Road accident in Golaghat: দেৰগাঁৱৰ বালিজানত বনভোজ খাবলৈ যোৱা বাছৰ ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ১২ গৰাকী যাত্ৰীৰ মৃত্যু

দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Golaghat) । বনভোজ খাবলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত । প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাটোত শিশু মহিলাকে ধৰি ১২ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

Many people, including children, killed in Road accident in Golaghat
দেৰগাঁৱৰ বালিজানত বনভোজ খাবলৈ যোৱা বাছৰ ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ১২ গৰাকী যাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ৩ জানুৱাৰী: বুধবাৰে পুৱাই দেৰগাঁৱৰ বালিজানত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Golaghat)। দুৰ্ঘটনাটোত তিনিটি শিশুকে ধৰি ১২ গৰাকী যাত্ৰীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা ৪৫ জনীয়া এটা দলে এখন আলট্ৰা বাছেৰে বনভোজ খাবৰ বাবে গৈ আছিল বগীবিলৰ দিশে । এনে সময়তে ভুল পথেৰে বিপৰীত দিশৰ পৰা তীব্ৰ গতিত অহা এখন কয়লা ভৰ্তি ট্ৰাকে খুন্দা মাৰে যাত্ৰীভৰ্তি বাছখনত ।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, দুয়োখন বাহনৰ মাজত হোৱা সংঘৰ্ষত বাছখনৰ এটা ফাল সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে । প্ৰাথমিক তথ্য অনুসৰি দুৰ্ঘটনাটোত তিনিটি শিশুকে ধৰি ১২ গৰাকী যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটিছে । তাৰোপৰি বাছখনত থকা ৩০ গৰাকীতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে । আহতসকলক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

নিহতসকলৰ আটাইৰে নাম বৰ্তমানলৈকে জানিব পৰা নাই যদিও চিনাক্ত হোৱা লোকসকল ক্ৰমে, পিংকি শইকীয়া, ৰিংকী বৰা, নৱজিৎ শইকীয়া, ১০ বছৰীয়া নিহাৰিকা বৰা, ১৩ বছৰীয়া শুভংকৰ শইকীয়া, দীপালি শইকীয়া, অনিমা শইকীয়া । তাৰোপৰি দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে কেইবাজনো সদস্যৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

সবিশেষ তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।