Adani-Hindenburg row : আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ ৰায়দান

আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ সৈতে জড়িত আবেদনসমূহৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ে ৰায়দান প্ৰদান কৰিব(Adani-Hindenburg row )। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ নৱেম্বৰ মাহত আদালতে সংৰক্ষিত কৰি ৰাখিছিল ইয়াৰ সিদ্ধান্ত ।

Adani-Hindenburg row: Supreme Court to deliver verdict today
আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ ৰায়দান

নতুন দিল্লী, ৩ জানুৱাৰী: আদানী-হিণ্ডেনবাৰ্গ বিবাদৰ সম্পৰ্কীয় বহুকেইটা অভিযোগৰ আৱেদনৰ সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰায়দান ঘোষণা কৰিব(Adani-Hindenburg row )। অভিযোগ অনুসৰি আদানী গ্ৰুপে শ্বেয়াৰৰ মূল্যত খেলিমেলি কৰিছিল। এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ অন্তত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত গঠিত বিচাৰপীঠে ২৪ নৱেম্বৰত এই আবেদন সন্দৰ্ভত নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰিছিল।

এই ৰায় সংৰক্ষিত কৰি আদালতে কৈছিল যে আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰা শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিক বদনাম কৰাৰ কোনো কাৰণ থাকিব নোৱেৰে। উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল যে বজাৰ নিয়ন্ত্ৰকে কি কৰিছিল, তাক সন্দেহ কৰিব পৰাকৈ ইয়াত কোনো সমল নাই।

উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ শুনানিৰ সময়ত ছেবিয়ে উচ্চতম ন্যায়ালয়ক কৈছিল যে আদানি-হিণ্ডেনবাৰ্গ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ ম্যাদ বৃদ্ধি বিচৰা নাই। ইফালে আদালতৰ বিশেষজ্ঞ সমিতিয়ে মে’ মাহত এক অন্তৱৰ্তীকালীন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আদানীৰ কোম্পানীসমূহত খেলিমেলিৰ কোনো স্পষ্ট আৰ্হি দেখা পৰিলক্ষিত নহ’ল। ইয়াৰ উপৰিও কোনো নিয়ামক বিফলতা হোৱাও দেখা নগ’ল।

অৱশ্যে প্ৰতিবেদনখনত ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ছেবিয়ে কৰা কেইবাটাও সংশোধনীৰ কথা উল্লেখ কৰিছিল, যাৰ ফলত নিয়ন্ত্ৰকৰ অনুসন্ধান কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক: Sri Sri Narayan Gunamora Satra: আপুৰুগীয়া শতাধিক সাঁচি পাতৰ পুথি, প্ৰাক-আহোম যুগৰ কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ কলিয়াবৰৰ এখন বুৰঞ্জী প্ৰসিদ্ধ সত্ৰ