Medicinal Plant market of Northeast: যোৰহাটৰ চিএছআইআৰ-এনইআইএছটিলৈ ২০০ কোটি টকাৰ বিনিয়োগৰ আশ্বাস সৰ্বানন্দ সোণোৱালৰ

শীতলী ভঁৰাল আৰু গৱেষণাৰ সুবিধাৰ সৈতে ঔষধি উদ্ভিদৰ বজাৰ বৃদ্ধি কৰিবলৈ(Medicinal Plant market of Northeast) যোৰহাটৰ চিএছআইআৰ-এনইআইএছটিলৈ ২০০ কোটি টকাৰ বিনিয়োগৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত চিকিৎসাৰ আৰোগ্যকাৰীসকলৰ বাবে ৫০ কোটি টকাৰ বিনিয়োগেৰে এখন চিকিৎসালয় স্থাপন কৰাৰ পৰিকল্পনাৰ কথাও কলে সৰ্বানন্দ সোণোৱালে ।

Union Minister Sarbananda Sonowal assures ₹200 crores investment for CSIR-NEIST in Jorhat, to boost Medicinal Plant market of Northeast
যোৰহাটৰ চিএছআইআৰ-এনইআইএছটিলৈ ২০০ কোটি টকাৰ বিনিয়োগৰ আশ্বাস সৰ্বানন্দ সোণোৱালৰ

যোৰহাট, ২৪ ডিচেম্বৰ: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোৰহাটৰ চিএছআইআৰ-নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজী (চিএছআইআৰ-এনইআইএছটি) পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঔষধি উদ্ভিদ খণ্ডৰ প্ৰসাৰৰ বাবে(Medicinal Plant market of Northeast) প্ৰায় ২০০ কোটি টকাৰ বিনিয়োগৰ বাবে সম্পূৰ্ণ আশ্বাস দিয়ে(₹200 crores investment for CSIR-NEIST in Jorhat)।

ইয়াৰ উদ্দেশ্য হৈছে সবল আন্তঃগাঁথনি সৃষ্টি কৰা যিয়ে বাণিজ্যিক উদ্দেশ্যৰ বাবে ঔষধি উদ্ভিদৰ প্ৰসাৰ শক্তিশালী কৰিব, ঔষধি উদ্দেশ্যৰ বাবে স্থানীয় বনৌষধি উদ্ভিদৰ গৱেষণা আৰু বিকাশ ত্বৰান্বিত কৰিব আৰু লগতে পৰম্পৰাগত চিকিৎসাৰ ধাৰাক গতিশীলতা প্ৰদান কৰিব।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) কয়, “প্ৰকৃতি মাতৃয়ে উত্তৰ-পূবৰ এই সুন্দৰ অঞ্চলটোক সমৃদ্ধ উদ্ভিদেৰে আশীৰ্বাদ দিছে। প্ৰকৃতিৰ এই সমৃদ্ধ অনুগ্ৰহ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব লাগিব যাতে অঞ্চলটোৰ পৰিস্থিতিতন্ত্ৰ বৰ্তি থাকে, আনহাতে পৰম্পৰাগত ঔষধত ভাৰতৰ সমৃদ্ধ ঐতিহ্য বৃদ্ধি কৰাৰ বাবে বনৌষধিৰ পৰা ঔষধি লাভালাভ দায়িত্বশীলভাৱে আহৰণ কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক নেতৃত্বত ভাৰতে পৰম্পৰাগত ঔষধৰ সমৃদ্ধ ঐতিহ্যৰ সৈতে ইয়াৰ গৌৰৱ পুনৰুজ্জীৱিত কৰিছে। এসময়ত কংগ্ৰেছ চৰকাৰৰ অজ্ঞতা, অৱহেলা আৰু অহংকাৰৰ বাবেই আমাৰ চহকী ঐতিহ্য-পৰম্পৰাৰ গৌৰৱ হেৰাই গৈছিল। আমাৰ পৰম্পৰাগত ঔষধৰ সমৃদ্ধ ঐতিহ্য – আয়ুৰ্বেদ, সিদ্ধ, যোগ, ইউনানী, নেচাৰ’পেথি, সোৱা ৰিগ্পা তথা হোমিঅ’পেথিৰ সুফল প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি কাৰ্যকৰীভাৱে প্ৰমাণিত হৈ আহিছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি পৰম্পৰাগত ঔষধৰ ফলাফলক বৈজ্ঞানিকভাৱে অধিক বৈধতা প্ৰদান কৰাৰ বাবে যুক্তিসঙ্গত দৃষ্টিভংগীৰে পুনৰুজ্জীৱিত কৰি আছোঁ যাতে অধিকসংখ্যক লোকে ইয়াৰ লাভালাভ লাভ কৰিব পাৰে। যিহেতু ভাৰতে বিশ্বব্যাপী পৰম্পৰাগত ঔষধৰ পুনৰুত্থানত নেতৃত্ব দিছে, তেনে এক সময়তে উত্তৰ-পূবে ইয়াৰ ঔষধি উদ্ভিদ আৰু বনৌষধিৰ সমৃদ্ধ সম্পদৰ সৈতে ভাৰতৰ আৰোগ্য উদ্যোগৰ বিকাশৰ এক অগ্ৰণী শক্তি হিচাপে কাম কৰিবলৈ অগ্ৰসৰ হৈছে।”

এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ঔষধি উদ্ভিদৰ বজাৰৰ বিশাল সম্ভাৱনাক শক্তিশালী কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চিএছআইআৰ-এনইআইএছটি-ত সামৰ্থ্য বিকাশৰ বাবে প্ৰস্তাৱিত বিনিয়োগৰ ভিতৰত বাণিজ্যিক ব্যৱহাৰৰ বাবে বনৌষধি উদ্ভিদৰ সংৰক্ষণৰ বাবে সোণোৱালে শীতলী ভঁৰাল স্থাপন কৰাৰ সম্ভাৱনা উল্লেখ কৰে। ঔষধি উদ্ভিদৰ বাবে এই বিশেষ শীতলী ভঁৰালসমূহ বিকশিত কৰিবলৈ আনুমানিক ১০০ কোটি টকা বিনিয়োগ কৰা হ’ব। বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ এটা কেন্দ্ৰও স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে যিয়ে অঞ্চলটোৰ পৰা ঔষধি উদ্ভিদৰ গৱেষণা আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে কাম কৰিব। লগতে ৩৫ কোটি টকা ব্যয়েৰে উৎকৰ্ষতাৰ কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছে। পৰম্পৰাগত চিকিৎসাৰ বাবে এখন চিকিৎসালয়ৰ প্ৰস্তাৱ কৰা হৈছে। এই চিকিৎসালয়খনৰ নিৰ্মাণৰ বাবে খৰচ হ’ব ৫০ কোটি টকা।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, চিএছআইআৰ-এনইআইএছটিৰ সঞ্চালক ড০ জি নৰহৰি শাস্ত্ৰী, আঞ্চলিক সহ-সুবিধা কেন্দ্ৰৰ প্ৰধান তদন্তকাৰী ডাঃ মোহন লাল, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ আন আন উচ্চপদস্থ বিষয়াৰ লগতে ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ ব’ৰ্ডৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° চন্দ্ৰ শেখৰ সানৱাল উপস্থিত থাকে ।

লগতে পঢ়ক: Retired police officer shot dead: নামাজ পঢ়ি থকাৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত নিহত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া

(MoJo India –সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে। সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)