Ulfa-Government peace accord: ২৯ ডিচেম্বৰত স্বাক্ষৰিত হ’ব লগা আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তিত থাকিব কি কি প্ৰসংগ ?

বছৰৰ অন্তত ৰাজ্যবাসীৰক বাবে আহিব এটা ভাল খবৰ । এদিন পাছতে স্বাক্ষৰিত হ'ব ৰাজ্যবাসীৰ বহু প্ৰতীক্ষিত আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি(Ulfa-Government peace accord)। পিছে কি কি থাকিব এই শান্তি চুক্তিত ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Tripartite peace accord between ULFA, Centre, Assam govt on Dec 29 What will be in Ulfa-Government peace accord
২৯ ডিচেম্বৰত স্বাক্ষৰিত হ'ব লগা আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তিত থাকিব কি কি প্ৰসংগ ?

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ: অহা ২৯ ডিচেম্বৰত স্বাক্ষৰিত হ’ব বহু প্ৰতীক্ষিত আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি(Ulfa-Government peace accord)। এটা দশকৰো অধিক কাল ধৰি চলা আলোচনা প্ৰক্ৰিয়াই অৱশেষত লাভ কৰিব এক চূড়ান্ত ৰূপ।

বছৰটোৰ শেষত ৰাজ্যলৈ আহিব এটা ভাল খবৰ । অহা ২৯ ডিচেম্বৰত অসম চৰকাৰৰ উপস্থিতিত কেন্দ্ৰৰে স্বাক্ষৰিত হ’ব আলফাৰ ত্ৰিপাক্ষিক শান্তি চুক্তি। প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে সন্ধিয়া দিল্লীত উপস্থিত বিদ্রোহী সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰীৰ সৈতে মধ্যস্থতাকাৰী এ কে মিশ্রই মঙলবাৰে কৰা এক বৈঠকৰ অন্তত এই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰে।

২৯ ডিচেম্বৰৰ সন্ধিয়া পাঁচ বজাত ৰাজধানী দিল্লীৰ নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ বিভাগৰ কাৰ্যালয়ত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ’ব ত্রিপাক্ষিক চুক্তিখন। প্ৰাপ্ত তথ্য মতে অসমৰ আৰ্থ সামাজিক দিশক সুদূৰ প্রভাৱ বিস্তাৰ কৰিব পৰাকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলফাই স্বাক্ষৰ কৰিবলগীয়া চুক্তিখন হ’ব এখন সর্বাংগীণ চুক্তি।

এই চুক্তিত অসমৰ থলগিৰি জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰক লৈ বিশেষ ব্যবস্থা প্রদান কৰা হ’ব। তাৰোপৰি বিধানসভা আৰু লোকসভাৰ সমষ্টি সংৰক্ষণৰ ক্ষেত্ৰত এটা নির্দিষ্ট সমীকৰণ প্ৰদান কৰা হ’ব।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব শৰ্মা আয়োগৰ পৰামৰ্শ মৰ্মে, অসম চুক্তিৰ ৬ নং দফা অর্থাৎ অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচৰ বিষয়টোও সন্নিৱিষ্ট কৰা হ’ব। লগতে ৰাজ্যৰ সর্বাংগীণ উন্নতিৰ বাবে এক বৃহৎ বিশেষ বিত্তীয় পেকেজৰ ব্যৱস্থাও থাকিব এই চুক্তিত । জানিব পৰা অনুসৰি, পাঁচ বছৰৰ বাবে প্রযোজ্য হ’ব চুক্তিত থাকিব লগা এই পেকেজ।

আনহাতে নিয়াৰিকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্রতিশ্রুতিৰ প্ৰসংগও উল্লেখ থাকিব চুক্তিখনত। লগতে আলফা নেতা- কেডাৰৰ বিৰুদ্ধে থকা বিভিন্ন গোচৰ প্ৰত্যাহাৰ কৰি তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থাও এই চুক্তিত অন্তৰ্ভূক্ত কৰা হ’ব।

স্বাভাৱিকতেই এক দশকৰো অধিক কাল ধৰি চলা আলোচনাৰ অন্তত স্বাক্ষৰ হ’বলগীয়া এই চুক্তিৰ বাবে আগ্রহেৰে বাট চাই আছে অসমবাসীয়ে । লগতে চুক্তিখনক লৈ আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুবাৰ প্রতিক্রিয়াও হ’ব মন কৰিবলগীয়া বিষয়।

উল্লেখ্য যে, ২০১১ চনত প্রাক্তন কেন্দ্রীয় গৃহ মন্ত্রী পি চিদাম্বৰমক আলফা নেতৃবর্গই তেওঁলোকৰ দাবী চনদখন আনুষ্ঠানিকভাৱে দাখিল কৰিছিল। সেই সময়ত মধ্যস্থতাকাৰী হিচাপে প্রথমতে কেন্দ্রীয় চোৰাংচোৱাৰ প্রাক্তন মুৰব্বী পি চি হালদাৰ আৰু এ কে মাথুৰৰ পাছত এ কে মিশ্রই আলোচনাপন্থী আলফা গোটটোৰ সৈতে আলোচনা প্রক্রিয়া আগুৱাই নিছিল।

লগতে পঢ়ক: IPS Anand Mishra resigns: IPS বিষয়া আনন্দ মিশ্ৰৰ পদত্যাগ; যোগদান কৰিব প্ৰত্যক্ষ ৰাজনীতিত !