Sri Sri Narayan Gunamora Satra: আপুৰুগীয়া শতাধিক সাঁচি পাতৰ পুথি, প্ৰাক-আহোম যুগৰ কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ কলিয়াবৰৰ এখন বুৰঞ্জী প্ৰসিদ্ধ সত্ৰ

বুৰঞ্জী প্ৰসিদ্ধ শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰ কলিয়াবৰৰ অন্তৰ্গত ছ-অৰা সত্ৰৰ অন্যতম এখন সত্ৰ(Sri Sri Narayan Gunamora Satra) । এই গোনামৰা সত্ৰতে সংৰক্ষিত হৈ আছে শতাধিক আপুৰুগীয়া সাঁচি পাতৰ পুথি । সবিশেষ জানো আহক ৰূপজ্যোতি গোস্বামীৰ এই প্ৰতিবেদনটিৰ জৰিয়তে ...

Hundreds of rare inscriptions and monuments of pre-Ahom era at Sri Sri Narayan Gunamora Satra in Kaliabor
আপুৰুগীয়া শতাধিক সাঁচি পাতৰ পুথি, প্ৰাক-আহোম যুগৰ কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ কলিয়াবৰৰ এখন বুৰঞ্জী প্ৰসিদ্ধ সত্ৰ

শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰ কলিয়াবৰৰ ছ-অৰা সত্ৰৰ অন্যতম সত্ৰ(Sri Sri Narayan Gunamora Satra)। ১৮১৬ চনত মানৰ আক্ৰমণৰ সময়তে জয়কৃষ্ণৰ নাতি ৰূপনাৰায়ণে এই সত্ৰখন স্থাপন কৰিছিল। এই সত্ৰত আছে আপুৰুগীয়া সাঁচি পাতৰ পুথি। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰ পৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে। অসমৰ সাহিত্যৰ প্ৰথম চানেকি স্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত।

পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলৰ তত্ত্বাৱধানত অসমৰ চুকে কোণে সিঁচৰিত হৈ থা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ’বলৈ ধৰে। এই পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগ্ৰহীত আৰু সংৰক্ষিত হৈ আছে।

কলিয়াবৰৰ ৰূপনাৰায়ণৰ গোনামৰা সত্ৰত সংৰক্ষিত হৈ আছে তেনে আপুৰুগীয়া সাঁচি পাতৰ পুথি। সংৰক্ষিত এই সাঁচি পাতৰ পুথিসমূহ ২০১০ চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰই সত্ৰখনতে বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ দিহা কৰাৰ লগতে পুথিসমূহৰ অবিকল ৰূপ কলাক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰে । বৰ্তমান দুজনা গুৰু প্ৰণীত পুথিৰ লগতে সমসাময়িক আৰু পৰৱৰ্তী সময়ৰ গুৰুসকলৰ প্ৰণীত ১২২খন সাঁচি পাতৰ পুথি শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰত সংৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত – কীৰ্তন-ঘোষা, ভক্তি ৰত্নাৱলী, ভক্তি প্ৰদীপ, দশম স্কন্ধ ভাগৱত, অনাদি পাতন, নৌ বৰগীত, ৰাম বিজয় নাট, পাৰিজাত হৰণ নাট, হৰিবংশ, হৰিশ্চন্দ্ৰ, নাম ঘোষা, চোৰধৰা নাট আদি।

তদুপৰি, মহাভাৰত, ন-ঘোষা, গুৰু চৰিত, জ্যোতিষ শাস্ত্ৰ, চিকিৎসা নিদানমূলক গ্ৰন্থকে ধৰি বহু আপুৰুগীয়া সাঁচিপতীয়া পুথি এই সত্ৰত সংৰক্ষিত হৈ আছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত কুশদেৱ মহন্তই জনোৱা মতে, এই গ্ৰন্থসমূহ বহু গৱেষকৰ অধ্যয়ণৰ সমলৰূপে পৰিচিত হৈ আহিছে। বিশেষকৈ সত্ৰৰ নৈমিত্যিক নাম-প্ৰসঙ্গৰ সময়ত এতিয়াও সাঁচি পাতৰ পুথি পঢ়াৰ পৰম্পৰা অব্যাহত আছে।

