New hit and run law: ট্ৰাক চালকৰ প্ৰতিনিধিৰ সৈতে গৃহ সচিবৰ বৈঠক সফল, ধৰ্মঘট সমাপ্ত কৰাৰ আহ্বান

হিট এণ্ড ৰাণৰ নতুন পৰিবহণ আইনখন(New hit and run law)ৰ প্ৰতিবাদত ১ জানুৱাৰীৰ পৰা চলি থকা পৰিবহণকাৰীৰ ধৰ্মঘটৰ অন্ত পেলাবলৈ কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লাই অখিল ভাৰতীয় পৰিবহণ কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয় । এই বৈঠক সাফল্যমণ্ডিত হোৱাৰ লগতে দুয়োপক্ষই এক মিমাংসাত উপনিত হোৱা বুলি জানিব পৰা গৈছে ।

Truckers to end strike over new hit-and-run law after meeting with Union Home Secretary Ajay Kumar Bhalla
ট্ৰাক চালকৰ প্ৰতিনিধিৰ সৈতে গৃহ সচিবৰ বৈঠক সফল, ধৰ্মঘট সমাপ্ত কৰাৰ আহ্বান

নতুন দিল্লী ৩ জানুৱাৰী: ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশজুৰি পৰিবহণকাৰীসকলে চলাই থকা ধৰ্মঘটৰ মাজতে মঙলবাৰে দেশৰ কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লাই নতুন দিল্লীৰ নৰ্থ ব্লকত অখিল ভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিবৰ্গৰে এক বৈঠকৰ আহ্বান কৰে(New hit and run law)। গৃহ মন্ত্ৰণালয়ৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, বৈঠকৰ সময়ত ভল্লাই ভাৰতীয় ন্যায়িক সংহিতাৰ (BNS) বিভিন্ন ধাৰা সন্দৰ্ভত স্পষ্টতা প্ৰদান কৰে।

অখিল ভাৰতীয় পৰিবহণ কংগ্ৰেছৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহ সচিব অজয় ​​ভল্লাই(Union Home Secretary Ajay Kumar Bhalla) কয় যে ‘আজি আমি আখিল ভাৰতীয় পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন আইনখনৰ সন্দৰ্ভত আলোচনাত মিলিত হও। চৰকাৰে জনাব বিচাৰিছে যে নতুন আইন আৰু ব্যৱস্থাসমূহ এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই। লগতে আমি ক’ব বিচাৰো যে ভাৰতীয় ন্যায়িক সংহিতাৰ ধাৰা ১০৬(২) কাৰ্যকৰী কৰাৰ পূৰ্বে অখিল ভাৰতীয় পৰিবহণ কংগ্ৰেছৰ লগত আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

এই বৈঠকৰ পাছতে আখিল ভাৰতীয় পৰিবহণ কংগ্ৰেছে(AIMTC) সমগ্ৰ দেশৰ ট্ৰাক চালকসকলক উদ্দেশ্যি কয় যে, যে চৰকাৰ আৰু আমাৰ মাজত মিমাংসা হৈছে। সেয়েহে পৰিবহণ ধৰ্মঘটৰ অন্ত পেলাবৰ বাবে দেশৰ সমূহ ট্ৰাক চালকক আমি আহ্বান জনাইছো । লগতে AIMTCৰ প্ৰতিনিধি দলটোৱে কয় যে নতুন আইনখন কাৰ্যকৰী নকৰাৰ প্ৰসংগত চৰকাৰে আমাক আস্থা প্ৰদান কৰিছে।

দ্ৰুত আৰু গাফিলতিৰে গাড়ী চলোৱাৰ গোচৰত সৰ্বাধিক দহ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা থকা ভাৰতীয় দণ্ডবিধিৰ সলনি নতুনকৈ প্ৰণয়ন কৰা বিএনএছৰ ধাৰা ১০৬ ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি পৰিবহণকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল । তাৰোপৰি পৰিবহণ সংস্থাসমূহেও ১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছিল।

গৃহ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে কোনো ঘটনাস্থলীৰ পৰা পলায়ন কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সঁহাৰি জনাই শাস্তিৰ সময়সীমা সৰ্বোচ্চ দহ বছৰলৈকে বৃদ্ধি কৰা হৈছে। ইফালে ইয়াৰ বিৰোধিতা কৰি চালকসকলে আৰম্ভ কৰা দেশজোৰা ধৰ্মঘটৰ পিছতে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ পেট্ৰ’ল পাম্পসমূহত দিঘলীয়া শাৰী দেখা গৈছিল, কাৰণ পৰিবহণকাৰীসকলে পেট্ৰ’ল আৰু অন্যান্য লুব্ৰিকেণ্টৰ পৰিবহণো বন্ধ কৰি দিছিল।

