Covid cases increase in India: ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত ৪১২ গৰাকী, ৫ গৰাকী ৰোগীৰ মৃত্যু

দেশত পুনৰবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক'ভিডে। বিগত ২৪ ঘন্টাত ক’ভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে ৪১২ গৰাকী লোক (Covid Cases increrase in India)। ইয়াৰে কৰ্ণাটকত ৩ গৰাকী আৰু তেলেংগানাত ২ গৰাকী ৰোগী ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

Covid Cases increase in India India records 412 fresh COVID cases
ভাৰতত নতুনকৈ ক'ভিডত আক্ৰান্ত ৪১২ গৰাকী, ৫ গৰাকী ৰোগীৰ মৃত্যু

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ: ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ ক’ভিডত আক্ৰান্ত ৪১২ গৰাকী ৰোগীৰ সংখ্যা পঞ্জীয়ন হোৱাৰ লগতে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪,১৭০ লৈ বৃদ্ধি পাইছে(Covid Cases increase in India)। মঙলবাৰে স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে পুৱা ৮ বজালৈকে আপডেট কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ক’ভিড আক্ৰান্তৰ মুঠ সংখ্যা ৪.৫০ কোটিলৈ (৪,৫০,০৯,৬৬০) বৃদ্ধি পাইছে(India records 412 fresh COVID cases)।

ইফালে দেশত যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ফলত তিনিগৰাকী লোকৰ মৃত্যুৰ পাছত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩৩৭ লৈ বৃদ্ধি পাইছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি কৰ্ণাটকত যোৱা ২৪ ঘন্টাত তিনিগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪,৪৪,৭২,১৫৩ লৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ, আৰু মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ক’ভিড-১৯ বিৰোধী প্ৰতিষেধক(টিকাকৰণ) অভিযানৰ অধীনত এই পৰ্যন্ত দেশত ২২০.৬৭ কোটি ভেকচিন ড’জ প্ৰদান কৰা হৈছে।

লক্ষ্যণীয় যে, মহামাৰী কৰ’ণাই এইবাৰ লাহে লাহে আগুৱাবলৈ আৰম্ভ কৰিছে(New Covid variant JN 1)। দেশৰ বহুকেইখন ৰাজ্যৰ জনসাধাৰণৰ মাজত দেখা গৈছে কৰ’নাৰ লক্ষণ। একে সময়তে কৰ্ণাটকতো ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ৰাজ্যখনত এতিয়ালৈকে ৪৬৬ গৰাকী সক্ৰিয় ৰোগী ধৰা পৰিছে। ইয়াৰে ৪০০ লোক হোম আইছ’লেশ্যনত আছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি চিকিৎসালয়ত ৩৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। একেদৰে আই চি ইউত ৰখা হৈছে ৭ গৰাকী ৰোগীক ।

আনহাতে, তেলেংগানাৰ হায়দৰাবাদতো শেহতীয়াকৈ হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ ওছমানিয়া হাস্পতালত ভৰ্তি হোৱা দুগৰাকী ৰোগীৰ মৃত্যু হৈছে। হাস্পতালখনৰ অধীক্ষকগৰাকীয়ে কয় যে দুয়োগৰাকী ৰোগীৰ কৰ’না টেষ্টৰ প্ৰতিবেদন পজিটিভ আহিছিল আৰু শৰীৰৰ সমস্যা জটিল হোৱাৰ বাবেই তেওঁলোক দুজনে প্ৰাণ হেৰুৱাব লগা হ’ল।

এনে পৰিপেক্ষিতত অনুমান কৰিব পাৰি যে, ক’ভিডৰ নতুন মিউটেণ্টবিধে সকলোকৈ পুনৰবাৰ কঢ়িয়াই আনিছে ভাবুকি । সেয়েহে সকলোৱে পৰিস্কাৰ পৰিচন্নতা বৰ্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰক ।

লগতে পঢ়ক: New Covid variant: পুনৰ কৰ’ণাতংক! ভাৰতত দ্ৰুদ গতিত বাঢ়িছে ক’ভিডৰ নতুন ভেৰিয়েন্ট JN.1 ৰ সংক্ৰমণ