Asias richest person Adani: এছিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত পুনৰ গৌতম আদানী

ভাৰতীয় উদ্যোগপতি গৌতম আদানী পুনৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে(Asias richest person Adani)। যোৱাটো বছৰৰ ফেব্ৰুৱাৰীত হিণ্ডেনবৰ্গৰ এক প্ৰতিবেদনৰ পিছত তেওঁৰ সম্পত্তিৰ পৰিমান দ্ৰুতগতিত হ্ৰাস পাইছিল। দুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ইয়াৰ এটা সিদ্ধান্তত হিণ্ডেনবৰ্গ প্ৰতিবেদনক তদন্তৰ আধাৰ হিচাপে গঢ়ি তুলিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে আদানী গ্ৰুপৰ সকলোবোৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্যত এক বৃহৎ উত্থান দেখিবলৈ পোৱা গৈছিল(Gautam Adani overtakes Mukesh Ambani)।

Asias richest person Adani Gautam Adani overtakes Mukesh Ambani, reclaims Asia’s richest person spot
এছিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত পুনৰ গৌতম আদানী

নতুন দিল্লী, ৫ জানুৱাৰী: আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে(Asias richest person Adani)। ব্লুমবাৰ্গ বিলিয়নাৰৰ ইনডেক্সত আদানী ১২ নম্বৰ স্থানত আছে। আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ গৈ ৯৭.৬ বিলিয়ন ডলাৰত উপনিত হৈছে। ইয়াৰ বিপৰীতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী ৯৭ বিলিয়ন ডলাৰৰ সম্পত্তিৰ সৈতে এছিয়াৰ ভিতৰত দ্বিতীয় আৰু বিশ্বৰ ১৩ নম্বৰ স্থানত আছে। উল্লেখ্য যে, গৌতম আদানীৰ পূৰ্বে মুকেশ আম্বানী আছিল এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি(Gautam Adani overtakes Mukesh Ambani) ।

ব্লুমবাৰ্গ বিলিয়নাৰৰ ইনডেক্সৰ মতে, নতুন বছৰটোত বিশ্বৰ শীৰ্ষ ২০ জন বিলিয়নাৰ ভিতৰত মাত্ৰ তিনিজনৰহে মুঠ সম্পত্তি বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আছে আদানী আৰু আম্বানীৰ লগতে আমেৰিকাৰ অভিজ্ঞ বিনিয়োগকাৰী ৱাৰেন বাফেট। এই তিনিগৰাকীৰ মাজত গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমান যথেষ্ট বৃদ্ধি পাইছে। মন কৰিব লগীয়া যে, বিগত ২৪ ঘণ্টাত তেওঁৰ সম্পত্তি ৭.৬ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে।

দৰাচলতে গ্ৰুপটোৰ বিৰুদ্ধে হিণ্ডেনবৰ্গৰ প্ৰতিবেদনৰ অভিযোগৰ নতুন তদন্ত বিচাৰি দাখিল কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হোৱাৰ বাবে আদানী গ্ৰুপৰ দহটা তালিকাভুক্ত কোম্পানীয়ে বুধবাৰে তেওঁলোকৰ বজাৰ মূলধনত প্ৰায় ৬৫.৫০০ কোটি টকা বৃদ্ধি কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলস্বৰূপে, বুধবাৰে আদানী গোটৰ কোম্পানীসমূহৰ সংযুক্ত বজাৰ মূলধন ১৪.৪৭ ট্ৰিলিয়নৰ পৰা এদিনতে বৃদ্ধি পাই ১৫.১১ ট্ৰিলিয়ন হয়গৈ। এই লাভৰ বাবেই পুনৰ গৌতম আদানীৰ পৰিয়ালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুকেশ আম্বানীক অতিক্ৰম কৰি ভাৰতৰ আটাইতকৈ ধনী প্ৰমোটাৰৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: Agenda behind entertainment: কলাত্মক স্বাধীনতাৰ নামত অৰাজকতা গ্ৰহনযোগ্য নে ? অ’টিটি-ৰ মায়াজাল