গৃহ মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ‘উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ বাবে হিট এণ্ড ৰাণ গোচৰত শাস্তিৰ সময়সীমা ১০ বছৰলৈ বৃদ্ধি কৰা হৈছে। উচ্চতম ন্যায়ালয়ে কেইবাটাও গোচৰত কৈছে যে যিসকল চালকে অসাৱধানতাৰে বাহন চলায়, দুৰ্ঘটনা সংঘটিত কৰে, কাৰোবাৰ মৃত্যু ঘটায় আৰু তাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’

আইনখনৰ উদ্ধৃতি দি বিষয়াগৰাকীয়ে কয়, ‘বিএনএছ (ভাৰতীয় দণ্ডবিধি)ৰ ১০৬(১) আৰু ১০৬(২) উপ-ধাৰাৰ পৰা এইটো স্পষ্ট যে – যদি কোনো ব্যক্তিয়ে তৎক্ষণাৎ এজন আৰক্ষী বিষয়া বা দণ্ডাধীশক দ্ৰুত গতিত গাড়ী চলোৱাৰ ফলত হোৱা দুৰ্ঘটনাৰ বিষয়ে ৰিপৰ্ট কৰে, তেন্তে ব্যক্তিজনক উপ-ধাৰা ১০৬(২)ৰ অধীনত অভিযুক্ত কৰা নহ’ব। তাৰ পৰিৱৰ্তে ব্যক্তিজনৰ বিৰুদ্ধে ১০৬(১) ধাৰাত অভিযুক্ত কৰা হ’ব, য’ত শাস্তি কম হ’ব, অৰ্থাৎ ৫ বছৰলৈকে কাৰাবাস খাটিব লাগিব ।”

“আনহাতে উপ-ধাৰা ১০৬(২)ত ১০ বছৰলৈকে শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ধাৰা ১০৬(১) এতিয়াও জামিনযোগ্য অপৰাধ, আনহাতে ধাৰা ১০৬(২)ক জামিনহীন কৰি তোলা হৈছে,” এই কথা উল্লেখ কৰি বিষয়াজনে লগতে কয় যে, আইনখনৰ বিষয়ে সজাগতাৰ অভাৱৰ বাবেই বৰ্তমান বিবাদৰ সৃষ্টি হৈছে।

আখিল ভাৰতীয় পৰিবহণ কংগ্ৰেছৰ বিষয়ববীসকলে চৰকাৰৰ এই কঠোৰ ব্যৱস্থাৰ ফলত চালকসকলৰ বাবে অসুবিধাৰ সৃষ্টি হ’ব বুলি উল্লেখ কৰি ইয়াৰ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছিল। আখিল ভাৰতীয় পৰিবহণ কংগ্ৰেছ হৈছে সমগ্ৰ দেশৰ ট্ৰাক চালকসকলৰ এটা প্ৰধান সংস্থা । এআইএমটিচিৰ সভাপতি অমৃতলাল মদনে সাংবাদিকৰ আগত কয় যে ‘ভাৰতীয় ন্যায়িক সংহিতাৰ হিট এণ্ড ৰান গোচৰৰ সৈতে জড়িত বিধানসমূহ চৰকাৰে প্ৰত্যাহাৰ কৰা উচিত।’

দিল্লীত এখন সংবাদমেলত এ আই এম টি চিৰ সভাপতি বাল মলকিত সিঙে কয়, ‘এই ক’লা আইনখনৰ এটাই সমাধান হৈছে ইয়াক বাতিল কৰা। বলটো চৰকাৰৰ আদালতত আছে। চৰকাৰ, গৃহ মন্ত্ৰণালয়, গৃহমন্ত্ৰী বা উচ্চপদস্থ বিষয়াসকলৰ পৰা চালকসকললৈ এটা বাৰ্তা যাব লাগে যাতে তেওঁলোকে চিন্তা কৰিব নালাগে। এই আইনখন সম্পূৰ্ণৰূপে ভুল, ইয়াক পৰামৰ্শ অবিহনে প্ৰস্তুত কৰা হৈছে।’

লগতে পঢ়ক: Adani-Hindenburg row : আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ ৰায়দান