্ৰসাৰণ পৰিকল্পনাৰ কল চেণ্টাৰসমূহৰ বিষয়েও আলোচনা কৰা হ’ব। দলটোৱে বিচাৰে যে, শেহতীয়াকৈ হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত তিনিখন ৰাজ্যত চৰকাৰ গঠন কৰাৰ পাছতো কৰ্মীসকলে নিজৰ উৎসাহ বজাই ৰখাটো প্ৰয়োজন আৰু ২০২৪ চনৰ নিৰ্বাচনলৈকে ইয়াক দুৰ্বল হ’বলৈ দিয়াটো উচিত নহয় । লগতে দলটোৱে নিজৰ কৰ্মীসকলক প্ৰতি মুহূৰ্তত এটাই বাৰ্তা দিব বিচাৰিছে যে যিকোনো সাধাৰণ কৰ্মীয়েই এগৰাকী মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ স্থান দখল কৰিব পাৰে।

শেহতীয়াকৈ বিজয়ী তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্রীকেইগৰাকীৰ মুখে এই কথাকে প্রমাণ কৰিছে আৰু দলৰ জ্যেষ্ঠ নেতাসকলেও তেওঁলোকৰ এই বৈঠকত অহৰহ এই কথাৰ ওপৰতে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে । বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ কভাৰেজ সুনিশ্চিত কৰা, শেহতীয়া পাঁচখন বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰীৰ জন্ম জয়ন্তী উপলক্ষ্যে দলটোৰ দেশজোৰা কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, এই বৈঠকত বিজেপিৰ দিল্লী গোটৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ আৰু বিনোদ তাৱদে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক আদৰণি জনায়।

লগতে পঢ়ক: Suspension of MPs from Parliament: সংসদৰ পৰা সাংসদ নিলম্বনৰ বিৰুদ্ধে দেশজুৰি ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিবাদ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),   Facebook,   YouTube,   Threads  তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)