IPS Anand Mishra resigns: IPS বিষয়া আনন্দ মিশ্ৰৰ পদত্যাগ; যোগদান কৰিব প্ৰত্যক্ষ ৰাজনীতিত !

মঙলবাৰে চাকৰিৰ পৰা পদত্যাগ বিচাৰিলে লখিমপুৰৰ আৰক্ষী অধীক্ষক IPS বিষয়া আনন্দ মিশ্ৰই(IPS Anand Mishra resigns) । বিষয়াগৰাকীয়ে ২০২৪ বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে মুখ্য সচিবলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

IPS Anand Mishra resigns from service
চাকৰিৰ পৰা পদত্যাগ IPS আনন্দ মিশ্ৰৰ

গুৱাহাটী, ২৭ ডিচেম্বৰ: লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক তথা বহুচৰ্চিত IPS বিষয়া আনন্দ মিশ্ৰই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰলৈ(IPS Anand Mishra resigns) । ২০২৪ বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰলৈ মিশ্ৰই তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । সম্পূৰ্ণ ব্যক্তিগত কাৰণতে IPSৰ এই পদত্যাগ কৰা বুলি পত্ৰখনত তেওঁ উল্লেখ কৰিছে ।

IPS Anand Mishra resigns from service
চাকৰিৰ পৰা পদত্যাগ IPS আনন্দ মিশ্ৰৰ

উল্লেখ্য যে, ২০১১ চনৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া আনন্দ মিশ্ৰই বিগত সময়ছোৱাত ধুবুৰী, নগাঁও, লখিমপুৰকে ধৰি ৰাজ্যৰ কেবাখনো জিলাত আৰক্ষী অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছে । অৱশ্যে বিভিন্ন সময়ত নানানটা বিতৰ্কৰো কেন্দ্ৰবিন্দু হৈ আহিছিল এইগৰাকী বহুচৰ্চিত IPS বিষয়াই ।

IPS Anand Mishra resigns from service
চাকৰিৰ পৰা পদত্যাগ IPS আনন্দ মিশ্ৰৰ

শেহতীয়াকৈ IPS বিষয়াগৰাকীয়ে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰূপে যোগদান কৰাৰ পিছৰে পৰাই জিলাখনত নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে অসাধু চক্ৰৰ লগত জড়িত বহু অপৰাধীক কৰায়ত্ব কৰিবলৈকো সক্ষম হৈছিল । অৱশ্যে যোৱা কিছুদিনৰ পৰা আনন্দ মিশ্ৰই IPS ৰ চাকৰিৰ পৰা পদত্যাগ কৰি প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হ’ব পাৰে বুলি সৰৱ চৰ্চা চলিছিল । এনে চৰ্চাৰ মাজতে আৰক্ষী বিষয়াগৰাকীয়ে চাকৰী জীৱনৰ পৰা পদত্যাগ কৰাৰ এই ঘটনাই সেই চৰ্চাকে সত্য হোৱাৰ ইংগিত বহন কৰিছে !

উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দ্বায়িত্বৰ লগতে আনন্দ মিশ্ৰক অতিৰিক্ত গুৰুত্বপূৰ্ণ এটা দায়িত্বতো নিয়োগ কৰিছিল । অশান্ত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা বিশেষ তদন্তকাৰী গোট (SIT) ৰ নেতৃত্ব বহন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল আৰক্ষী বিষয়া আনন্দ মিশ্ৰক ৷ সেই মৰ্মে আৰক্ষী বিষয়াগৰাকীয়ে মণিপুৰ হিংসাৰ তদন্তৰ বাবে SIT ৰ নেতৃত্ব দিয়াৰ কথা আছিল যদিও মঙলবাৰে হঠাৎ ৰাজ্য চৰকাৰৰ গৃহ সচিবলৈ প্ৰেৰণ কৰা তেওঁৰ পদত্যাগ পত্ৰই বহুখিনি প্ৰশ্নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Murder In Delhi: যৌন নিৰ্যাতনৰ প্ৰতিশোধ লবলৈকে তিনি নাবালকে হত্যা কৰিলে এজন যুৱকক !