Ram Mandir inauguration: অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত কোনটো মূৰ্তি স্থাপন হ’ব সেয়া স্থিৰ কৰিব সাধুসকলে: জন্মভূমি ন্যাস

অযোধ্যাত তিনিগৰাকী ভাস্কৰ্য শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা মূৰ্তি চূড়ান্ত কৰা হৈছে(Ram Mandir inauguration) । কিন্তু ৰাম জন্মভূমিৰ গৰ্ভগৃহত কোনজনা মূৰ্তি স্থাপন কৰা হ’ব সেইয়া সিদ্ধান্ত লোৱাৰ অধিকাৰ সাধুসকলৰ হাতত আছে । কামেশ্বৰ চৌপালে জানিবলৈ দিয়া অনুসৰি ৰাম মন্দিৰত যি তিনিজনা মূৰ্তি স্থাপন কৰা হ'ব, সেয়া ইতিমধ্যে সাজু হৈছে। তিনিওজনাকে মন্দিৰত স্থাপন কৰা হ'ব; কিন্তু কাক ক'ত স্থাপন কৰা হ'ব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ ইয়ালৈ অহা সাধুসকলৰ হাতত আছে।

Ram Mandir inauguration All three idols of Ramlala ready, says Ram mandir Trust member Kameshwar Chaupal
অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত কোনটো মূৰ্তি স্থাপন হ'ব সেয়া স্থিৰ কৰিব সাধুসকলে: জন্মভূমি ন্যাস

নেশ্যনেল ডেস্ক, ৩ জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ এটা টুইটৰ পিছত সকলোৱে নিশ্চিত হৈছিল যে কৰ্ণাটকৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত মূৰ্তিজনা ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হ’ব(Ram Mandir inauguration)। কিন্তু ৰাম জন্মভূমিৰ ট্ৰাষ্টী কামেশ্বৰ চৌপালৰ এক বক্তব্যৰ পিছতে এক বিভ্ৰান্তিৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে তেওঁৰ মতে অযোধ্যাৰ ৰাম মন্দিৰত তিনিওজন ভাস্কৰ্য শিল্পীৰে মূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে মূৰ্তি নিৰ্মাণৰ দায়িত্ব দিয়া তিনিওজন ভাস্কৰ্য শিল্পীয়ে বহু উৎকৃষ্ট মানৰ মূৰ্তি নিৰ্মাণ কৰিছে। অৱশ্যে গৰ্ভগৃহত তেওঁলোকৰ কোনজনা মূৰ্তি স্থাপন কৰা হ’ব সেয়া সাধুসকলৰ ওপৰত নিৰ্ভৰ কৰিব।

ইফালে এই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এটা টুইটযোগে কয় যে, ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰ বাবে ইতিমধ্যে মূৰ্তি নিৰ্বাচন কৰা হৈছে । গৰ্ভগৃহত কৰ্ণাটকৰ অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত মূৰ্তিজনা স্থাপন কৰা হ’ব । আনহাতে এই সন্দৰ্ভত কামেশ্বৰ চৌপালে কয় যে, আমি এই মূৰ্তিৰ বাবে দেশত কোনো প্ৰতিযোগিতা আয়োজন কৰা নাছিলোঁ। যদিও দেশত অধিক ভাস্কৰ্য শিল্পী আছে, তথাপিও আমি কোনো প্ৰতিযোগিতা আয়োজন কৰা নাছিলো। কাকো এই কাম কৰাৰ অধিকাৰ দিয়া হোৱা নাছিল।

উল্লেখ্য যে, ২২ জানুৱাৰীত ভগৱান শ্ৰীৰামৰ জন্মস্থানত ৰামলালাৰ মূৰ্তিৰ অভিষেকৰ সময় নিৰ্ধাৰণ কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ ভিভিআইপি সকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। সকলো প্ৰস্তুতিও ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। এই দিনটোত বহু ৰীতি-নীতি পালন কৰা হ’ব। এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। ভগৱান ৰামৰ আগমনক লৈ এতিয়া অযোধ্যাৰ প্ৰতিটো কোণ জিলিকি পৰিছে। অযোধ্যাত বিৰাজ কৰিছে এক উখল মাখল পৰিবেশে ।

এইখিনিতে আপোনালোকক জনাও যে, কামেশ্বৰ চৌপাল হৈছে সেইজন ব্যক্তি যিয়ে ৰাম মন্দিৰ আন্দোলনৰ সময়ত সেই স্থানত প্ৰথম চপৰা ইটা স্থাপন কৰিছিল।

লগতে পঢ়ক: FIR Against Asaduddin Owaisi: ৰাম মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত ওৱেইছি; হিন্দু সেনাই দাখিল কৰিলে এজাহাৰ