ULFA-Centre-Assam peace accord: স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ ঐতিহাসিক শান্তিচুক্তি

অৱশেষত স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ মাজৰ বহু প্ৰতিক্ষিত ঐতিহাসিক শান্তিচুক্তিখন(ULFA-Centre-Assam peace accord) । ৰাজধানী দিল্লীৰ নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ১৩ বছৰজোৰা আলোচনা প্ৰক্ৰিয়াটোত অন্তিম মোহৰ মাৰি স্বাক্ষৰ কৰিলে ত্ৰিপাক্ষিক শান্তিচুক্তিত ৷

ULFA-Centre-Assam peace accord ULFA, Centre, Assam govt sign tripartite peace accord
স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ ঐতিহাসিক শান্তিচুক্তি

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: অৱশেষত স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ মাজৰ ঐতিহাসিক শান্তিচুক্তি(ULFA-Centre-Assam peace accord) । শুকুৰবাৰে বিয়লি ৰাজধানী দিল্লীৰ নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ সভাকক্ষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলফাৰ ১৩ বছৰজোৰা আলোচনাৰ প্ৰক্ৰিয়াক সামৰণি মাৰি স্বাক্ষৰ কৰিলে ত্ৰিপাক্ষিক শান্তিচুক্তিত ।

আজিৰ এই ঐতিহাসিক শান্তি চুক্তিখনত স্বাক্ষৰ কৰা আলফা নেতাসকল হ’ল, সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশধৰ চৌধুৰী আৰু সাংস্কৃতিক সম্পাদক প্ৰণতি ডেকা ।

এই শান্তি চুক্তিৰ অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰে । তাৰোপৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিখনত স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা, আই বিৰ সঞ্চালক প্ৰধান তপন ডেকাকে ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ আমোলাবৰ্গই ৷

ত্ৰিপাক্ষিক শান্তি চুক্তিখনত স্বাক্ষৰৰ পাছতে দিয়া ভাষণত গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘আজিৰ দিনটো অসমৰ বাবে এক সোণালী দিন ৷ এতিয়াৰে পৰা দিল্লী আৰু অসমৰ মাজত থকা দূৰত্ব আৰু অধিক হ্ৰাস পাব ।’’ লগতে গৃহমন্ত্ৰীগৰাকীয়ে কলে, বিগত পাঁচ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু সীমা সমস্যাৰ লগত জড়িত ৯ খন চুক্তিত স্বাক্ষৰ কৰা হৈছে ।

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘূৰি অহাৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, ১৯৭৯ চনৰে পৰা আলফাৰ এই সংগ্ৰামখনত প্ৰায় ১০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে আৰু যেন সেই অধ্যায়ৰ পুনৰ সূচনা নহয় । আজিৰ এই ঐতিহাসিক শান্তিচুক্তিত অসমৰ বাবে বহুখিনি বৃহৎ পেকেজ আগবঢ়োৱাৰ কথা উল্লেখ কৰি চুক্তিখন এক সুনিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় গহমন্ত্ৰীগৰাকীয়ে ।

আমি সদায় চুক্তিৰ ক্ষেত্ৰত সময়তকৈ আগত থাকোঁ বুলি উল্লেখ কৰি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ বাবে অসম চৰকাৰৰ সৈতে লগ লাগি এখন উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰাৰ কথাও কলে গহমন্ত্ৰীগৰাকীয়ে ৷

শান্তিচুক্তিৰ এই অনুষ্ঠানত শৰণীয়া ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, গৰিয়া-মৰিয়া ছাত্ৰ সন্থা আদিকে ধৰি অসমৰ বহুকেইটা জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনৰৰ প্ৰতিনিধিবৰ্গই অতিথি হিচাবে উপস্থিত থাকে ৷

লগতে পঢ়ক: Sri Sri Narayan Gunamora Satra: আপুৰুগীয়া শতাধিক সাঁচি পাতৰ পুথি, প্ৰাক-আহোম যুগৰ কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ কলিয়াবৰৰ এখন বুৰঞ্জী প্ৰসিদ্ধ সত্ৰ