দৃশ্য-শ্ৰাব্য মাধ্যমৰ নতুন সংযোজন অ’টিটি প্লেটফৰ্মসমূহে চিনেমা আৰু টেলিভিচন অনুষ্ঠানবোৰৰ প্ৰতিদ্বন্দী হৈ উঠা সময়তে এটা অস্বস্তিকৰ প্ৰশ্নই ৰুচিবান দৰ্শকসকলক চিন্তাত পেলাইছে(Agenda Behind Entertainment) । চিনেমাত থকা চেন্সৰ বোৰ্ডৰ বান্ধোন নথকা বাবে অ’টিটি প্লেটফৰ্মসমূহত যি ধৰণৰ ৰুচিহীন আৰু অশালীন সামগ্ৰীৰ প্ৰদৰ্শন হ’বলৈ আৰম্ভ কৰিছে সি সমাজ আৰু সংস্কৃতিৰ বাবে এক বিপদজনক অনুশীলনৰ আৰম্ভণি কৰা নাইনে বাৰু ? ‘অ’টিটি কা মায়াজাল’ নামৰ হিন্দী গ্ৰন্থখনৰ যোগেদি এনে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিছে সাংবাদিক লেখক অনন্ত বিজয়ে(Anant Vijays OTT ka Mayajaal) । এইখন তেখেতৰ শেহতীয়া গ্ৰন্থ আৰু সম্ভবতঃ অ’টিটি বিষয়ক প্ৰথম ভাৰতীয় গ্ৰন্থ । অনন্ত বিজয় হৈছে এগৰাকী চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সাহিত্যৰ আলোচক আৰু ৰাজনৈতিক বিশ্লেষক । এই গ্ৰন্থখনৰ মাজেৰে তেখেতৰ এই আটাইকেইটি পৰিচয় প্ৰকাশিত হৈছে, কেৱল ৰচনাশৈলীত সাহিত্যিকৰ তুলনাত তেখেতৰ সাংবাদিক মানসিকতাৰ অধিক প্ৰতিফলন ঘটিছে; ফলত লেখাবোৰ হিন্দীৰ সতে পৰিচয় থকা অহিন্দীভাষী পাঠকৰ বাবেও সহজপাঠ হিচাপে প্ৰতিষ্ঠিত হৈছে ।
অ’টিটি মূলতঃ চিনেমা আৰু তাৰ লগত সাদৃশ্য থকা দৃশ্য-শ্ৰাব্য অনুষ্ঠান প্ৰচাৰৰ এটা প্লেটফৰ্ম । এই গ্ৰন্থখনত মূলতঃ আলোচনা কৰা হৈছে হিন্দী ভাষাত প্ৰচাৰিত অনুষ্ঠানৰ বিষয়ে । কৰোণা কালত চিনেমা হলবোৰ বন্ধ হৈ আছিল, মানুহ গৃহবন্দী হৈ আছিল আৰু চিনেমাপ্ৰিয় দৰ্শকৰ বাবে টেলিভিশ্ব্যনেই হৈ উঠিছিল একমাত্ৰ বিনোদন মাধ্যম । সেই সময়তে অ’টিটি প্লেটফৰ্মসমূহে দৰ্শকৰ মনত ভালদৰে বাহ বান্ধিবলৈ সক্ষম হয় আৰু অ’টিটিৰ পৰিচালকসকলেও দৰ্শকক নতুন সোৱাদ দিয়াৰ পৰিকল্পনা আৰম্ভ কৰে । অ’টিটি-ত আছিল পুৰণি জনপ্ৰিয় চিনেমা আৰু তাৰ স্থান দখল কৰিবলৈ ল’লে নতুন চিনেমাই; বিশেষকৈ চিত্ৰগৃহত বিফল হোৱা চিনেমাবোৰে । এটা সময়ত চিনেমা হলবোৰ খুলিলেও দৰ্শকৰ সীমাবদ্ধতা আৰু অ’টিটিৰ জনপ্ৰিয়তাৰ বাবে এই প্লেটফৰ্মতেই নতুন হিন্দী চিনেমা মুক্তি দিয়াৰ ব্যবস্থাও আৰম্ভ হ’ল । একেলগে আৰম্ভ হ’ল অ’টিটিৰ বাবে চিনেমা নিৰ্মাণ । আৰু আৰম্ভ হ’ল টিভি ধাৰাবাহিকৰ শৈলীত ৱেব চিৰিজ ।
