FIR Against Asaduddin Owaisi: ৰাম মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত ওৱেইছি; হিন্দু সেনাই দাখিল কৰিলে এজাহাৰ

ৰাম মন্দিৰক লৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰি বিপদত পৰিছে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি(FIR Against Asaduddin Owaisi)। এই মন্তব্যৰ পিছতে হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই ওৱেইছিৰ এই মন্তব্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীক দাখিল কৰিছে এখন এজাহাৰ ।

Hindu Sena Files FIR Against Asaduddin Owaisi For Inflammatory Statements Against Ram Mandir In Ayodhya
ৰাম মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত ওৱেইছি; হিন্দু সেনাই দাখিল কৰিলে এজাহাৰ

নতুন দিল্লী, ৩ জানুৱাৰী: ৰাম মন্দিৰক লৈ উচতনিমূলক ভাষণ দিয়াৰ অভিযোগেৰে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছীৰ বিৰুদ্ধে হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই দিল্লী আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে(FIR Against Asaduddin Owaisi)। বিষ্ণু গুপ্তাই ওৱেইছিৰ বিৰুদ্ধে মুছলমান যুৱক-যুৱতীসকলক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে ওৱেইছিয়ে উচটনিমূলক বক্তব্য প্ৰদান কৰি দেশত সাম্প্ৰদায়িক বিভেদ বিয়পাব বিচাৰিছে।

মুছলমান যুৱকসকলক প্ৰৰোচিত কৰাৰ উদ্দেশ্যেৰে ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ওৱেইছিয়ে আগবঢ়াইছে কিছুমান বিতৰ্কিত মন্তব্য । তেওঁৰ এই মন্তব্য ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ নিজৰ সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ সামূহিক সমৰ্থন আৰু শক্তি বজাই ৰাখিবলৈ আৰু তেওঁলোকৰ মছজিদসমূহ জনবসতিপূৰ্ণ কৰি ৰাখিবলৈ আহ্বান জনাইছে। মুছলমান যুৱক-যুৱতীসকলক উদ্দেশ্যি দিয়া মন্তব্যটোত তেওঁ কয়, ‘মই তোমালোকক কৈছোঁ, আমি আমাৰ মছজিদ হেৰুৱাইছো আৰু তাত কি কৰা হৈছে সেয়া তোমালোকে দেখিছা। যুৱক-যুৱতীসকল, তোমালোকৰ হৃদয়ত দুখ লগা নাই ? ” তেওঁ আৰু কয় যে, আজি আমাৰ হাতত সেই স্থান নাই য’ত আমি ৫০০ বছৰ ধৰি প্ৰণাম কৰিছিলো।

ইয়াৰ পিছতে হিন্দু সেনাই ওৱেইছিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দিল্লী আৰক্ষীক দাখিল কৰিছে এখন এজাহাৰ । এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, ওৱেইছিয়ে উচতনিমূলক মন্তব্য প্ৰদান কৰি দেশত সাম্প্ৰদায়িক বিভেদ বিয়পাব বিচাৰিছে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে নিৰ্মাণ কৰা হৈছে ৰাম মন্দিৰ। একে সময়তে মুছলমান পক্ষক মছজিদৰ বাবে সুকীয়াকৈ মাটি দিয়া হৈছে। কিন্তু তেওঁ মুছলমান সমাজৰ যুৱক-যুৱতীসকলক যি ধৰণে উচটনি দিছে সেয়া ভুল হৈছে। হিন্দু সেনাই আৰু কয় যে দুয়োজন ওৱেইছি ভাতৃয়ে দেশত সাম্প্ৰদায়িক উত্তেজনা বিয়পাব বিচাৰে।

লগতে পঢ়ক: New hit and run law: ট্ৰাক চালকৰ প্ৰতিনিধিৰ সৈতে গৃহ সচিবৰ বৈঠক সফল, ধৰ্মঘট সমাপ্ত কৰাৰ আহ্বান