Encounter in Jammu Kashmir: কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত থকাৰ তথ্য লাভ কৰা হৈছে(Encounter in Jammu Kashmir)। আৰক্ষী, চিআৰপিএফ আৰু সেনাৰ এটা যুটীয়া দলে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল। ইয়াৰ পিছতেই সেই স্থানত উপস্থিত নিৰাপত্তা বাহিনীৰ দলটোলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত নিৰাপত্তা বাহিনীৰ দলটোয়েও গুলীচালনাৰে ইয়াৰ প্ৰত্যুত্তৰত দিয়ে ।

Encounter in Jammu Kashmir Encounter between security forces and terrorists underway in Jammu and Kashmir
কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত

নেশ্যনেল ডেস্ক, ৪ জানুৱাৰী: জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ(Encounter in Jammu Kashmir)। আৰক্ষীয়ে জনোৱা অনুসৰি, দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ আদিগাম অঞ্চলত বুধবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘটিত হয় গুলীচালনাৰ ঘটনা।

আৰক্ষীৰ এক সূত্ৰই জনোৱা অনুসৰি আৰক্ষী, চিআৰপিএফ আৰু সেনাৰ এটা যুটীয়া দলে আদিগাম গাঁৱত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছতে অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰিছিল।

নিৰাপত্তা বাহিনীৰ যুটীয়া দলটোয়ে সন্দেহজনক সেই স্থানত উপস্থিত হোৱাৰ লগে লগে সন্ত্ৰাসবাদীৰ দলটোৱে গুলীবৰ্ষণ আৰম্ভ কৰে, যাৰ পিছতে নিৰাপত্তা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। শেহতীয়া তথ্য অনুসৰি, নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ এতিয়াও অব্যাহত আছে(Encounter between security forces and terrorists underway)। বাতৰি লিখাৰ সময়লৈকে কোনো লোক হতাহত বা আহত হোৱাৰ খবৰ পোৱা নাই। অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ আৰিহাল গাঁৱত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছিল। নিহত সন্ত্ৰাসবাদীটোক লস্কৰ-ই-তৈবা (LeT) ৰ সদস্য বুলি চিনাক্ত কৰা হৈছিল।

গাঁৱখনত এটা সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে চোৰাংচোৱাৰ পৰা পোৱা তথ্যৰ ভিত্তিত পুলৱামা আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ দ্বাৰা এক যুটীয়া দলে ঘেৰাও চলাই অভিযান আৰম্ভ কৰিছিল। অভিযানৰ সময়চোৱাত নিৰাপত্তা বাহিনীৰ যুটীয়া দলটোৱে গাঁওখনত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীটোৰ পৰা নিৰ্বিচাৰ গুলীচালনাৰ সন্মুখীন হৈছিল।

লগতে পঢ়ক: Attack in Iran: ইৰাণৰ সেনাধ্যক্ষ কাছিম চুলেমানীৰ সমাধিৰ সমীপত ভয়াৱহ বিস্ফোৰণ, ৭৩ জন নিহত