বিশেষকৈ এই ৱেব চিৰিজবোৰৰ যোগেদি দৰ্শকক আকৰ্ষণ কৰা সহজ উপাদান হিচাপে ব্যৱহাৰ কৰা হ’ল অশ্ৰাব্য গালি-গালাজ, হিংসাত্মক দৃশ্য আৰু অশালীন যৌন দৃশ্য । চিনেমাৰ বাবে থকা চেন্সৰ বোৰ্ডে এনে দৃশ্যাৱলীৰ ওপৰত নজৰ ৰাখে; কিন্তু অ’টিটিৰ বাবে তেনেকুৱা একো নিয়ন্ত্ৰণ ব্যৱস্থা নোহোৱাৰ সুৰুঙাৰে ভালেমান নিৰ্মাতাই এক অকল্পনীয় স্বাধীনতা গ্ৰহন কৰিলে । যাৰ ফল হ’ল সৃষ্টিৰ জগতত আন এক অৰাজকতা ।
অনুৰাগ কাশ্যপৰ দৰে পৰিচালকে চিনেমাত বাস্তৱতাৰ নামত ব্যাপক হাৰত অশ্ৰাব্য গালি-গালাজৰ ব্যৱহাৰ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি থৈছিল । অ’টিটিৰ বাধাহীন আৰু নিয়ন্ত্ৰণহীন পৰিবেশে তেওঁক দিয়া উৎসাহ প্ৰতিফলিত হ’ল ‘চেকৰেদ গেমছ’ নামৰ চিৰিজখনত । অনন্ত বিজয়ে সঠিক ভাৱেই মন্তব্য কৰিছে -‘যেতিয়া কোনো প্ৰকাৰৰ বন্ধন নাথাকে আৰু কোনো ধৰণৰ কৈফিয়ৎ দিয়াৰ প্ৰয়োজন নাথাকে, তেতিয়াই স্বাধীনতা সলনি হৈ যায় অৰাজকতালৈ ।’ তেখেতে আৰু লেখিছে – ‘ আচলতে এনে ধৰণৰ মানুহে নিজৰ অসমৰ্থতা ঢাকিবলৈ গালি, হিংসা আৰু যৌন দৃশ্যৰ সহায় লয় ।’
অ’টিটি প্লেটফৰ্মৰ বাবে যে অকল যৌনতা-হিংস্ৰতাৰ উপাদান থকা চিনেমা বা চিৰিজ নিৰ্মাণ কৰা হৈছে তেনে নহয়, সুস্থ মনোৰঞ্জ নথকা, বাস্তৱতা থকা চিৰিজো নিৰ্মাণ কৰা হৈছে । লেখকে তেনে কেইবাখনো চিৰিজৰ বিস্তাৰিত আলোচনাৰে বিষয়টিৰ সন্তুলন ৰক্ষা কৰিছে, লেখক হিচাপে নিজৰ দায়িত্বও সম্পূৰ্ণভাৱে পালন কৰিছে ।
অ’টিটিৰ অনুষ্ঠানবোৰৰ মাজেৰে কৌশলীভাৱে কৰি থকা ‘ফেক নেৰেটিভ’ নিমাৰ্ণৰ কথা লেখক অনন্ত বিজয়ে মনযোগেৰে লক্ষ্য কৰিছে আৰু বাখ্যা কৰিছে । হিন্দী ছবিত হিন্দু বিৰোধী আৰু মুছলমান স্তুতিকৰণৰ যি নেৰেটিভ নিৰ্মাণ কৰা হৈছিল, সেই একেই নেৰেটিভ পৃথক ধৰণে অ’টিটিৰ মাজতো দেখা গৈছে । বিনোদনৰ আৱৰণেৰে নিৰ্মিত এজেন্দা প্ৰচাৰৰ কৌশলবোৰ নিয়ন্ত্ৰিত হয় ৰাজনৈতিক শক্তিৰ মগজুৰ দ্বাৰা । ইয়াত হয় নিৰ্মাতাজনৰ ৰাজনৈতিক বিশ্বাস বা লাভৰ অংক অথবা কোনোবা প্ৰভাবী শক্তিৰ আশীৰ্বাদ প্ৰাপ্তিৰ লক্ষ্য নিহিত হৈ থাকে । ৰাজনৈতিক দৃষ্টিকোণেৰে বৰ্তমানক বিশ্লেষণ কৰা সময়ত দুটি বস্তুৰ প্ৰয়োজন- অতীতৰ ৰাজনৈতিক জ্ঞান আৰু তাৰ পোহৰত ভৱিষ্যতৰ কথা অনুমান কৰিব পৰা শক্তি ।
