Attack in Iran: ইৰাণৰ সেনাধ্যক্ষ কাছিম চুলেমানীৰ সমাধিৰ সমীপত ভয়াৱহ বিস্ফোৰণ, ৭৩ জন নিহত

ইৰাণৰ জেনেৰেল কাছিম চুলেমানীৰ সমাধিৰ সমীপত সংঘটিত হয় দুটাকৈ বিস্ফোৰণ(Attack in Iran)। এই বিস্ফোৰণত কমেও ৭৩ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে। ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই বিস্ফোৰণত ১৭০ জনতকৈ অধিক লোক আহত হৈছে। আজি আছিল চুলেমানীৰ মৃত্যু বাৰ্ষিকী।

Attack in Iran Bomb blasts near Iran general Qasem Soleimanis tomb kill 73
ইৰাণৰ সেনাধ্যক্ষ কাছিম চুলেমানীৰ সমাধিৰ সমীপত ভয়াৱহ বিস্ফোৰণ, ৭৩ জন নিহত

ইণ্টাৰনেশ্যনেল ডেস্ক,৩ জানুৱাৰী: বুধবাৰে ইৰাণত সংঘটিত বোমা বিস্ফোৰণত ৭৩ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে(Attack in Iran) । দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ২০২০ চনত আমেৰিকাৰ বিমান আক্ৰমণত নিহত ইৰাণৰ জনপ্ৰিয় জেনেৰেল কাছেম চুলেমানীক তেওঁৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজিত এক অনুষ্ঠানত সংঘটিত বিস্ফোৰণত কমেও ৭৩ জন লোক নিহত হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হয়(Bomb blasts near Iran general Qasem Soleimanis tomb)। চুলেমানীৰ সমাধিৰ ঠিক সমীপতে সংঘটিত হয় দুটাকৈ ভয়াৱহ বিস্ফোৰণ।

গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলে চলাই থকা যুদ্ধক লৈ মধ্যপ্ৰাচ্যত হৈ থকা ব্যাপক উত্তেজনাৰ মাজতে দেশখনৰ এজন জ্যেষ্ঠ বিষয়াই এই বিস্ফোৰণক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে। অৱশ্যে এই আক্ৰমণ কোনে সংঘটিত কৰিলে সেয়া তেওঁ উল্লেখ কৰা নাছিল।

উল্লেখ্য যে, শেহতীয়া সপ্তাহকেইটাত ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰই সন্দেহ প্ৰকাশ কৰিছিল যে লোহিত সাগৰৰ মাজেৰে পাৰ হৈ যোৱা জাহাজবোৰত ইৰাণৰ সহায়ত ড্ৰ’ন আক্ৰমণ চলোৱা হৈছে। অৱশ্যে ইৰাণে এই অভিযোগ অস্বীকাৰ কৰিছিল।

লগতে পঢ়ক: FIR Against Asaduddin Owaisi: ৰাম মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত ওৱেইছি; হিন্দু সেনাই দাখিল কৰিলে এজাহাৰ