তদুপৰি, আহোমৰ ৰণথলী ৰূপে স্বীকৃত এই ইতিহাস প্ৰসিদ্ধ কলিয়াবৰৰ শ্ৰীশ্ৰী ৰূপনাৰায়ণ গোনামৰা সত্ৰত প্ৰাক-আহোম যুগৰ কীৰ্তিচিহ্ন¸ ভাস্কৰ্য উদ্ধাৰ হৈছিল। উদ্ধাৰ হোৱা এটা শিলাখণ্ডত লিপিবদ্ধ হৈ থকা কথাংশৰ পাঠোদ্ধাৰ হ’লে কলিয়াবৰৰ ইতিহাসত নিশ্চিতৰূপে আন এক পৃষ্ঠাৰ সংযোগ হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য ইতিহাসবিদৰ।

১৮১৬ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত কলিয়াবৰৰ শ্ৰীশ্ৰী ৰূপনাৰায়ণ গোনামৰা সত্ৰত উদ্ধাৰ হৈছিল প্ৰাচীন শিলৰ মূৰ্তিসহ কেইটামান শিলাখণ্ড আৰু উৰল। এটি শিলাখণ্ডত এন্দুৰৰ ওপৰত এটা গনেশৰ মূৰ্তি ক্ষুদিত কৰা দেখা পোৱা গৈছে। যি কেইটা শিলাখণ্ড পোৱা গৈছে ইয়াৰ আটাইকেইটা গ্ৰেনাইট শিলৰ। শিলা খণ্ডসমূহ প্ৰত্যক্ষ কৰি কলিয়াবৰৰ ইতিহাস গৱেষক তথা লেখক বিপুল কুমাৰ ভট্টাচাৰ্যই শিলাখণ্ডসমূহ প্ৰাক-আহোম যুগৰ অষ্টম শতিকাৰ শালস্তম্ভ ৰজাৰ দিনত ব্যৱহাৰ হোৱা বুলি প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে¸ যোৱাটো বছৰৰ মাৰ্চ মাহত কীৰ্তন গৃহ পুনৰ নিৰ্মান কৰা অৱস্থাত থকা সত্ৰখনিৰ এটা খুটা নতুনকৈ নিৰ্মাণৰ বাবে খান্দোতে এই আপুৰুগীয়া শিলা খণ্ডসমূহ মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল। অৱশ্যে, এই বিষয়ত এতিয়ালৈকে অসম চৰকাৰৰ স্থাপত্য আৰু প্ৰত্নতত্ব বিভাগে কি দৰে গুৰুত্ব দিছে সেই বিষয়ে জনা নগ’ল। এতিয়াও এই সমলসমূহ সত্ৰৰ নামঘৰত সংৰক্ষিত হৈ আছে।

উল্লেখযোগ্য যে, মানৰ আক্ৰমণত এই সত্ৰ বৰ্তমান মৰিগাঁও জিলাৰ গোনামৰা নামৰ এখন বিলৰ পাৰত ৰূপনাৰায়ণৰ তৃতীয় পুত্ৰ বিকাৰাম দেউয়ে স্থাপন কৰিছিল। মানৰ আক্ৰমণ শাম কাটিলত কলিয়াবৰ মূল সত্ৰৰ স্থানত বিকাৰাম দেউৰ বৰপুত্ৰ শ্ৰীৰাম আতাই পূৰ্বৰ সত্ৰৰ পৰা কিছু দূৰত গোনামৰা বিলৰ স্মৃতিত শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰ স্থাপন কৰে। এই সত্ৰত গোনামৰা বিলত লাভ কৰাত গুৰুজনাৰ পদশিলা প্ৰতিষ্ঠা কৰা আছে। এই সত্ৰত এতিয়াও সত্ৰীয়া পৰম্পৰা জীয়াই ৰখাৰ প্ৰচেষ্টা চলাই আহিছে।

লগতে পঢ়ক: Covid cases increase in India: ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত ৪১২ গৰাকী, ৫ গৰাকী ৰোগীৰ মৃত্যু