No Christmas in Bethlehem: খ্ৰীষ্টমাছৰ দিনাও নিস্প্ৰাণ যীচুৰ জন্মস্থান বেথেলহাম

পেলেষ্টাইনৰ বেথেলহাম চহৰতে জন্মগ্ৰহণ কৰিছিল যীচুয়ে । যীচুখ্ৰীষ্টৰ এই জন্মস্থান বেথেলহাম এতিয়া নিস্তব্ধ । গাজাৰ যুদ্ধৰ বাবে বৰদিনৰ দিনটোতো প্ৰাণহীন বেথেলহাম(No Christmas in Bethlehem)। প্ৰতি বছৰে এই দিনটো উদযাপনৰ বাবে ৰঙীন আলোকসজ্জাৰে সুসজ্জিত কৰি তুলা হয় যদিও এইবাৰ চাৰ্চ অৱ দ্য নেটিভিটিত নাই কোনো উৎসৱমুখৰ পৰিৱেশ, পোহৰ, আনকি বৰদিনৰ গছজোপাও ।

No Christmas in Bethlehem No Christmas tree no joy in Jesus Christ's birthplace Bethlehem
খ্ৰীষ্টমাছৰ দিনাও নিস্প্ৰাণ যীচুৰ জন্মস্থান বেথেলহাম

নিউজ ডেস্ক, ২৫ ডিচেম্বৰ: বিশ্বৰ চৌদিশে এতিয়া বৰদিনৰ আনন্দ-উলাহ। সকলোতে যীচুৰ জন্মদিনক লৈ চলিছে ব্যাপক আয়োজন। কিন্তু এই ব্যাপক আনন্দ-উলাহৰ মাজতো খোদ যীচুৰ জন্মভূমি পেলেষ্টাইনৰ বেথেলহামত নাই কোনো আনন্দ(No Christmas in Bethlehem)। চাৰিওফালে কেৱল মাথো নিমাওমাও পৰিৱেশ। প্ৰতি বছৰে এই দিনটো উদযাপনৰ বাবে ৰঙীন আলোকসজ্জাৰে সুসজ্জিত কৰি তুলা হয় যদিও এইবাৰ চাৰ্চ অৱ দ্য নেটিভিটিত নাই কোনো উৎসৱমুখৰ পৰিৱেশ, পোহৰ, আনকি বৰদিনৰ গছজোপাও ।

গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলে চলোৱা যুদ্ধৰ পৰিপেক্ষিতত পেলেষ্টাইনৰ বেথেলহামত এইবাৰ খ্ৰীষ্টমাছ পালন বন্ধ কৰি দিছে ইজৰাইল চৰকাৰে। বিগত ৭ অক্টোবৰৰ পৰা দক্ষিণ ইজৰাইলত হামাছৰ আক্ৰমণ, তাৰ প্ৰত্যুত্তৰত গাজাত ইজৰাইলৰ সামৰিক আক্ৰমণ । ইয়াৰ পাছতে এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে ইজৰাইল-গাজা। যাৰ বাবে এইবাৰ বেথেলহামত নাই কোনো খ্ৰীষ্টমাছৰ আৱেগ।

এতিয়া যেন বেথেলহামত কেৰলৰ ধ্বনি অতীত হৈ পৰিছে। যি স্থানত যীচুৰ জন্ম হৈছিল, সেই স্থানত অৱস্থিত গিৰ্জাঘৰৰ সন্মুখত এতিয়া মাথো কাঁইটীয়া তাঁৰ আৰু ধ্বংসস্তুপৰ অৱশিষ্টহে দেখিবলৈ পোৱা গৈছে(Jesus Christ’s birthplace Bethlehem) । গাজাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই গিৰ্জাঘৰৰ সন্মুখত ৰখা হৈছে পাথৰৰ দম ।

বেথেলহামত বাস কৰা এজন স্থানীয় লোকৰ মন্তব্য, সকলোদিশে কেৱল মৃত্যুৰ কিৰিলি। এতিয়া আৰু আমাৰ কোনো অতিথি নাই। আমি কোন সতেৰে খ্ৰীষ্টমাছ পালন কৰিম । এতিয়ালৈকে এইটোৱেই হৈছে আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক খ্ৰীষ্টমাছ। খ্ৰীষ্টমাছৰ পৰিপেক্ষিতত বেথেলহাম বন্ধ কৰি দিয়া হৈছে। এতিয়া আমাৰ ইয়াত নাই খ্ৰীষ্টমাছ ট্ৰী, নাই খ্ৰীষ্টমাছৰ আনন্দ ।

এগৰাকী হোটেল কৰ্মচাৰীয়ে এই সন্দৰ্ভত কলে, পূৰ্বে খ্ৰীষ্টমাছৰ সময়ত হোটেলসমূহত যথেষ্ঠ ভিৰ থাকে। কিন্তু ইয়াৰ বিপৰীতে এইবাৰ সকলো শূণ্য । যিসকলে আগতে বুকিং কৰি থৈছিল, তেওঁলোকে এতিয়া বুকিংবোৰ বাতিলহে কৰিছে। বহু পৰ্যটকে আগন্তুক বৰ্ষৰ বাবেও বুক কৰিছিল আমাৰ হোটেলবোৰ। এতিয়া তেওঁলোকেও বুকিং বাতিল কৰিছে । হামাছ ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।

যুদ্ধ কেতিয়াও শান্তিৰ প্ৰতীক হ’ব নোৱাৰে, যুদ্ধই দিয়ে কেৱল ধ্বংস, যুদ্ধই কেৱল কাঢ়ি নিয়ে সুখ-শান্তি। যুদ্ধৰ বাবে এতিয়া যীচুৰ জন্মভূমিত নাই কোনো আনন্দ উচাহ। সকলোফালে কেৱল নীস্তব্ধতা, চৌদিশে কেৱল ধ্বংসস্তুপ আৰু ধ্বংসস্তুপ।

লগতে পঢ়ক: Merry Christmas 2023: দেশজুৰি বৰদিনৰ উদযাপন, ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা জ্ঞাপন

(MoJo India –সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে। সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)