Blast near Israel embassy in Delhi: ইজৰাইলৰ দূতাবাসৰ সমীপত বোমা বিস্ফোৰণ; অনুসন্ধানৰ লগতে অভিযান আৰম্ভ

দিল্লীস্থিত ইজৰাইলী দূতাবাসৰ নিচেই সমীপতে মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক বোমা বিস্ফোৰণৰ ঘটনা(Blast near israel embassy in delhi) । বিস্ফোৰণটোৰ পিছতে সেই স্থানত উপস্থিত নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।

Blast near Israel embassy in Delhi
ইজৰাইলৰ দূতাবাসৰ সমীপত বোমা বিস্ফোৰণ; অনুসন্ধানৰ লগতে অভিযান আৰম্ভ

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ: ৰাজধানী নতুন দিল্লীত বোমা বিস্ফোৰণ। মঙলবাৰে সন্ধিয়া নতুন দিল্লীৰ ইজৰাইলী দূতাবাসৰ সমীপতে এই বোমা বিস্ফোৰণটো সংঘটিত হয়(Blast near Israel embassy in Delhi)। অৱশ্যে দূতাবাসটোৰ সকলো বিষয়া-কৰ্মচাৰী সুকলমে থকা বুলি স্পষ্ট কৰিছে দূতাবাস কৰ্তৃপক্ষই ।

ইজৰাইলী দূতাবাসৰ ভাৰতস্থিত ডেপুটি চীফ অফ দ্য মিছন ওহাদ নাকাছ কায়নাৰে সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি, মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দূতাবাসৰ সমীপতে এই বিস্ফোৰণটো সংঘটিত হয় । অৱশ্যে দিল্লী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে।

উল্লেখ্য যে, বিস্ফোৰণৰ এই ঘটনাৰ পূৰ্বে এটা অজ্ঞাত নম্বৰৰ পৰা আহিছিল এক ৰহস্যজনক ফোনকল । যিকোনো মুহূৰ্ততে দিল্লীত বিস্ফোৰণ হ’ব পাৰে বুলি ভাবুকিটোত উল্লেখ কৰা হৈছিল ৷ লগতে দিল্লীস্থিত ইজৰাইলী দূতাবাসৰ নিচেই সমীপতেও এটা বিস্ফোৰণ সংঘটিত হ’ব বুলি অজ্ঞাত নম্বৰৰ পৰা অহা ফোন কলটোত উল্লেখ কৰিছিল ।

এই বিস্ফোৰণৰ পাছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । ইফালে বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, পিচিআৰ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ দলসমূহ উপস্থিত হয় । ইতিমধ্যে তদন্তকাৰী দলে বিস্ফেোৰণৰ এই ঘটনাটোক লৈ আৰম্ভ কৰিছে তদন্ত । বোমা বিস্ফোৰণটোৰ পূৰ্বে কোনে ক’ৰ পৰা ফোন কৰিছিল, সেই সন্দৰ্ভতো এতিয়ালৈকে পোহৰলৈ অহা নাই কোনো তথ্য ৷ ইতিমধ্যে নিৰাপত্তাৰক্ষীৰ দলে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি চলাই গৈছে তদন্ত ।

ইফালে ঘটনাস্থলীত স্থানীয় প্ৰশাসনৰ লগতে দিল্লী আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হয়হি যদিও বৰ্তমানলৈকে বিভাগীয় বিষয়া অথবা দিল্লী আৰক্ষীয়ে এই লৈ কোনো মন্তব্য প্ৰদান কৰা নাই । অৱশ্যে দিল্লী আৰক্ষীৰ কেইবাটাও দলক সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে নিয়োজিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বৰ্তমান চৰ্চাত আছে ইজৰাইল আৰু হামাছৰ যুদ্ধৰ প্ৰসংগ । সেয়েহে এনে পৰিপেক্ষিতত ইজৰাইলৰ দূতাবাসৰ নিৰাপত্তা পূৰ্বৰে পৰাই কটকটীয়া কৰি তোলা হৈছিল । ইয়াৰ পিছতো দূতাবাসটোৰ সমীপতে এনেদৰে এটা বিস্ফোৰণ সংঘটিত হোৱাত দিল্লী আৰক্ষীকে ধৰি অন্যান্য নিৰাপত্তা সংস্থাসমূহ অধিক সতৰ্ক হৈ পৰিছে ।

লগতে পঢ়ক: No Christmas in Bethlehem: খ্ৰীষ্টমাছৰ দিনাও নিস্প্ৰাণ যীচুৰ জন্মস্থান বেথেলহাম