এসময়ৰ প্ৰখ্যাত চিত্ৰ নিৰ্মাতা দীপা মেহতাৰ ৱেব চিৰিজ ‘লেইলা’ৰ আলোচনাৰ সময়ত লেখকে ৰাজনৈতিক পৃষ্ঠভূমি ঠিক ভাৱেই বিচাৰ কৰিছে । ‘ কলাক ৰাজনীতিৰ আখৰাথলীলৈ ৰূপান্তৰ কৰা হৈছিল । এয়া কৰা হৈছিল ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পাচত । সমগ্ৰ দেশৰ ৰাইজে দেখা পাইছিল কেনেদৰে সাহিত্য-সংস্কৃতি জগতৰ কিছু সংখ্যক লেখক, শিল্পী, চিত্ৰ নিৰ্মাতা আদিয়ে নিজৰ সৃজনাত্মক কামৰ লগত ৰাজনীতিক সাঙুৰি দিছিল । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু একে গোত্ৰীয় কিছুমান সংগঠনক অত্যন্ত গোড়া হিচাপে চিহ্নিত কৰি এখন ভয়াবহ চিত্ৰ প্ৰস্তুত আৰু প্ৰচাৰ কৰা হৈছিল ।’ সেই এজেন্দাৰ অংশ আছিল দীপা মেহতাৰ ‘লেইলা’ ৷ ‘লেইলা’ক কাল্পনিক কাহিনী হিচাপে কোৱা হলেও তাত অংকণ কৰা ভবিষ্যতৰ ভয়াৱহ ৰূপৰ লগত সংঘক কেন্দ্ৰ কৰি প্ৰচাৰ কৰা এজেন্দাৰ চিত্ৰ সংযোগ কৰা হৈছিল । এই ধৰণৰ আৰু ভালেমান এজেন্দাৰ কথা অনন্ত বিজয়ে তথ্য সহকাৰে বিশ্লেষণ কৰিছে । তেনেদৰে ৰুচ কমিউনিষ্টৰ দলে ভাৰতীয় ছবিক নিজৰ এজেন্দাৰ অংশ হিচাপে ব্যৱহাৰ কৰা কাহিনী কেনেদৰে ‘জুবিলী’ নামৰ ৱেব চিৰিজত প্ৰকাশ পাইছে তাকো সুন্দৰকৈ বৰ্ণনা কৰিছে । লেখকে দেবানন্দৰ আত্মজীৱনী ‘ৰোমান্সিং উইথ লাইফ’ৰ প্ৰসংগও এই কথাৰ সমৰ্থনত ব্যবহাৰ কৰিছে ।
সামগ্ৰিক ভাৱে এই গ্ৰন্থখনে নৱতম বিনোদন মাধ্যমটিৰ যোগেৰে হ’ব পৰা কলাত্মক কাম আৰু এজেন্দা নিৰ্মাণৰ প্ৰক্ৰিয়া দুয়োটাকে গভীৰভাৱে বিশ্লেষণ কৰিছে আৰু পাঠকক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হৈছে । শিল্পৰ লগত ৰাজনীতিৰ সম্বন্ধ ইমান দিনে একপক্ষীয় ধৰণে বিচাৰ কৰা হৈছিল । অনন্ত বিজয়ে সেই সীমাবদ্ধতাৰ বেৰ ভাঙি দিছে । ইয়াতেই গ্ৰন্থখনৰ সাৰ্থকতা ।
প্ৰভাত প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য তিনিশ টকা । আঞ্চলিক ভাষাসমূহলৈ গ্ৰন্থখন অনুবাদ হোৱাটো জৰুৰী ।
পুনশ্চ: এটা কথা এইখিনিতে উল্লেখ কৰিব পাৰি যে, লেখকে গ্ৰন্থখন মা কামাখ্যা মন্দিৰত সমৰ্পণ কৰিহে বিক্ৰিৰ বাবে মুকলি কৰি দিছিল ।